
য়েমেনত কাৰাবন্দী হৈ থকা ভাৰতীয় নাগৰিক নিমিষা প্ৰিয়াৰ (Nimisha Priya) মৃত্যুদণ্ড ৰোধ কৰিবলৈ ভাৰত চৰকাৰৰ আৰু একো কৰিবলৈ নাই। এই কথা সোমবাৰে উচ্চতম ন্যায়ালয়ত সদৰী কৰে কেন্দ্ৰৰ এটৰ্নী জেনেৰেল আৰ ভেংকটৰমনে।

‘ছেভ নিমিষা প্ৰিয়া একচন কাউন্সিল’ নামৰ এটা সংগঠনে নিমিষাৰ ফাঁচিৰ ওপৰত স্থগিতাদেশ ৰখাৰ বাবে উচ্চতম ন্যায়ালয়ত গোচৰ তৰিছিল। সোমবাৰে ন্যায়াধীশ বিক্ৰম নাথ আৰু ন্যায়াধীশ সন্দীপ মাথেৰৰ বিচাৰপীঠত গোচৰৰ শুনানিত এটৰ্নী জেনেৰেলে নিমিষাৰ মৃত্যুদণ্ডৰ সন্দৰ্ভত কয়, “এয়া দুৰ্ভাগ্যজনক। আমি এটা নিৰ্দিষ্ট পৰ্যায়লৈ যাব পাৰোঁ আৰু আমি সেই পৰ্যায়লৈ গৈছোঁ।”
নিমিষাৰ ফাঁচি বন্ধ কৰিবলৈ কেন্দ্ৰৰ অক্ষমতা প্ৰকাশ কৰি ভেংকটৰমনে কয়, “চৰকাৰে ইয়াতকৈ বেছি একো কৰিব নোৱাৰে। য়েমেনৰ সংবেদনশীলতা চাওক। ভাৰতে এই দেশখনক (য়েমেন) কূটনৈতিকভাৱে স্বীকৃতি দিয়া নাই।”
লগতে চৰকাৰী পৰ্যায়ত ইয়াতকৈ বেছি একো কৰিব নোৱাৰিব বুলিও উচ্চতম ন্যায়ালয়ক অৱগত কৰে। উল্লেখ্য যে ১৬ জুলাইত নিমিষাক ফাঁচি দিয়া হ’ব বুলি য়েমেন চৰকাৰে জনাইছে।
কিন্তু ইমান কম সময়ৰ ভিতৰতে দেশখনৰ চৰকাৰৰ সৈতে কূটনৈতিক আলোচনা কৰি ফাঁচি বাতিল কৰাটো সম্ভৱ নেকি সেই সন্দৰ্ভত প্ৰশ্ন উত্থাপন হৈছিল। অৱশ্যে দুগৰাকী ন্যায়াধীশৰ বিচাৰপীঠে এই গোচৰৰ শুনানি গ্ৰহণ কৰিবলৈ সন্মত হয়। আবেদনকাৰীসকলে কৈছিল যে উচ্চতম ন্যায়ালয়ে য়েমেন চৰকাৰৰ সৈতে কূটনৈতিক আলোচনাৰ জৰিয়তে নিমিষাৰ মুক্তি নিশ্চিত কৰিবলৈ কেন্দ্ৰক নিৰ্দেশ দিব লাগে।
কেৰালাৰ পালাক্কাড জিলাৰ বাসিন্দা নিমিষা ২০০৮ চনত নাৰ্ছ হিচাপে কাম কৰিবলৈ য়েমেনলৈ গৈছিল। স্বামী টমী থমাছ আৰু কন্যাৰ সৈতে য়েমেনত বাস কৰিছিল। ২০১৪ চনত স্বামী আৰু ১১ বছৰীয়া কন্যা ভাৰতলৈ উভতি আহিলেও নিমিষা য়েমেনত থাকি যায়। তেওঁৰ নিজাকৈ ক্লিনিক খোলাৰ মন আছিল। সেই বছৰতে য়েমেনৰ নাগৰিক তালাল আব্দো মাহদিৰ সংস্পৰ্শলৈ আহে তেওঁ। মাহদীয়ে তেওঁক আশ্বাস দিয়ে যে তেওঁ নতুন ক্লিনিক খুলিবলৈ সহায় কৰিব। কাৰণ আইন অনুসৰি য়েমেনত নতুন ব্যৱসায় আৰম্ভ কৰিবলৈ নিমিষাক স্থানীয় অংশীদাৰৰ প্ৰয়োজন আছিল।
সেই অনুসৰি ২০১৫ চনত দুয়োজনে একেলগে নতুন ক্লিনিক খুলিছিল। তেতিয়াৰে পৰাই দুয়োজন অংশীদাৰৰ মাজত মতানৈক্য আৰম্ভ হৈছিল।
অভিযোগ অনুসৰি মাহদীয়ে নিমিষাৰ ধন আৰু পাছপ’ৰ্ট কাঢ়ি লৈ যায়। অভিযোগ অনুসৰি মাহদীয়ে প্ৰহাৰ কৰি তেওঁক ড্ৰাগছ সেৱন কৰিবলৈ বাধ্য কৰাইছিল।
আইনী নথি-পত্ৰত নিমিষাক পত্নী হিচাপে চিনাকি কৰাই দি প্ৰশাসনিক সহায় লোৱাত প্ৰায় বাধা দিছিল। আৰক্ষীৰ কাষ চাপিও তেওঁ সফল নহ’ল। ২০১৭ চনৰ ২৫ জুলাইত নাৰ্ছগৰাকীয়ে মাহদীক টোপনিৰ বেজী দিবলৈ বাধ্য হয়।
নিমিষাই দাবী কৰে যে তেওঁৰ উদ্দেশ্য আছিল মাহদীক শুৱাই দিয়া আৰু পাছপ’ৰ্ট উদ্ধাৰ কৰা। কিন্তু অতিৰিক্ত পৰিমাণৰ বাবে মাহদীৰ মৃত্যু হয়। ইয়াৰ পিছত নাৰ্ছগৰাকীয়ে হানান নামৰ সহকৰ্মী এজনৰ সৈতে মাহদীৰ মৃতদেহটো টুকুৰা টুকুৰ কৰি পানীৰ টেংকিত পেলাই দিয়ে।
সেই মাহতে য়েমেনৰ পৰা পলায়ন কৰাৰ সময়তে নিমিষা ধৰা পৰে। তেতিয়াৰে পৰাই ভাৰতীয় যুৱতীগৰাকী য়েমেনৰ কাৰাগাৰত বন্দী হৈ আছে। য়েমেনৰ এখন আদালতে ২০১৮ চনত মাহদীক হত্যা কৰাৰ অপৰাধত তেওঁক দোষী সাব্যস্ত কৰিছিল। মৃত্যুদণ্ডৰ শাস্তি প্ৰদান কৰা হয় নিমিষাক।
এই সাত বছৰত পৰিয়ালটোৱে ৩৬ বছৰীয়া নিমিষাক বচাবলৈ যৎপৰোনাস্তি চেষ্টা কৰিছে। পৰিয়ালটোৱে ভাৰত চৰকাৰৰো কাষ চাপিছিল। কিন্তু কোনো লাভ নহ’ল। আনকি তেওঁলোকে য়েমেনৰ উচ্চতম ন্যায়ালয়ত ক্ষমা বিচাৰি আবেদন জনাইছিল। যোৱা বছৰ সেই আবেদনো নাকচ কৰা হৈছিল।










