ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

Pakistan spy I পাকিস্তানী চোৰাংচোৱা সংস্থাৰ সৈতে জড়িত থকাৰ অভিযোগত ৮ ভাৰতীয়

নিউজ ডেস্কঃ

Staff Reporter by Staff Reporter
May 19, 2025
Reading Time: 1 min read
A A
0
খাদ্যৰ বিজ্ঞাপনৰ জালত পৰি মহিলাই হেৰুৱালে ৯০ হাজাৰ টকা

New Logo Smal 1 | ASSAM TIMES POST

RELATED POSTS

Iran Israel conflict I ইৰাণৰ ভূগৰ্ভস্থ পাৰমাণৱিক কেন্দ্ৰ ধ্বংস কৰাৰ ক্ষমতা ইজৰাইলৰ নাই, দাবী আমেৰিকাৰ ৰাষ্ট্ৰপতি ট্ৰাম্পৰ

India Pak tensions I ভাৰতৰ ওপৰত হেঁচা বৃদ্ধিৰ বাবে পাকিস্তান-বাংলাদেশৰ সৈতে চীনৰ ত্ৰিপাক্ষিক বৈঠক

Siachen Glacier I বিশ্বৰ আটাইতকৈ বিপজ্জনক সামৰিক ঘাটিত হাতৰ মুঠিত জীউ লৈ থাকে ভাৰতীয় সেনা

ছ’চিয়েল মিডিয়াৰ প্ৰভাৱশালী জ্যোতি মলহোত্ৰাৰ সৈতে পাকিস্তানী চোৰাংচোৱাৰ (Pakistani spy) যোগাযোগ কিমান ঘনিষ্ঠ হৈ উঠিছিল তদন্তকাৰী দলটোৱে তাৰ তদন্ত কৰি আছে। হাৰিয়ানা আৰক্ষীয়ে জনোৱা মতে, পাকিস্তানী চোৰাংচোৱাই জ্যোতিক নিজৰ ‘সম্পদ’ হিচাপে গঢ়ি তুলিব বিচাৰিছিল।

Pakistan spy I
পাকিস্তানী চোৰাংচোৱা সংস্থাৰ সৈতে জড়িত থকাৰ অভিযোগত ৮ ভাৰতীয়:

অৱশ্যে কেৱল জ্যোতিয়েই নহয়, পাকিস্তানী চোৰাংচোৱা সংস্থাক সহায় কৰাৰ অভিযোগত দেশৰ বিভিন্ন প্ৰান্তৰ পৰা মুঠ ৮ জন লোকক গ্ৰেপ্তাৰ কৰা হৈছে। অভিযুক্তসকল বিভিন্ন বৃত্তিৰ সৈতে জড়িত। উদাহৰণস্বৰূপে জ্যোতি ছ’চিয়েল মিডিয়াৰ প্ৰভাৱশালী। আনহাতে, কোনোবা ব্যৱসায়ী, আন কোনোবা ব্যক্তিগত নিৰাপত্তাৰক্ষী।

পাকিস্তানী চোৰাংচোৱাই তেওঁলোকৰ পৰা তথ্য সংগ্ৰহ কৰিবলৈ মূলতঃ দুটা বস্তুৰ লোভ দিছিল – খ্যাতি আৰু ধন।
আকৰ্ষণীয় কথা হৈছে যে অভিযুক্তৰ অধিকাংশয়ে যুৱ। হাৰিয়ানাৰ ৩৩ বছৰীয়া ছ’চিয়েল মিডিয়াৰ প্ৰভাৱশালী ব্যক্তি হৈছে জ্যোতি। পূৰ্বতে তেওঁ নিজৰ ইউটিউব চেনেলত ভ্ৰমণ সম্পৰ্কীয় ভিডিঅ’ আপলোড কৰিছিল।

জ্যোতিৰ বিৰুদ্ধে উত্থাপিত অভিযোগৰ তদন্ত সন্দৰ্ভত হাৰিয়ানাৰ হিছাৰ জিলাৰ আৰক্ষী অধীক্ষক শশংক কুমাৰ ছাৱনে দেওবাৰে কয় যে ‘আধুনিক যুদ্ধ’ সদায় সীমান্তত নহয়। তেওঁলোকে ছ’চিয়েল মিডিয়াৰ প্ৰভাৱশালীসকলক ব্যৱহাৰ কৰি নিজৰ একপক্ষীয় কাহিনী উপস্থাপন কৰিবলৈ চেষ্টা কৰে। শেহতীয়াকৈ পাকিস্তানী চোৰাংচোৱাই নিজৰ কামৰ বাবে ছ’চিয়েল মিডিয়াৰ প্ৰভাৱশালী লোকক ব্যৱহাৰ কৰাৰ চেষ্টা আৰম্ভ কৰিছে।

ছ’চিয়েল মিডিয়াৰ প্ৰভাৱশালীসকলে এই ফান্দত পৰে মূলত ‘শ্বেয়াৰ’, ‘ভিউ’ আৰু ‘লাইক’ পোৱাৰ প্ৰলোভনত। এই ক্ষেত্ৰতো একেধৰণৰ প্ৰয়াস কৰা হৈছিল আৰু ভাৰতৰ ভাবমূৰ্তি কলংকিত কৰাৰ প্ৰয়াস কৰা হৈছিল বুলি ধাৰণা কৰা হৈছে।

শেহতীয়াকৈ হাৰিয়ানাৰ কাইথালৰ পৰা ২৫ বছৰীয়া দেৱেন্দ্ৰ সিং ধিলনক গ্ৰেপ্তাৰ কৰা হয়। পঞ্জাৱৰ পাটিয়ালাৰ এখন কলেজত ৰাজনীতি বিজ্ঞানত স্নাতকোত্তৰ পাঠ্যক্ৰমত অধ্যয়ন কৰি আছিল দেৱেন্দ্ৰ। আন এটা গোচৰত তেওঁক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে।

অৱশ্যে তদন্তত জানিব পৰা গৈছে যে যোৱা বছৰৰ নৱেম্বৰ মাহত তেওঁ পাকিস্তান ভ্ৰমণ কৰিছিল। সেই সময়তে তেওঁ পাকিস্তানী চোৰাংচোৱাৰ সংস্পৰ্শলৈ আহিছিল। অভিযুক্তই জেৰাৰ সময়ত স্বীকাৰ কৰে যে তেওঁ পাটিয়ালা সেনা শিবিৰৰ বাহিৰৰ পৰা লোৱা কিছু ফটো পাকিস্তানী চোৰাংচোৱা বিষয়াক দিছিল।

ইয়াৰ উপৰি কিছুদিন পূৰ্বে পাণিপথৰ পৰাও আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে হাৰিয়ানাৰ এজন ২৪ বছৰীয়া যুৱকক। ধৃত নুমান ইলাহী এটা ব্যক্তিগত কোম্পানীত নিৰাপত্তাৰক্ষী হিচাপে কৰ্মৰত আছিল। চোৰাংচোৱা সূত্ৰ অনুসৰি, পাকিস্তানী চোৰাংচোৱা নুমানৰ সংস্পৰ্শত আছিল।

আৰক্ষীয়ে জনোৱা মতে, নুমানে পাকিস্তানলৈ তথ্য প্ৰেৰণৰ বিনিময়ত ধন লাভ কৰিছিল। এই ধন পাকিস্তানৰ পৰা উত্তৰ প্ৰদেশৰ বাসিন্দা নুমানৰ এজন আত্মীয়ৰ বেংক একাউণ্টলৈ প্ৰেৰণ কৰা হয়। শেহতীয়াকৈ আৰক্ষীয়ে হাৰিয়ানাৰ নুহ অঞ্চলৰ এজন ২৩ বছৰীয়া যুৱকক পাকিস্তানলৈ চোৰাং তথ্য সৰবৰাহ কৰাৰ অভিযোগত গ্ৰেপ্তাৰ কৰিছে।

শনিবাৰে উত্তৰ প্ৰদেশৰ বিশেষ টাস্ক ফ’ৰ্চে গ্ৰেপ্তাৰ কৰে শ্বাহজাদ নামৰ এজন যুৱকক। শ্বাহজাদ পেছাত এজন ব্যৱসায়ী। অৱশ্যে আৰক্ষীৰ সূত্ৰ অনুসৰি, শ্বাহজাদে একাধিকবাৰ পাকিস্তান ভ্ৰমণ কৰিছে। আই এছ আইৰ সহায়ত তেওঁ সীমান্তৰ সিপাৰে বিভিন্ন বস্তু সৰবৰাহ কৰিছিল। তদন্তকাৰীয়ে জানিব পাৰিছে যে সৰবৰাহৰ ব্যৱসায়ৰ আঁৰত চোৰাংচোৱাগিৰি চলি আছিল।

শেহতীয়াকৈ পাকিস্তানলৈ তথ্য সৰবৰাহ কৰাৰ অভিযোগত গুজৰাটৰ জলন্ধৰৰ পৰা মহম্মদ মুৰ্তাজা আলী নামৰ এজন লোকক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে। লগতে পাকিস্তানী চোৰাংচোৱা সংস্থা আই এছ আইক তথ্য ফাদিল কৰাৰ অভিযোগ উত্থাপন হৈছিল।

ইয়াৰ উপৰি পঞ্জাৱৰ পৰাও গজল আৰু ইয়ামিন মহম্মদ নামৰ দুজন লোকক গ্ৰেপ্তাৰ কৰা হৈছে। দেওবাৰে হাৰিয়ানাৰ হিছাৰৰ আৰক্ষী অধীক্ষকে কয় যে প্ৰাথমিক তদন্তত জ্যোতিৰ বাহিৰেও আন কেইবাজনো লোকৰ সৈতে পাকিস্তানী বিষয়াৰ সংস্পৰ্শলৈ অহাৰ কথা পোহৰলৈ আহিছে। অৱশ্যে সেই নামবোৰ আৰক্ষীয়ে ৰাজহুৱা কৰা নাই।

জ্যোতিৰ বাহিৰে আন কোনে পাকিস্তানীলৈ তথ্য প্ৰেৰণ কৰিছিল সেই বিষয়ে জানিবলৈ তদন্ত অব্যাহত আছে। দুই-তিনি দিনৰ ভিতৰত বিষয়টো স্পষ্ট হ’ব বুলি আৰক্ষীয়ে অনুমান কৰিছে। ইফালে সূত্ৰই জনোৱা মতে, ওড়িশা আৰক্ষীৰ পৃথক তদন্তত পুৰীৰ এজন ছ’চিয়েল মিডিয়াৰ প্ৰভাৱশালী ব্যক্তি জড়িত থকাৰ তথ্যও পোহৰলৈ আহিছে।

জ্যোতিৰ চিনাকি হৈছিল পুৰীৰ ছ’চিয়েল মিডিয়াৰ প্ৰভাৱশালী ব্যক্তিগৰাকীৰ সৈতে। সূত্ৰই জনোৱা মতে, যুৱতীগৰাকীৰ পাকিস্তানী বিষয়াৰ সৈতে কোনো ধৰণৰ যোগাযোগ আছিল নেকি সেই বিষয়েও তদন্ত চলি আছে।

Share this:

  • Click to share on Facebook (Opens in new window) Facebook
  • Click to share on WhatsApp (Opens in new window) WhatsApp
  • Click to share on LinkedIn (Opens in new window) LinkedIn
  • Click to share on X (Opens in new window) X

Like this:

Like Loading...

Related

Tags: পাকিস্তানী চোৰাংচোৱা সংস্থাৰসৈতে জড়িত থকাৰ অভিযোগত ৮ ভাৰতীয়
Share4Tweet3Send

Related Posts

Iran Israel war । ইৰাণৰ সৰ্বোচ্চ ধৰ্মগুৰুক হত্যা কৰিলে যুদ্ধ বন্ধ হ’ব, নেতানিয়াহুৰ দাবী
National-International

Iran Israel conflict I ইৰাণৰ ভূগৰ্ভস্থ পাৰমাণৱিক কেন্দ্ৰ ধ্বংস কৰাৰ ক্ষমতা ইজৰাইলৰ নাই, দাবী আমেৰিকাৰ ৰাষ্ট্ৰপতি ট্ৰাম্পৰ

by Staff Reporter
June 21, 2025
50
পাকিস্তানৰ সৈতে পুনৰ আলোচনাৰ উদ্যোগ ভাৰতৰ
National-International

India Pak tensions I ভাৰতৰ ওপৰত হেঁচা বৃদ্ধিৰ বাবে পাকিস্তান-বাংলাদেশৰ সৈতে চীনৰ ত্ৰিপাক্ষিক বৈঠক

by Staff Reporter
June 21, 2025
50
Siachen Glacier I বিশ্বৰ আটাইতকৈ বিপজ্জনক সামৰিক ঘাটিত হাতৰ মুঠিত জীউ লৈ থাকে ভাৰতীয় সেনা
National-International

Siachen Glacier I বিশ্বৰ আটাইতকৈ বিপজ্জনক সামৰিক ঘাটিত হাতৰ মুঠিত জীউ লৈ থাকে ভাৰতীয় সেনা

by Staff Reporter
June 21, 2025
50
Donald Trump । ট্ৰাম্পক শান্তিৰ নোবেল বঁটা প্ৰদানৰ পৰামৰ্শ পাকিস্তানৰ
National-International

Donald Trump । ট্ৰাম্পক শান্তিৰ নোবেল বঁটা প্ৰদানৰ পৰামৰ্শ পাকিস্তানৰ

by Staff Reporter
June 21, 2025
50
International Day of Yoga I অন্ধ্ৰপ্ৰদেশৰ পৰা আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ নেতৃত্ব প্ৰদান প্ৰধানমন্ত্ৰী মোদীৰ
National-International

International Day of Yoga I অন্ধ্ৰপ্ৰদেশৰ পৰা আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ নেতৃত্ব প্ৰদান প্ৰধানমন্ত্ৰী মোদীৰ

by Staff Reporter
June 21, 2025
50
হয় বিনিয়োগ, নহ’লে তলাবন্ধ! এয়াৰ ইণ্ডিয়া সন্দৰ্ভত সিদ্ধান্ত কেন্দ্রৰ
National-International

Air India I এইবাৰ এয়াৰ ইণ্ডিয়াৰ বিমানত চৰাইৰ খুন্দা, ১০০ যাত্ৰীক লৈ নিৰাপদে অৱতৰণ

by Staff Reporter
June 20, 2025
53
ADVERTISEMENT
Iran Israel war । ইৰাণৰ সৰ্বোচ্চ ধৰ্মগুৰুক হত্যা কৰিলে যুদ্ধ বন্ধ হ’ব, নেতানিয়াহুৰ দাবী
National-International

Iran Israel conflict I ইৰাণৰ ভূগৰ্ভস্থ পাৰমাণৱিক কেন্দ্ৰ ধ্বংস কৰাৰ ক্ষমতা ইজৰাইলৰ নাই, দাবী আমেৰিকাৰ ৰাষ্ট্ৰপতি ট্ৰাম্পৰ

June 21, 2025
50
পাকিস্তানৰ সৈতে পুনৰ আলোচনাৰ উদ্যোগ ভাৰতৰ
National-International

India Pak tensions I ভাৰতৰ ওপৰত হেঁচা বৃদ্ধিৰ বাবে পাকিস্তান-বাংলাদেশৰ সৈতে চীনৰ ত্ৰিপাক্ষিক বৈঠক

June 21, 2025
50
Siachen Glacier I বিশ্বৰ আটাইতকৈ বিপজ্জনক সামৰিক ঘাটিত হাতৰ মুঠিত জীউ লৈ থাকে ভাৰতীয় সেনা
National-International

Siachen Glacier I বিশ্বৰ আটাইতকৈ বিপজ্জনক সামৰিক ঘাটিত হাতৰ মুঠিত জীউ লৈ থাকে ভাৰতীয় সেনা

June 21, 2025
50
ডিফুত ১১ সংখ্যক আন্তৰ্জাতিক যোগ দিৱস উদযাপন, কাকৰ চিইএম ড: তুলিৰাম ৰংহাঙৰ যোগাভ্যাস
KARBI ANGLONG

ডিফুত ১১ সংখ্যক আন্তৰ্জাতিক যোগ দিৱস উদযাপন, কাকৰ চিইএম ড: তুলিৰাম ৰংহাঙৰ যোগাভ্যাস

June 21, 2025
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Iran Israel war । ইৰাণৰ সৰ্বোচ্চ ধৰ্মগুৰুক হত্যা কৰিলে যুদ্ধ বন্ধ হ’ব, নেতানিয়াহুৰ দাবী

Iran Israel conflict I ইৰাণৰ ভূগৰ্ভস্থ পাৰমাণৱিক কেন্দ্ৰ ধ্বংস কৰাৰ ক্ষমতা ইজৰাইলৰ নাই, দাবী আমেৰিকাৰ ৰাষ্ট্ৰপতি ট্ৰাম্পৰ

June 21, 2025
পাকিস্তানৰ সৈতে পুনৰ আলোচনাৰ উদ্যোগ ভাৰতৰ

India Pak tensions I ভাৰতৰ ওপৰত হেঁচা বৃদ্ধিৰ বাবে পাকিস্তান-বাংলাদেশৰ সৈতে চীনৰ ত্ৰিপাক্ষিক বৈঠক

June 21, 2025
Siachen Glacier I বিশ্বৰ আটাইতকৈ বিপজ্জনক সামৰিক ঘাটিত হাতৰ মুঠিত জীউ লৈ থাকে ভাৰতীয় সেনা

Siachen Glacier I বিশ্বৰ আটাইতকৈ বিপজ্জনক সামৰিক ঘাটিত হাতৰ মুঠিত জীউ লৈ থাকে ভাৰতীয় সেনা

June 21, 2025

Categories

ALL NEWS (17393) Artificial Intelligence (1) Assam (13691) BREAKING NEWS (6483) Business (34) crime (20) cultural (5) Digital Transformation (2) DIPHU (1) Earthquake (1) Economy (98) Editorial (16) EDUCATION AND TECHNOLOGY (102) election (4) Entertainment (767) Entertrainment (419) EXCLUSIVE (124) Fashion (9) Featured (22) Features (30) FLIM (3) Guwahati (2042) Health & Fitness (630) Jobs & Career (7) KARBI ANGLONG (3399) Lifestyle (24) literature (16) National-International (10152) NORTHEAST (856) Novels (3) Photo (5) Poems (9) Political (138) Recipes (6) Science (1) Social Media (1) Sports News (496) Stories (16) Tech (14) Technology (1) Tourism (1) Travel (6) Uncategorized (15) Video News (90)

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx

%d