ASSAM TIMES POST
নিউজ ডেস্ক: দেশবাসীৰ তীক্ষ্ণ দৃষ্টি থকা দিল্লী বিধানসভা নিৰ্বাচনৰ ভোট গণনা আৰম্ভ হোৱাৰ পূৰ্বে বিজেপিয়ে ৫৫ খন আসন লাভ কৰি ক্ষমতাত অধিষ্ঠিত হোৱাৰ আশা কৰি আছিল৷
মঙলবাৰে ভোট গণনা আৰম্ভ হোৱাৰ পূৰ্বতে এনেদৰে দাবী কৰিছিল বিজেপিৰ নেতা মনোজ তিৱাৰীয়ে৷ নেতাজনে কৈছিল, আমি ৪৮ খনতকৈ অধিক আসন পাম৷ ৫৫ খন আসন পালেও আচৰিত হ’ব লগা নাই৷ কিন্তু ভোট গণনা হোৱাৰ পাছত বুথ ঘুৰি সমীক্ষা আগবঢ়োৱা বিজেপি নেতাজনৰ সকলো হিচাপ নিকাচ নস্যাৎ কৰি পেলালে৷ ইপিনে, এক্সিট পল অনুসৰি অৰবিন্দ কেজৰিৱাল নেতৃত্বাধীন আম আদমি পাৰ্টিয়ে সফলতা লাভ কৰি আছে৷
কেজৰিৱালৰ দলে তৃতীয়বাৰৰ বাবে দিল্লীত ক্ষমতাত অধিষ্ঠিত হোৱাটো ইতিমধ্যে নিশ্চিত হৈ পৰিছে৷ অদ্যাপি ফলাফল ঘোষণা হোৱা নাই যদিও আদ আদমি পাৰ্টি আগবাঢ়ি আছে৷