ইন্টেলিজেন্স, চাৰ্ভিলেন্স, টাৰ্গেট একুইজিচন এণ্ড ৰিকনাইচেন্স (ISTAR)– এইখন হৈছে শত্ৰুৰ গতিবিধি গোপনে চোৱাচিতাৰ বাবে ব্যৱহাৰ কৰা এক অত্যাধুনিক চোৰাংচোৱা বিমান।

সংবাদ সংস্থা এএনআয়ে প্ৰকাশ কৰা অনুসৰি, প্ৰতিৰক্ষা মন্ত্ৰালয়ে ভাৰতীয় বায়ুসেনাৰ বাবে ১০ হাজাৰ কোটি টকা ব্যয়েৰে প্ৰথমে তিনিখন আইষ্টাৰ ক্ৰয় কৰাৰ নীতিগত সিদ্ধান্ত ল’বলৈ ওলাইছে। চলিত মাহত ‘মে’ক ইন ইণ্ডিয়া’ প্ৰকল্পৰ অধীনত এই পদক্ষেপক আনুষ্ঠানিকভাৱে অনুমোদন দিবলৈ ওলাইছে প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙৰ নেতৃত্বত ‘ডিফেন্স এক্ভিজিচন কমিটী’য়ে।
নতুন চোৰাংচোৱা বিমানসমূহে ভাৰতীয় বায়ুসেনাৰ চোৰাংচোৱাৰ ক্ষমতা বহু পৰিমাণে বৃদ্ধি কৰিব। এইবোৰে ‘বায়ুৰ পৰা মাটিলৈ চোৰাংচোৱা’ তথ্য প্ৰদান কৰিব। সেই তথ্য ব্যৱহাৰ কৰি শত্ৰুৰ ৰাডাৰ ষ্টেচন আৰু বায়ু প্ৰতিৰক্ষা ইউনিটে শত্ৰুৰ ঘাটিত অধিক নিখুঁতভাৱে আক্ৰমণ কৰিব পাৰিব।
ইণ্ডিয়ান ডিফেন্স ৰিচাৰ্চ এণ্ড ডেভেলপমেণ্ট অৰ্গেনাইজেশ্যনৰ চেণ্টাৰ ফৰ এয়াৰবৰ্ণ চিষ্টেমছৰ বিজ্ঞানীসকলে ইতিমধ্যে আইষ্টাৰৰ সফলতাৰে পৰীক্ষা কৰিছে। যদিহে এই চোৰাংচোৱা বিমানখন বায়ুসেনাৰ হাতলৈ আহে তেন্তে ভৱিষ্যতে পাকিস্তানৰ মাটিত আক্ৰমণ কৰাত অধিক সফল হ’ব পাৰে।