
দিল্লীত বিস্ফোৰণ (Red Fort Blast)। লালকিল্লাৰ সমীপত সংঘটিত হয় এক গাড়ী বিস্ফোৰণ। এই বিস্ফোৰণৰ বাবে লালকিল্লা মেট্ৰ’ গে’টত জুই লাগে। আন কেইবাখনো গাড়ীলৈ জুই বিয়পি পৰে। ২৯০০ কেজি বিস্ফোৰক উদ্ধাৰৰ পিছত এই ঘটনাত সন্দেহ বাঢ়িছে। অৱশ্যে বিস্ফোৰণৰ কাৰণ এতিয়াও স্পষ্ট হোৱা নাই। এই বিস্ফোৰণত কমেও ৮ জন লোকৰ মৃত্যু হৈছে।

ঘটনাৰ পিছতে দিল্লীত হাই এলাৰ্ট জাৰি কৰা হৈছে। কেৱল দিল্লীতে নহয়, মুম্বাই আৰু লক্ষ্ণৌত কঠোৰ নিৰাপত্তা জাৰি কৰা হৈছে। দিল্লী অগ্নিনিৰ্বাপক বাহিনীৰ এজন বিষয়াই জনোৱা মতে, গাড়ী বিস্ফোৰণৰ খবৰ পোৱা গৈছে। বিস্ফোৰণৰ পিছতে ওচৰৰ কেইবাখনো গাড়ীলৈ জুই বিয়পি পৰে।
সন্ধিয়া ৬.৫৫ বজাত সংঘটিত হয় এই বিস্ফোৰণ। একাধিক অগ্নিনিৰ্বাপক বাহিনীৰ গাড়ী দ্ৰুতগতিত ঘটনাস্থলীত উপস্থিত হয়। অগ্নিনিৰ্বাপক বাহিনীৰ সূত্ৰই দাবী কৰিছে যে কেইমিনিটমানৰ চেষ্টাৰ অন্তত জুই নিয়ন্ত্ৰণলৈ অনা হয়। অৱশ্যে এই ঘটনাত কেইবাজনো লোক আহত হোৱাৰ খবৰ পোৱা গৈছে। আহতসকলক লগে লগে চিকিৎসালয়লৈ লৈ যোৱা হয়।
লোকনায়ক জয়প্ৰকাশ নাৰায়ণ চিকিৎসালয়ৰ অধীক্ষকে সংবাদ সংস্থা এ এন আইক জনোৱা মতে, ১৫ জন লোকক চিকিৎসালয়লৈ অনা হৈছে। অৱশ্যে চিকিৎসালয়ত উপস্থিত হোৱাৰ পূৰ্বেই ৮ জন লোকৰ মৃত্যু হয়। তিনিজনৰ অৱস্থা সংকটজনক। সংবাদ মাধ্যমৰ সূত্ৰ অনুসৰি, ৰেড ফ’ৰ্ট মেট্ৰ’ৰ ১ নং গে’টৰ পাৰ্কিং লটত ৰখাই থোৱা এখন গাড়ীত বিস্ফোৰণ সংঘটিত হয়।
জুই ক্ষিপ্ৰতাৰে পাৰ্কিং লটত থকা আন কেইবাখনো গাড়ীলৈ বিয়পি পৰে। বিস্ফোৰণৰ কাৰণ নিশ্চিত হোৱা নাই। অৱশ্যে আক্ৰমণৰ সম্ভাৱনা নুই কৰা হোৱা নাই। তথ্য লাভ কৰাৰ পিছতে NIA আৰু NSG উক্ত স্থানত উপস্থিত হয়। ফৰেনছিক দলসমূহো ঘটনাস্থলীলৈ গৈছে।









