
ৰাছিয়াৰ পৰা শক্তি ক্ৰয়ৰ ক্ষেত্ৰত ড’নাল্ড ট্ৰাম্পৰ পৰস্পৰ বিৰোধী স্থিতিৰ ওপৰত প্ৰশ্ন উত্থাপন কৰিছে ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনে। দুদিনীয়া ভ্ৰমণসূচীৰে বৃহস্পতিবাৰে তেওঁ ভাৰতত উপস্থিত হয়।

ইয়াৰ পূৰ্বে মস্কোত ‘ইণ্ডিয়া টুডে’ক সাক্ষাৎকাৰত পুটিনে কয়, “আমেৰিকাই যদি আমাৰ পৰা ইন্ধন কিনিব পাৰে, তেন্তে এই অধিকাৰৰ পৰা ভাৰত কিয় বঞ্চিত হ’ব?”
তুলনামূলকভাৱে ৰাছিয়া-ইউক্ৰেইনৰ যুদ্ধ বন্ধ কৰিবলৈ ট্ৰাম্প প্ৰশাসনে পুটিনৰ দেশৰ পৰা তেল ক্ৰয় কৰাত নিষেধাজ্ঞা আৰোপ কৰিছে। আমেৰিকাৰ নিষেধাজ্ঞাৰ মাজতো ৰাছিয়াৰ পৰা তেল ক্ৰয় কৰি থকাৰ বাবে তেওঁ অধিকাংশ ভাৰতীয় সামগ্ৰীৰ ওপৰত অতিৰিক্ত ২৫ শতাংশ (মুঠ ৫০ শতাংশ) শুল্ক আৰোপ কৰিছে। ইয়াৰ পিছতো অৱশ্যে আমেৰিকাই ৰাছিয়াৰ পৰা ইউৰেনিয়াম আমদানি অব্যাহত ৰাখিছে। এই ইউৰেনিয়াম আমেৰিকাৰ পাৰমাণৱিক উদ্যোগত ইন্ধন হিচাপে ব্যৱহাৰ কৰা হয়। ৰাছিয়াই ৰপ্তানি কৰা ইউৰেনিয়ামৰ ২৫ শতাংশ আমেৰিকালৈ যায়।
এই বিষয়টোৰ কথা উল্লেখ কৰি পুটিনে কয়, “আমেৰিকাই নিজৰ পাৰমাণৱিক শক্তি কেন্দ্ৰৰ বাবে আমাৰ পৰা পাৰমাণৱিক ইন্ধন ক্ৰয় কৰি আছে। সেয়া হ’ল ইউৰেনিয়াম, যিটো আমেৰিকাৰ পাৰমাণৱিক শক্তি কেন্দ্ৰসমূহ চলি থাকিবলৈ ব্যৱহাৰ কৰা হয়।”
ৰাছিয়াৰ ৰাষ্ট্ৰপতিগৰাকীয়ে প্ৰশ্ন উত্থাপন কৰে যে ভাৰতৰ ৰাছিয়াৰ পৰা আমেৰিকাৰ ইন্ধন ক্ৰয় কৰাৰ অধিকাৰ কিয় নাথাকিব। লগতে ট্ৰাম্পৰ সৈতে এই বিষয়ত আলোচনা কৰিবলৈও সাজু বুলি তেওঁ কয়। পুটিনে কয়, “এই বিষয়টো নিবিড়ভাৱে পৰীক্ষা কৰাটো প্ৰয়োজন। আমি ৰাষ্ট্ৰপতি ট্ৰাম্পৰ সৈতে এই বিষয়টোৰ ওপৰত আলোচনা আৰু বিতৰ্ক কৰিবলৈ সাজু।”
অৱশ্যে ট্ৰাম্পৰ শুল্ক নীতিৰ প্ৰত্যক্ষ বিৰোধিতা কৰা নাই পুটিনে। ৰাছিয়াৰ ৰাষ্ট্ৰপতিগৰাকীয়ে কয়, “তেওঁ (ট্ৰাম্পে) নিজৰ সিদ্ধান্ত কাৰ্যকৰী কৰিছে। তেওঁৰ বিভিন্ন উপদেষ্টা আছে। সেই উপদেষ্টাসকলে বিশ্বাস কৰে যে বাণিজ্যিক অংশীদাৰৰ ওপৰত অতিৰিক্ত শুল্ক আৰোপ কৰিলে আমেৰিকাৰ অৰ্থনীতিক লাভৱান হ’ব। মই ভাবোঁ ট্ৰাম্পে সেই বিশ্বাসৰ ভিত্তিত এই নীতি কাৰ্যকৰী কৰিছে।”
একে সময়তে পুটিনে কয় যে ভৱিষ্যতে ৰাছিয়াই কেতিয়াও এই পথ অনুসৰণ নকৰে (যি দেশৰ সৈতে দ্বিপাক্ষিক বাণিজ্য হৈছে সেইবোৰ দেশৰ ওপৰত অতিৰিক্ত শুল্ক আৰোপ কৰা)। তেওঁ কয়, “আমাৰ বিশেষজ্ঞসকলে বিশ্বাস কৰে যে ইয়াত বিপদ আছে। অৱশ্যে এখন দেশে কোনটো অৰ্থনৈতিক নীতি গ্ৰহণ কৰে সেয়া সেই দেশ আৰু ইয়াৰ নেতৃত্বৰ বিষয়। আমি এনেকুৱা একো নকৰো। ভৱিষ্যতেও তেনে কৰাৰ কোনো উদ্দেশ্য নাই।”
উল্লেখ্য যে বৃহস্পতিবাৰে সন্ধিয়া দিল্লীৰ পালাম ইন্দিৰা গান্ধী আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত অৱতৰণ কৰে পুটিনৰ বিমান। ইয়াৰ পিছত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু পুটিনে একেখন গাড়ীতে উঠে। ৩০ ঘণ্টীয়া ভাৰত ভ্ৰমণৰ বাবে উপস্থিত হোৱাৰ পিছত সন্ধিয়া ৭ লোক কল্যাণ মাৰ্গত প্ৰধানমন্ত্ৰীৰ বাসগৃহত তেওঁৰ সন্মানত আয়োজিত নৈশ আহাৰত অংশগ্ৰহণ কৰে পুটিনে।
শুকুৰবাৰে পুৱা ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৰ সৈতে সৌজন্যতামূলক সাক্ষাৎ কৰি ৰাজঘাটস্থিত মহাত্মা গান্ধীৰ সমাধিস্থলত শ্ৰদ্ধাঞ্জলি জনোৱাৰ পিছত পুটিনে গোটেই দিনটো বিভিন্ন কাৰ্যসূচীত অংশগ্ৰহণ কৰিব।










