
বিশেষ নিবিড় পুনৰীক্ষণ কাৰ্যসূচী সন্দৰ্ভত ১২ খন ৰাজ্যৰ বিৰোধীৰ তীব্ৰ বিৰোধিতাৰ মাজতে কেন্দ্ৰীয় চৰকাৰে বিষয়টো সংসদত আলোচনা কৰিবলৈ সন্মত হৈছে।

জানিব পৰা মতে, অহা ১০ ডিচেম্বৰত ব্যাপক নিৰ্বাচনী সংস্কাৰৰ বিষয়ে আলোচনা কৰিবলৈ কেন্দ্ৰ আগ্ৰহী। কিন্তু ইণ্ডিয়া টুডেৰ সূত্ৰ মতে, ভোটাৰ তালিকাৰ ‘পুনৰীক্ষণ’ৰ বিষয়টো আলোচনা কৰিবলৈ এতিয়াও সাজু হোৱা নাই বুলি কেন্দ্ৰই দাবী কৰিছে।
কিন্তু বিৰোধীৰ তীব্ৰ হেঁচাত ডিচেম্বৰৰ আৰম্ভণিতে সংসদত সমগ্ৰ দেশৰ এছ আই আৰ সন্দৰ্ভত আলোচনা হ’ব পাৰে। মঙলবাৰে কেন্দ্ৰই কয় যে ‘বন্দে মাতৰমৰ ১৫০ বছৰ’ উপলক্ষে প্ৰথমে সংসদত আলোচনা অনুষ্ঠিত হ’ব লাগে।
যিহেতু বন্দে মাতৰমৰ ১৫০ বছৰীয়া জয়ন্তী ৭ নৱেম্বৰত, গতিকে চৰকাৰে এই বিষয়টোক অগ্ৰাধিকাৰ দিব বিচাৰিছে। সংসদত এছ আই আৰ আলোচনা সন্দৰ্ভত কেন্দ্ৰই কৈছিল, “এছ আই আৰ সন্দৰ্ভত কোনো আলোচনা সম্ভৱ নহয়। যদি বিৰোধীয়ে প্ৰতিবাদ অব্যাহত ৰাখে, তেন্তে চৰকাৰে নিজাকৈ বিধেয়কখন লৈ আগবাঢ়িব।”
কিন্তু বিৰোধীয়ে পৃথক স্থিতি গ্ৰহণ কৰি নিৰ্বাচনী সংস্কাৰ আৰু এছ আই আৰ সম্পৰ্কে প্ৰথমে আলোচনা কৰিব লাগে বুলি দাবী কৰে। তাৰ পিছতহে বন্দে মাতৰমৰ ১৫০ বছৰ উপলক্ষে আলোচনা কৰিব পাৰে বুলি উল্লেখ কৰে।










