মুম্বাইৰ সমীপত এখন স্থানীয় ৰে’লৰ (Mumbai Local Train) পৰা পৰি চাৰিজন লোকৰ মৃত্যু হোৱাৰ পাছত ৰে’লৱেয়ে যাত্ৰীৰ সুৰক্ষাৰ প্ৰতি অধিক সজাগ হৈ পৰিছে। এইবাৰ মুম্বাইৰ সকলো স্থানীয় ৰে’লত স্বয়ংক্ৰিয় দুৱাৰ স্থাপন কৰা হ’ব।

সোমবাৰে পুৱা মুম্বাইত যাত্ৰীভৰ্তি ৰে’লৰ দুৱাৰৰ পৰা পৰি চাৰিজন লোকৰ মৃত্যু হয়। আহত হয় আৰু ৯ জন। প্ৰতিজনে ৰে’লৰ দুৱাৰত ওলমি আছিল। ৰে’লৱে ব’ৰ্ডৰ তথ্য আৰু প্ৰচাৰ বিভাগৰ সঞ্চালক দিলীপ কুমাৰে কয় যে মহাৰাষ্ট্ৰত সংঘটিত দুৰ্ঘটনাৰ পিছত ৰে’ল মন্ত্ৰালয়ে এই সিদ্ধান্ত গ্ৰহণ কৰিছে। মুম্বাইৰ বাবে নিৰ্মাণ কৰা নতুন ডবাত স্বয়ংক্ৰিয় দুৱাৰ স্থাপন কৰা হ’ব।
ইয়াৰ উপৰি মুম্বাইৰ উপকণ্ঠ অঞ্চলত বৰ্তমান চলি থকা স্থানীয় ৰে’লসমূহতো স্বয়ংক্ৰিয় দুৱাৰ স্থাপন কৰা হ’ব। সোমবাৰে পুৱা মুম্ব্ৰা ষ্টেচনৰ সমীপত সংঘটিত হয় এই দুৰ্ঘটনা। বিপৰীত দিশৰ পৰা আহি আছিল ৰে’ল দুখন। এখন ৰে’ল কাছাৰা অভিমুখে গৈ আছিল। আনখন গৈ আছিল ছত্ৰপতি শিৱাজী মহাৰাজ টাৰ্মিনাছৰ ফালে। সেই সময়ত ৰে’ল লাইনৰ এটা ভাঁজত সংঘটিত হয় এই দুৰ্ঘটনা।
কেন্দ্ৰীয় ৰে’লৱেৰ মুখ্য জনসংযোগ বিষয়া স্বপ্নীল নীলাই জানিবলৈ দিয়া মতে, মৃতকেইজন আটাইকেইজন যাত্ৰীভৰ্তি ৰে’লখনৰ দুৱাৰত ওলমি আছিল। আৰক্ষীয়ে জনোৱা মতে, দুয়োখন ৰে’ল ইখনে সিখনৰ কাষেৰে পাৰ হৈ যোৱাৰ সময়ত দুৱাৰত ওলমি থকা যাত্ৰীসকলৰ ইজনৰ বেগ সিজনৰ বেগত লাগিছিল।
সেই সময়ত যাত্ৰীসকলে ভাৰসাম্য ৰক্ষা কৰিব নোৱাৰি ৰে’লৰ পৰা বাগৰি পৰে। কাছাৰা অভিমুখী ৰে’লখনৰ চকীদাৰে এই খবৰ কৰ্তৃপক্ষক দিয়ে। লগে লগে আহতসকলক উদ্ধাৰ কৰি চিকিৎসালয়লৈ লৈ যোৱা হয়, য’ত চাৰিজন লোকক মৃত ঘোষণা কৰা হয়।
সোমবাৰে পুৱা ৰে’লত যাত্ৰীৰ যথেষ্ট ভিৰ আছিল।
চৰকাৰী সূত্ৰ অনুসৰি, প্ৰতিদিনে প্ৰায় ৭৫ লাখ যাত্ৰী মুম্বাইৰ উপনগৰৰ স্থানীয় ৰে’লত যাত্ৰা কৰে। প্ৰত্যক্ষদৰ্শীয়ে দাবী কৰিছে যে ৰে’লত তিলমানো ঠাই নাছিল।
বহুতে ভিতৰত সোমাব নোৱাৰাৰ বাবে দুৱাৰত ওলমি আছিল। ৰে’লৰ দুয়োকাষে দুৱাৰত বহু লোক থিয় হৈ আছিল। তেতিয়াই দুৰ্ঘটনাটো সংঘটিত হয়। মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী দেৱেন্দ্ৰ ফাদনভিছে কয় যে দুৰ্ঘটনাৰ পিছত ইতিমধ্যে ৰে’ল প্ৰশাসনে তদন্ত আৰম্ভ কৰিছে।