ঝাৰখণ্ডৰ বিয়াস্থলীৰ পৰা উঠাই লৈ গৈ এগৰাকী জনজাতীয় কিশোৰীক ধৰ্ষণ (Rape) কৰাৰ অভিযোগ। ঝাৰখণ্ডৰ গোড্ডা জিলাত সংঘটিত হৈছে এই ঘটনা। পৰিয়ালৰ অভিযোগ অনুসৰি, ১৭ বছৰীয়া কিশোৰীগৰাকীক ১০ জন লোকে ধৰ্ষণ কৰে। এই ঘটনাত এতিয়ালৈকে আৰক্ষীয়ে আটক কৰিছে আঠজন অভিযুক্তক। বাকী দুজনৰ সন্ধান অব্যাহত আছে।

দেওবাৰে আঠজন অভিযুক্তক গ্ৰেপ্তাৰ কৰা হয়। যোৱা শুকুৰবাৰে এই ঘটনা সংঘটিত হোৱা বুলি জানিবলৈ দিয়ে আৰক্ষীয়ে। সেইদিনা গোড্ডা জিলাৰ এজন আত্মীয়ৰ ঘৰত বিয়াৰ অনুষ্ঠানলৈ গৈছিল কিশোৰীগৰাকী।
তেওঁ বিয়া ঘৰৰ পৰা ওলাই যোৱাৰ সময়তে ঘটনাটো সংঘটিত হৈছিল। ঘৰৰ পৰা ওলাই অহাৰ লগে লগে এজন লোকে তেওঁৰ মুখ বান্ধি নিৰ্জন স্থানলৈ লৈ যায়। তাত ১০ জন লোকে কিশোৰীগৰাকীক ধৰ্ষণ কৰাৰ অভিযোগ পৰিয়ালৰ।
পৰিয়ালৰ লোকে জনোৱা মতে, শুকুৰবাৰে নিশা সংঘটিত ঘটনাৰ পিছতে প্ৰথমে স্থানীয় পঞ্চায়তত গোচৰ দিয়ে। কিন্তু পঞ্চায়তখনে চালিচী সভা আহ্বান কৰি বিষয়টো ঢাকিবলৈ চেষ্টা কৰিছিল।
ইয়াৰ পিছতে পৰিয়ালৰ লোকে স্থানীয় আৰক্ষী থানাৰ কাষ চাপে। পৰিয়ালৰ অভিযোগৰ ভিত্তিত আৰক্ষীয়ে ১০জন লোকৰ বিৰুদ্ধে এফআইআৰ ৰুজু কৰে।
গোড্ডাৰ আৰক্ষী অধীক্ষক মুকেশ কুমাৰে জানিবলৈ দিয়া মতে, ভুক্তভোগীৰ চিকিৎসা পৰীক্ষাৰ ব্যৱস্থা কৰা হৈছে।
ইতিমধ্যে এই ঘটনাত আঠজন অভিযুক্তক গ্ৰেপ্তাৰ কৰা হৈছে। বাকী দুজন অভিযুক্তৰ সন্ধান আৰম্ভ কৰা হৈছে। শীঘ্ৰে ধৰা পৰিব বুলি তেওঁ আশ্বাস দিয়ে। ধৃতক জেৰা কৰাৰ সমান্তৰালকৈ আৰক্ষীয়ে ভুক্তভোগীৰ বক্তব্য সংগ্ৰহতো ব্যস্ত।