
অসমৰ তিনিগৰাকী সাহিত্যিকে লাভ কৰিছে ২০২৫ বৰ্ষৰ সাহিত্য অকাদেমি বঁটা। তেওঁলোক হৈছে গল্পকাৰ সুপ্ৰকাশ ভূঞা, শিশু সাহিত্যিক সুৰেন্দ্ৰ মোহন দাস আৰু বিনয় কুমনাৰ ব্ৰহ্ম ।

সুপ্ৰকাশ দাসে লাভ কৰিছে অসমীয়া ভাষাৰ সাহিত্য অকাডেমি যুৱ বঁটা। আনহাতে, সুৰেন্দ্ৰ মোহন দাস আৰু বিনয় কুমাৰ ব্ৰহ্মই ক্ৰমে অসমীয়া আৰু বড়ো ভাষাৰ বাবে সাহিত্য অকাদেমিৰ শিশু সাহিত্য বঁটা লাভ কৰিছে।
সুপ্ৰকাশ ভূঞাই তেওঁৰ দ্বিতীয় গল্প সংকলন ‘কুঁচিয়ানামা’ৰ বাবে এই বঁটা লাভ কৰিছে৷ আনহাতে, ‘মইনাহঁতৰ পদ্য’ নামৰ শিশুগ্ৰন্থখনৰ বাবে সুৰেন্দ্ৰ মোহন দাস আৰু ‘खान्थि बोसोन आरो आखु दानाय’ (নীতি পৰাদৰ্শ আৰু চৰিত্ৰ গঠন) নামৰ গল্প পুথিৰ বাবে বিনয় কুমাৰ ব্ৰহ্মই সাহিত্য অকাদেমি বঁটা লাভ কৰিছে।











