
সকলো সময়তে ইনষ্টাগ্ৰামত ৰিল বনোৱাত ব্যস্ত। হাৰিয়ানাৰ এজন (Haryana Murder Case) ব্যক্তিয়ে নিজৰ কন্যাৰ এই স্বভাৱ মানি ল’ব পৰা নাছিল। বাৰে বাৰে সতৰ্কবাণী দিয়াৰ পিছতো একো পৰিৱৰ্তন নোহোৱাত খঙতে গুলীয়াই হত্যা কৰে কন্যাক। তেওঁ হাৰিয়ানাৰ ৰাজ্যিক পৰ্যায়ৰ টেনিছ খেলুৱৈ আছিল। হাৰিয়ানাৰ গুৰুগ্ৰামৰ সুশান্তলোক অঞ্চলত সংঘটিত হৈছে এই ঘটনা।

আৰক্ষীৰ সূত্ৰ অনুসৰি, মৃত কিশোৰীগৰাকীৰ নাম ৰাধিকা যাদৱ। বৃহস্পতিবাৰে পিতৃয়ে পাঁচজাঁই গুলী চলায়। তাৰে তিনিটাই ৰাধিকাৰ শৰীৰত আঘাত কৰে। লগে লগে তেওঁ মাটিত ঢলি পৰে। ৰক্তাক্ত অৱস্থাত উদ্ধাৰ কৰি চিকিৎসালয়লৈ নিয়াৰ সময়ত চিকিৎসকে পৰীক্ষা কৰি তেওঁক মৃত ঘোষণা কৰে। ইফালে এই ঘটনা পোহৰলৈ অহাৰ পিছতে অঞ্চলটোত উত্তেজনা বিয়পি পৰে। অভিযুক্তক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে।
আৰক্ষীৰ সূত্ৰৰ পৰা জানিব পৰা মতে, জেৰাৰ সময়ত অভিযুক্তই গুলীচালনাৰ কথা স্বীকাৰ কৰে। অভিযুক্তই আৰক্ষীক জনোৱা মতে, তেওঁৰ কন্যাই তেওঁৰ কথা নুশুনে। সকলো সময়তে ছ’চিয়েল মিডিয়াত ৰিল বনাই আছিল। ৰাধিকাক বাৰে বাৰে সকীয়াই দিয়াৰ পিছতো কোনো ফল নধৰাত খঙতে নিজৰ কন্যাক গুলীয়াই হত্যা কৰে। অভিযুক্তৰ পৰা দুটা বন্দুক জব্দ কৰিছে আৰক্ষীয়ে।
দীৰ্ঘদিন ধৰি টেনিছ খেলি আহিছে ৰাধিকাই। ৰাজ্যিক পৰ্যায়ত কেইবাখনো প্ৰতিযোগিতাত জয়লাভো কৰিছে। ৰাধিকা আছিল অঞ্চলটোৰ এখন চিনাকি মুখ। তেওঁৰ মৃত্যুৱে এতিয়া অঞ্চলটোত শোকৰ ছাঁ পেলাইছে।










