মধ্যপ্ৰদেশৰ ইন্দোৰৰ এজন যুৱকৰ নৱবিবাহিতা পত্নী সোণম ৰঘুবংশীক (Sonam Raghuvansi) স্বামীক হত্যাৰ অভিযোগত গ্ৰেপ্তাৰ কৰা হৈছে। সোমবাৰে উত্তৰ প্ৰদেশৰ গাজীপুৰৰ এখন ধাবাৰ পৰা তেওঁক গ্ৰেপ্তাৰ কৰে। তেওঁক লৈ মেঘালয়লৈ ৰাওনা হৈছে শ্বিলং আৰক্ষী।

সূত্ৰ অনুসৰি প্ৰথমে তেওঁক পথেৰে বিহাৰলৈ লৈ যোৱা হয়। তাৰ পিছত কলকাতালৈ। তাৰ পৰা তেওঁক গুৱাহাটী হৈ শ্লিলঙলৈ যোৱা হ’ব। আৰক্ষীৰ সূত্ৰৰ পৰা জানিব পৰা মতে, গ্ৰেপ্তাৰ হোৱাৰ পিছৰে পৰা সোণমে এটাও কথা কোৱা নাই।
গাজীপুৰৰ পৰা বিহাৰলৈ যোৱাৰ পথত সোণমে আৰক্ষীক কোনো উত্তৰ দিব বিচৰা নাছিল। খাবলৈ দিলেও খাব নিবিচাৰে। বাৰে বাৰে খাদ্য খাবলৈ ক’লেও স্পষ্টকৈ ‘নাখাওঁ’ বুলি কয়। আৰক্ষীৰ সূত্ৰ অনুসৰি, সোণমে বাৰে বাৰে তেওঁলোকক কয় যে তেওঁৰ মূৰৰ তীব্ৰ বিষ হৈছে।
তেওঁ ভালদৰে শুব পৰা নাছিল। ৰাজপথত কেইবাবাৰো গাড়ীখন ৰখাই দিয়া হয়। সোণমক জিৰণি লোৱাৰো ব্যৱস্থা কৰা হ’ল। কিন্তু সোণমে সেই কথাত সন্মতি নিদিলে। বাৰে বাৰে কিবা সুধিলেও সোণম মনে মনে থাকে। যেতিয়াই প্ৰশ্ন কৰা হয়, তেওঁ মাত্ৰ উত্তৰ দিয়ে, “মোৰ মূৰটো বিষাইছে।”
সোণমক গ্ৰেপ্তাৰ কৰাৰ পিছত মেঘালয় আৰক্ষীয়ে তেওঁক শ্বিলঙলৈ আনিছে। উত্তৰ প্ৰদেশৰ আৰক্ষীও লগত আছে। তেওঁলোকে উত্তৰ প্ৰদেশ সীমান্ত পাৰ কৰি দিয়ে। ইয়াৰ পিছতে গাড়ীখন বিহাৰ পায়হি। বিহাৰ আৰক্ষীয়ে গাড়ীখনক সুৰক্ষা প্ৰদান কৰে। বৰ্তমান মেঘালয় আৰক্ষীৰ বাবে ডাঙৰ প্ৰত্যাহ্বান হৈছে সোণমক জেৰা কৰি ঘটনা সন্দৰ্ভত সম্যক তথ্য লাভ কৰা।
কাৰণ এই ঘটনাই মেঘালয় প্ৰশাসন আৰু আৰক্ষীৰ ফালে আঙুলি টোঁৱাইছে। যদিও মেঘালয় আৰক্ষীয়েই এই নিৰুদ্দেশৰ ৰহস্য উন্মোচন কৰিছে, কিন্তু কেইবাটাও প্ৰশ্ন এতিয়াও ৰহস্য হৈয়ে আছে যিবোৰ প্ৰশ্নৰ উত্তৰ কেৱল সোণমেহে দিব পাৰে বুলি তদন্তকাৰীয়ে বিশ্বাস কৰে।