ৰাকেশ শৰ্মাৰ ৪০ বছৰৰ পাছত মহাকাশলৈ যাত্ৰা কৰিবলৈ ওলাইছে আন এজন ভাৰতীয় মহাকাশচাৰী লক্ষ্ণৌৰ শুভাংশু শুক্লা (Shubhanshu Shukla)। শুভাংশু ভাৰতীয় বায়ুসেনাৰ গ্ৰুপ কেপ্তেইন।

এইগৰাকী ভাৰতীয় মহাকাশচাৰীক নাছাই ‘Axiom-4’ নামৰ বিশেষ অভিযানত আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰলৈ প্ৰেৰণ কৰিব ওলাইছে। এই অভিযানৰ সকলো প্ৰস্তুতি সম্পূৰ্ণ হৈছে। এতিয়া কেৱল অপেক্ষাৰ কথা। সকলো ঠিকে থাকিলে মঙলবাৰে পুৱা ৮.২২ বজাত ৰাওনা হ’ব শুভাংশুৰ বাহন।
‘এক্সিয়াম-৪’ (এক্স-৪) নামৰ অভিযানৰ বাবে নিৰ্বাচিত হৈছে ইলন মাস্কৰ কোম্পানী স্পেচ-এক্সৰ ‘ড্ৰেগন’ মহাকাশযান। এই মহাকাশযানখন উৎক্ষেপণ কৰিব ফেলকন ৯ ৰকেটে। ইয়াৰ বাবে ইতিমধ্যে ৰকেটটো আমেৰিকাৰ ফ্ল’ৰিডাৰ কেনেডি স্পেচ চেণ্টাৰৰ ঐতিহাসিক লঞ্চপেড ‘৩৯-এ কমপ্লেক্স’লৈ প্ৰেৰণ কৰা হৈছে।
মঙলবাৰে পুৱা নিক্ষেপ কৰা হ’ব এই ৰকেট। যদি কিবা কাৰণত এই অভিযান বিফল হয় তেন্তে বুধবাৰেও উৎক্ষেপণৰ চেষ্টা কৰা হ’ব বুলি নাছাই জনাইছে। বিজ্ঞানীসকলে মহাকাশ অন্বেষণৰ ইতিহাসত ইয়াক এক গুৰুত্বপূৰ্ণ মাইলৰ খুঁটি বুলি গণ্য কৰে। কাৰণ এই অভিযানত প্ৰথমবাৰৰ বাবে উৰা মাৰিবলৈ গৈ আছে ‘ড্ৰেগন’। চাৰিজন সদস্যৰে এই অভিযানৰ নেতৃত্ব দিব শুভাংশুৱে।
তেৱেঁই পৰিচালনা কৰিব মহাকাশযানখন। বিগত সময়ত এ এন-৩২, জাগুৱাৰ, হক, মিগ-২১, ছু-৩০কে ধৰি বিভিন্ন ধৰণৰ যুদ্ধ বিমান উৰণৰ অভিজ্ঞতা আছে শুভাংশুৰ। কিন্তু মহাকাশযানত এইবাৰ প্ৰথম। ইয়াৰ বাবে তেওঁ স্পেচএক্স আৰু ‘এক্সিম স্পেচ ইনকৰ্পৰেচন’ৰ পৰা বহুদিন প্ৰশিক্ষণ ল’বলগীয়া হৈছে।
উল্লেখ্য যে ভাৰতীয় মহাকাশ গৱেষণা সংস্থাই (ISRO) প্ৰথমে ‘Axiom-4’ অভিযানৰ বাবে দুজন মহাকাশচাৰীক বাছনি কৰিছিল। ইয়াৰে ভিতৰত ভাৰতীয় বায়ুসেনাৰ কেপ্টেইন শুভাংশু শুক্লা আৰু প্ৰশান্ত বালকৃষ্ণন নায়াৰ আছিল। শুভাংশুক মূল মহাকাশচাৰী হিচাপে নিৰ্বাচিত কৰা হয়। প্ৰশান্তকো তেওঁৰ বিকল্প হিচাপে ৰখা হয়। যোৱা বছৰৰ আগষ্টৰ পৰাই দুয়োজনে এই অভিযানৰ বাবে প্ৰশিক্ষণ আৰম্ভ কৰে।
নাছাৰ প্ৰাক্তন মহাকাশচাৰী পেগী হুইটছন, পোলেণ্ডৰ শ্লাৱনস্কি-উইছনিভস্কি আৰু হাংগেৰীৰ টিবৰ কাপুয়ে শুভাংশুৰ সৈতে এই অভিযানত অংশগ্ৰহণ কৰিব। তেওঁলোকে ১৪ দিন আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰত থাকিব। তাত তেওঁলোকে বিভিন্ন পৰীক্ষা-নিৰীক্ষাও কৰিব।