
আৰু মাত্ৰ দুবছৰমানৰ অপেক্ষা। ইয়াৰ পিছত ভাৰতৰ সকলো ৰাস্তা আমেৰিকাৰ দৰে হ’ব। দেশৰ পথ আন্তঃগাঁথনিৰ উন্নয়নৰ কথা ক’বলৈ গৈ কেন্দ্ৰীয় পথ আৰু পৰিবহণ মন্ত্ৰী নীতিন গাডকাৰীয়ে (Nitin Gadkari) এই দাবী কৰে।

তেওঁ কয় যে বিগত কেইবছৰমানৰ পৰা তেওঁৰ মন্ত্ৰালয়ে অক্লান্তভাৱে কাম কৰি আহিছে। পৰিবহণ ব্যৱস্থা মসৃণ কৰাৰ বাবে কেন্দ্ৰীয় চৰকাৰে বহু খৰচ কৰিছে।
সংবাদ সংস্থা এএনআইৰ সৈতে হোৱা এক সাক্ষাৎকাৰত নীতিন গাডকাৰীয়ে কয়, “এতিয়া আৰু সংস্কাৰৰ প্ৰশ্ন নহয় (ৰাস্তা), ইতিমধ্যে সলনি হৈছে। আপুনি এতিয়া ট্ৰেইলাৰ দেখিছে, প্ৰকৃত ছবিখন আৰম্ভ হোৱা নাই। ‘পাইপলাইন’ত থকা পথ প্ৰকল্পৰ কাম দ্ৰুতগতিত আগবাঢ়িছে। আৰু দুবছৰৰ পিছত আপুনি দেখিব যে ভাৰতীয় পথৰ আন্তঃগাঁথনি আমেৰিকাৰ দৰে হ’ব।”
তেওঁ লগতে কয় যে দেশৰ ডাঙৰ ডাঙৰ ৰাস্তা-ঘাটৰ বাবে বহু লোকে ইতিমধ্যে তেওঁক প্ৰশংসা কৰিছে। তেওঁ কয়, “আমেৰিকাৰ পৰা কেইজনমান মানুহ মোক লগ কৰিবলৈ আহিছিল। তেওঁলোকে মোক কৈছিল যে আমাৰ আন্তঃগাঁথনি আমেৰিকাতকৈ ভাল।”
কেন্দ্ৰীয় পথ আৰু পৰিবহণ মন্ত্ৰীগৰাকীয়ে দাবী কৰে যে মোদী চৰকাৰৰ কাৰ্যকালত যোগানৰ ব্যয় বহু পৰিমাণে হ্ৰাস পাইছে। কাৰণ তেওঁলোকে কেৱল ৰাস্তাবোৰ ভাল কৰাই নহয়, চিকচিকিয়াও কৰি তুলিছে। ইয়াৰ বাবেই ৰপ্তানিৰ ক্ষেত্ৰত প্ৰতিযোগিতা বাঢ়িছে।
আৰু ৰাস্তা-ঘাট চিকচিকিয়া হোৱাৰ লগে লগে কৃষি ব্যৱস্থাও ইয়াৰ পৰা লাভৱান হৈছে। তেওঁ লগতে কয়, “যদি আমি আমাৰ ৰপ্তানি বৃদ্ধি কৰো, তেন্তে আমাৰ কৃষি, উৎপাদন আৰু সেৱা খণ্ডও উন্নত হ’ব। আৰু সেয়াই হৈছে।” তেওঁ দাবী কৰে যে আগতে ভাৰতৰ ৰাস্তা-ঘাট ভাল নাছিল। সেইবাবেই ব্যৱসায়ত দেশ পিছপৰি আছিল।
তেওঁ কয়, “আমাৰ পথ ভাল নাছিল, বন্দৰ ভাল নাছিল আৰু যান-জঁটৰ বাবে খৰচ বৃদ্ধি পায়। য’ত চীনত ‘লজিষ্টিক খৰচ’ ৮ শতাংশ আছিল, ভাৰতত ১৬ শতাংশ আছিল।” মন্ত্ৰীগৰাকীয়ে দাবী কৰিছে যে তাৰ পৰাই মোদী চৰকাৰে ‘লজিষ্টিক খৰচ’ ৯ শতাংশলৈ হ্ৰাস কৰিছে।












