
সেৱা আৰু যাত্ৰীৰ সংখ্যাৰ ক্ষেত্ৰত দেশৰ সৰ্ববৃহৎ বিমান সংস্থা ইণ্ডিগ’ৰ (Indigo) সেৱা ব্যাহত হৈ আছে। যাৰ বাবে লাখ লাখ বিমান যাত্ৰী ক্ষতিগ্ৰস্ত হৈছে। এনে পৰিস্থিতিত কেন্দ্ৰীয় চৰকাৰৰ নিয়ন্ত্ৰিত বিমান নিয়ন্ত্ৰক ডি জি চি এয়ে ব্যক্তিগত বিমান সংস্থাটোক এককালীন ৰেহাই দিছে। সংবাদ সংস্থা পি টি আইৰ এক প্ৰতিবেদন অনুসৰি, পুৰণি গাইডলাইনত উল্লেখ কৰা কিছু নিষেধাজ্ঞা শিথিল কৰা হৈছে।

পূৰ্বৰ গাইডলাইনত উল্লেখ কৰা অনুসৰি, পাইলট বা এয়াৰমেনে লোৱা ছুটী সাপ্তাহিক জিৰণিৰ নিৰ্দিষ্ট সময়ছোৱাত অন্তৰ্ভুক্ত কৰিব নোৱাৰিব। অৰ্থাৎ পাইলটসকলে আগতীয়াকৈ ছুটী লওক বা নলওক, এসপ্তাহত ৪৮ ঘণ্টা জিৰণি দিবই লাগিব। পৰিৱৰ্তিত পৰিস্থিতিত এই ক্ষেত্ৰত নিয়ম শিথিল কৰা হৈছে। সূত্ৰ অনুসৰি, পাইলটৰ ছুটীৰ সময়সীমাও সেই ৪৮ ঘণ্টাত অন্তৰ্ভুক্ত কৰিব পাৰি।
পাইলটৰ নিশাৰ কামৰ সৈতে জড়িত নিয়মসমূহো শিথিল কৰিছে ডি জি চি এয়ে। এই সমস্যাৰ সৈতে মোকাবিলা কৰাৰ ক্ষেত্ৰত পাইলটৰ সহযোগিতাও বিচাৰিছে। ২০২৪ চনৰ জানুৱাৰী মাহত ডি জি চি এয়ে পাইলট আৰু ফ্লাইট এটেণ্ডেণ্টৰ কামৰ সময় নিৰ্ধাৰণ কৰিছিল। সংস্থাটোৱে ‘ফ্লাইট ডিউটি টাইম লিমিটেচন’ নামৰ এটা নিয়ম প্ৰকাশ কৰে। সেই বছৰৰ জুন মাহত এই নিয়ম কাৰ্যকৰী হোৱাৰ কথা আছিল।
কিন্তু ইণ্ডিগ’ আৰু অন্যান্য বিমান সংস্থাৰ আপত্তিৰ বাবে বহু দিনলৈ ইয়াক কাৰ্যকৰী কৰিব পৰা নগ’ল। নৱেম্বৰ মাহত দ্বিতীয় পৰ্যায়ৰ কৰ্মচাৰী নিয়ম কাৰ্যকৰী হোৱাৰ পিছতহে ইণ্ডিগ’ৰ বিমান সেৱা ব্যাহত হৈছিল। কৰ্মচাৰীৰ অভাৱেই এই সংকটৰ কাৰণ বুলি ধাৰণা কৰা হৈছে। কাৰণ নতুন নিয়মত কোনো পাইলট বা বিমান পৰিচাৰিকাক নিৰ্দিষ্ট সময়তকৈ অধিক সময় কৰ্তব্যত ৰখাৰ অনুমতি দিয়া হোৱা নাই।
শুকুৰবাৰে বাতিল কৰা হয় ৬০০ৰো অধিক ইণ্ডিগ’ৰ বিমান। দিল্লী বিমানবন্দৰৰ পৰা মাজনিশা ১২ বজালৈকে কোনো ইণ্ডিগ’ৰ বিমানৰ উৰণ নাই। এই কথা জনাইছে দিল্লী বিমানবন্দৰ কৰ্তৃপক্ষই। আনহাতে, সংবাদ সংস্থা পি টি আয়ে সূত্ৰৰ উদ্ধৃতি দি প্ৰকাশ কৰিছে যে সন্ধিয়া ৬ বজালৈকে কোনো ইণ্ডিগ’ বিমানে চেন্নাই বিমানবন্দৰৰ পৰা উৰা মাৰিব নোৱাৰে।
ইণ্ডিগ’ৱে বৃহস্পতিবাৰে গোটেই দিনটোত মুঠ ৫৫০ খন বিমান বাতিল কৰিছিল। লগতে বৃহস্পতিবাৰে নিশা পুনৰবাৰ যাত্ৰীসকলৰ ওচৰত অব্যাহত থকা ব্যাঘাতৰ বাবে ক্ষমা বিচাৰে। কিন্তু ইয়াৰ ফলত যাত্ৰীসকলৰ ক্ষোভ কমাব পৰা নাই। ইয়াৰ বিপৰীতে বৃহস্পতিবাৰে গোটেই দিনটো দেশৰ বিভিন্ন বিমানবন্দৰত সাধাৰণ অব্যৱস্থা দেখা গ’ল।
ইণ্ডিগ’ৰ যাত্ৰীসকলে অভিযোগ কৰে যে তেওঁলোকে উপযুক্ত খাদ্য আৰু থাকিবলৈ ঠাই নোহোৱাকৈ ঘণ্টাৰ পিছত ঘণ্টা বিমানবন্দৰত অপেক্ষা কৰি আছিল। কিন্তু নিৰ্দিষ্ট গন্তব্যস্থানলৈ যোৱা বিমানখন কেতিয়া যাত্ৰা কৰিব সেই সঠিক সময় ক’ব পৰা নাই বিমান সংস্থাটোৱে।













