বেংগালুৰুৰ ‘অয়ো’ হোটেলত ৩৩ বছৰীয়া বিবাহিতা প্ৰেমিকাক হত্যাৰ অভিযোগ (Oyo Murder Case) উত্থাপন হৈছে এজন ২৫ বছৰীয়া অভিযন্তাৰ বিৰুদ্ধে। ইতিমধ্যে আৰক্ষীয়ে অভিযুক্তক গ্ৰেপ্তাৰ কৰিছে।

উদ্ধাৰ হোৱা মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হৈছে। আৰক্ষীৰ সূত্ৰ অনুসৰি, ৩৩ বছৰীয়া হৰিণী আৰু ২৫ বছৰীয়া যশেশে বেংগালুৰুৰ পূৰ্ণপ্ৰজ্ঞাৰ সমীপৰ এখন হোটেলত আছিল। দুয়োজনেই চিনাকি আছিল।
তেওঁলোক কেঙেৰীৰ বাসিন্দা আৰু দুয়ো চুবুৰীয়া। শুকুৰবাৰে তেওঁলোকে অয়ো হোটেলত উঠে। অনুমান কৰা হৈছে যে সেইদিনা হৰিণী প্ৰেমিকৰ হাত নিহত হৈছিল। অৱশ্যে দুদিন পিছত পোহৰলৈ আহে এই হত্যাকাণ্ড। জানিব পৰা মতে, হোটেলৰ কোঠাত দুয়োৰে মাজত কাজিয়া হৈছিল।
সেই সময়ত আঠ বছৰ সৰু প্ৰেমিকে হৰিণীক ছুৰীৰে প্ৰহাৰ কৰিছিল। বেংগালুৰু আৰক্ষী বিষয়া এজনে কয়, “মহিলাগৰাকীৰ মৃতদেহত মুঠ ১৭ বাৰ ছুৰীৰে আঘাত কৰা হৈছে। আমি অভিযুক্তক গ্ৰেপ্তাৰ কৰিছোঁ।”
তদন্তকাৰীয়ে অনুমান কৰিছে যে এই হত্যাকাণ্ড ৬ বা ৭ জুনত সংঘটিত হৈছিল।
হোটেল কৰ্তৃপক্ষৰ পৰা তথ্য লাভ কৰাৰ পিছত সোমবাৰে আৰক্ষীয়ে মৃতদেহটো উদ্ধাৰ কৰে। অভিযুক্তক ধৰিবলৈ তেওঁলোকে বিশেষ কষ্ট কৰিবলগা হোৱা নাছিল। প্ৰাথমিক তদন্তত এই হত্যাকাণ্ডটো জটিল সম্পৰ্কৰ ফল বুলি জানিব পৰা গৈছে। জানিব পৰা মতে, ২৫ বছৰীয়া অভিযন্তা আৰু ৩৩ বছৰীয়া মহিলাগৰাকীৰ মাজত দীৰ্ঘদিনীয়া সম্পৰ্ক আছিল।
চুবুৰীয়াও আছিল তেওঁলোক। অৱশ্যে আন ঠাইত হৰিণীৰ বিয়া হৈছিল। তেওঁৰ দুটা সন্তানো আছে। কিন্তু বিয়াৰ পিছতো তেওঁ যুৱকজনৰ লগত সম্পৰ্ক অব্যাহত ৰাখিছিল। শেহতীয়াকৈ ইয়াকে লৈ দুয়োটা পৰিয়ালতে অশান্তিৰ সৃষ্টি হৈছিল। তেওঁলোকৰ মাজত কাজিয়াও লাগে। কিন্তু নিজৰ মাজৰ মনোমালিন্য ঠিক কৰিবলৈ দুয়োৱে হোটেলত লগ হোৱাৰ সিদ্ধান্ত লয়।
বেংগালুৰুৰ ডিচিপি (দক্ষিণ) লোকেশ বি জগলাছাৰে কয়, “মহিলাগৰাকীয়ে সম্পৰ্কৰ পৰা আঁতৰি যাব বিচাৰিছিল। যুৱকজনৰ সৈতে তেওঁ দূৰত্ব সৃষ্টি কৰিছিল। অভিযুক্তই সেইটো মানি ল’ব পৰা নাছিল। প্ৰেমিকাৰ প্ৰতি খং আৰু ঈৰ্ষাৰ বাবেই হত্যা কৰে। এই সন্দৰ্ভত সবিশেষ জানিবলৈ আমি অভিযুক্তক জেৰা কৰিম।”