
শনিবাৰে বিধানসভাত দাখিল কৰা হয় ছয় জনগোষ্ঠীৰ জনজাতিকৰণ সন্দৰ্ভত মন্ত্রী গোটৰ প্ৰতিবেদন। এই প্ৰতিবেদন দাখিলৰ পিছতে এফালে জনজাতিকৰণ দাবী কৰা জনগোষ্ঠীসমূহৰ মাজত উৎসৱৰ পৰিবেশ বিৰাজ কৰিছে, তাৰ বিপৰীতে পূৰ্বৰ জনজাতিসকলে প্ৰবল বিৰোধ কৰিছে।

তাৰে বহিঃপ্ৰকাশ ঘটে কোকৰাঝাৰত। শনিবাৰে কোকৰাঝাৰৰ দেৱৰগাঁৱৰ বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ পৰা বডোফা নগৰস্থিত বিটিচি সচিবালয়লৈ ইয়াৰ বিৰোধিতাৰে প্ৰতিবাদী সমদল উলিয়ায় ছাত্ৰ-ছাত্ৰীসকলে।
প্ৰতিবাদী ছাত্ৰ-ছাত্ৰীসকলে বিটিচি সচিবালয়ৰ দিশে ৰাওনা হোৱাৰ লগতে হাগ্ৰামা মহিলাৰী, প্ৰমোদ বড়ো, অসম চৰকাৰৰ বিৰুদ্ধে শ্লোগান দিয়ে।
ইয়াৰ পিছত বিটিচি সচিবালয়ৰ মূল প্ৰৱেশদ্বাৰত উপস্থিত হোৱা প্ৰতিবাদকাৰীসকলে উগ্ৰৰূপ ধাৰণ কৰি আৰক্ষীৰ বাধা নেওচি সচিবালয়ৰ ভিতৰত প্ৰৱেশ কৰি লঙ্কাকাণ্ড কৰে। বিধান পৰিষদীয় সদনৰ আচবাব ভাঙি লণ্ড-ভণ্ড কৰি প্ৰতিবাদী জনজাতি ছাত্ৰ-ছাত্ৰীসকলে বিটিচি চৰকাৰে প্ৰদান কৰা এন অ’ চি প্ৰত্যাহাৰ নকৰালৈকে প্ৰতিবাদ অব্যাহত থাকিব বুলি কয়৷
ইয়াৰ পিছত প্ৰতিবাদকাৰী ছাত্ৰ-ছাত্ৰীসকলে অসম চৰকাৰে ছয় জনগোষ্ঠীক জনজাতিকৰণৰ প্ৰস্তাৱ বাতিল কৰাৰ দাবীত কোকৰাঝাৰ জিলা আয়ুক্তৰ জৰিয়তে মুখ্যমন্ত্ৰী, কেন্দ্ৰীয় চৰকাৰৰ জনজাতি পৰিক্ৰমা মন্ত্ৰী আৰু বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰীলৈ স্মাৰক-পত্ৰ প্ৰেৰণ কৰে৷













