
এইবাৰ অসম আৰক্ষীৰ (Assam Police) বিভিন্ন পদত বুধবাৰে ৫,৮১৮ গৰাকী প্ৰাৰ্থীক নিযুক্তি-পত্ৰ বিতৰণ ৰাজ্য চৰকাৰৰ। সৰুসজাই ক্ৰীড়া প্ৰকল্পত অনুষ্ঠিত নিযুক্তি-পত্ৰ বিতৰণ অনুষ্ঠানত উপস্থিত থাকে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ লগতে মন্ত্ৰী ৰূপেশ গোৱালা, বিধায়ক অতুল বৰা, ৰমেন্দ্ৰ নাৰায়ণ কলিতা, সিদ্ধাৰ্থ ভট্টাচাৰ্য, মুখ্য সচিব ৰবি কোটা, আৰক্ষী সঞ্চালকপ্ৰধান হৰমিৎ সিং আদি বিষয়াসকল উপস্থিত থাকে।

মুঠ ৫,৮১৮ গৰাকী প্ৰাৰ্থীৰ ভিতৰত উপ-পৰিদৰ্শক আৰু সম-পৰ্যায়ৰ পদত ১৫৬ গৰাকী, কনিষ্টবল (এ বি আৰু ইউ বি) আৰু সম-পর্যায়ৰ পদত ৫,৪১০ গৰাকী আৰু চতুৰ্থ বৰ্গৰ পদত ২৫২ গৰাকীয়ে নিযুক্তি লাভ কৰে। উল্লেখ্য যে অহা ৮ ডিচেম্বৰত চাহ জনজাতিৰ আন ১২০ গৰাকী প্রার্থীক পৃথকে নিযুক্তি-পত্র প্রদান কৰা হ’ব।












