
এগৰাকী ৫২ বছৰীয়া মহিলাৰ ২৬ বছৰীয়া যুৱকৰ সৈতে ইনষ্টাগ্ৰাম প্ৰফাইলত চিনাকি (Instagram love)। তাৰ পিছত যুৱকজনক বিয়া পাতিবলৈ আৰু পাবলগীয়া ধন ঘূৰাই পাবলৈ অহৰহ হেঁচা প্ৰয়োগ কৰাত প্ৰেমিকাক ডিঙি চেপি হত্যা কৰাৰ অভিযোগ উত্থাপন হৈছে যুৱকজনৰ বিৰুদ্ধে।

তেওঁ মহিলাগৰাকীৰ ডিঙিত চূৰ্ণীৰে বান্ধি হত্যা কৰাৰ অভিযোগ। লগতে মহিলাগৰাকীয়ে তেওঁক প্ৰতাৰণা কৰা বুলিও অভিযোগ উঠিছে। কাৰণ মহিলাগৰাকীয়ে নিজৰ বয়স লুকুৱাই ৰাখি তেওঁৰ প্ৰেমত পৰিছিল। তেওঁ যে চাৰিটা সন্তানৰ মাতৃ সেয়া গোপনে ৰাখিছিল।
যোৱা ১১ আগষ্টত উত্তৰ প্ৰদেশৰ মইনপুৰী জিলাৰ এখন গাঁৱত আৰক্ষীয়ে এগৰাকী অচিনাক্ত মহিলাৰ মৃতদেহ উদ্ধাৰ কৰে। ডিঙিত আঘাতৰ চিন আছিল। মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদনত মহিলাগৰাকীক ডিঙি চেপি হত্যা কৰা বুলি জানিব পৰা গৈছে। উত্তৰ প্ৰদেশৰ বিভিন্ন থানাত অনুসন্ধান চলাই মৃত লোকজনক চিনাক্ত কৰিবলৈ সক্ষম হয়। জানিব পৰা মতে, মহিলাগৰাকী ফাৰৰুখাবাদৰ বাসিন্দা আছিল। পৰিয়ালটোৱে তেওঁ নিৰুদ্দেশ হোৱা বুলি আৰক্ষীৰ ওচৰত এজাহাৰ দাখিল কৰিছিল।
হত্যাকাণ্ডৰ তদন্তৰ সময়তে আৰক্ষীয়ে অৰুণ ৰাজপুত নামৰ এজন যুৱকক গ্ৰেপ্তাৰ কৰে। জেৰাৰ অন্তত পোহৰলৈ আহিছে ২৬ বছৰীয়া অৰুণে ৫২ বছৰীয়া মহিলাগৰাকীক ছ’চিয়েল মিডিয়াত লগ পাইছিল।
সেইটো প্ৰায় ডেৰ বছৰ আগৰ কথা। অৱশ্যে দুমাহমান আগতে দুয়োজনে ইজনে সিজনৰ ফোন নম্বৰ বিনিময় কৰিছিল। তাৰ পৰাই প্ৰেমৰ সম্পৰ্ক আৰম্ভ হয়। দুয়োৱে বিভিন্ন ঠাইত কেইবাবাৰো সাক্ষাৎ কৰিছিল। যোৱা ১০ বা ১১ আগষ্টত প্ৰেমিকক লগ কৰিবলৈ ফাৰুখাবাদৰ পৰা মইনপুৰীলৈ গৈছিল মহিলাগৰাকী। তাৰ পিছতে তেওঁক হত্যা কৰা হৈছিল।
ইফালে ধৃত অৰুণে হত্যাকাণ্ডৰ কথা স্বীকাৰ কৰিছে। যুৱকজনে দাবী কৰিছে যে তেওঁৰ প্ৰেমিকাই তেওঁক প্ৰতাৰণা কৰিছিল। ইয়াৰ পিছত তেওঁক বিয়া কৰাবলৈ জোৰ দিছিল। ইয়াৰ মাজতে তেওঁ প্ৰেমিকাৰ পৰা প্ৰায় ডেৰ লাখ টকা ধাৰ লৈছিল। লগ পোৱাৰ পিছত প্ৰেমিকাই সকলো টকা একেলগে বিচাৰিছিল। তাৰ পিছত তেওঁক হত্যা কৰে।
আৰক্ষীয়ে জনোৱা মতে, অভিযুক্তই দাবী কৰিছে যে তেওঁ ইনষ্টাগ্ৰামত গম পোৱা নাছিল যে তেওঁৰ প্ৰেমিকাৰ বয়স ৫২ বছৰ। কাৰণ মহিলাসকলে ফিল্টাৰ ব্যৱহাৰ কৰি ইনষ্টাগ্ৰামত ছবি পোষ্ট কৰিছিল। অভিযুক্তই ভাবিছিল যে তেওঁৰ প্ৰেমিকা তেওঁৰ বয়সৰ হ’ব বা অলপ ডাঙৰ হ’ব। কিন্তু দেখা-সাক্ষাতৰ সময়তে আৰম্ভ হয় অশান্তি। প্ৰেমিকাক দেখি তেওঁ থতমত খালে।
পিছত তেওঁ গম পালে যে মহিলাগৰাকীৰ এজন স্বামী আৰু চাৰিটা সন্তান আছে। কিন্তু মহিলাগৰাকীয়ে কৈছিল যে তেওঁ স্বামীক এৰি অৰুণৰ লগত ঘৰ পাতিব বিচাৰিছে। যুৱকজনে দাবী কৰে যে বিয়া আৰু ধন ঘূৰাই দিবলৈ অহৰহ হেঁচা প্ৰয়োগ কৰাত তেওঁ বিপাঙত পৰে। তাৰ পিছত খঙতে মহিলাগৰাকীৰ চূৰ্ণীৰে ডিঙি চেপি হত্যা কৰে।
আৰক্ষীয়ে অভিযুক্তক নিজৰ জিম্মাত লৈছে। আৰক্ষীৰ সূত্ৰ অনুসৰি মৃতকৰ স্বামী আৰু অভিযুক্তৰ পিতৃ-মাতৃকে ধৰি পৰিয়ালৰ সদস্যক সোধা-পোছা কৰা হ’ব।










