ASSAM TIMES POST
নিউজ ডেস্ক: দিল্লী বিধানসভা নিৰ্বাচনৰ প্ৰচাৰ অভিযানৰ সময়ত এটা প্ৰশ্নই শ্ল’গান হিচাপে প্ৰতিফলিত হৈছিল৷ সেয়া আছিল দাম কাক দিব? ‘নাম’ক, নে ‘কাম’ক? ‘নাম’ অৰ্থাৎ নৰেন্দ্ৰ মোডী৷ আনহাতে ‘কাম’ মানি কেজৰিৱাল৷ কাৰণ নিজৰ নাম নহয়, আম আদমি পাৰ্টিৰ নাম নহয়৷ সমগ্ৰ প্ৰচাৰ কেৱল ‘কাম’ৰ নামতে ভোট ভিক্ষা কৰিছিল কেজৰিৱালে৷ যোৱা ৫ বছৰত দিল্লীত যি কৰিছে তেওঁৰ চৰকাৰে তাকে ভোট যুদ্ধত জয়ী হোৱাৰ বাবে যথেষ্ট বুলি বিশ্বাস কৰিছিল কেজৰিৱালে৷ বিনামূলীয়াকৈ বিদ্যুৎ, চৰকাৰী খৰচত স্বাস্থ্য সেৱা, বিনামূল্যে পানী, বিনামূল্যে চৰকাৰী বাছত মহিলাৰ যাতায়াত ব্যৱস্থা এই সকলো কথাৰে ভোটাৰৰ মাজত সোমাই গৈছিল কেজৰিৱাল নেতৃত্বাধীন আম আদমি পাৰ্টি৷ তাৰ পাছতে প্ৰশ্ন উদয় হৈছিল, এই সকলো ‘কাম’ দেখি জনতাই ভোট দিবনে? নে ‘নাম’ দেখি ভোট দিব? আম আদমি পাৰ্টিৰ নিৰ্বাচনী ইস্তাহাৰত ২০১৫ চনত কেজৰিৱালে কৈছিল, ২০০ ইউনিট পৰ্যন্ত বিদ্যুৎ, ৭০০ লিটাৰ পৰ্যন্ত পানী বিনামূল্যে দিব৷ সেই প্ৰতিশ্ৰুতি ৰাখিলে কেজৰিৱালে৷ তাতোকৈ স্বাস্থ্যৰ ক্ষেত্ৰত কেজৰিৱালৰ ‘মহল্লা ক্লিনিক’ প্ৰকল্পই কেন্দ্ৰৰ ‘আয়ুষ্মান ভাৰত’ত প্ৰায় টক্কৰ দিলে বুলি আম আদমি পাৰ্টিয়ে দাবী কৰে৷ এইবাৰ নিৰ্বাচনী প্ৰচাৰত খড়গপুৰ আই আই টিৰ স্নাতক তথা ভাৰতীয় ৰাজহ সেৱাৰ নতুন দিল্লীৰ প্ৰাক্তন আয়কৰ যুটীয়া আয়ুক্ত অৰবিন্দ কেজৰিৱালে নিজৰ ভাষণত বাৰম্বাৰ এনে কথাৰে দিল্লীৰ ভোটাৰৰ মন জয় কৰিছিল৷