ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

Sofia Qureshi । ঘৰিয়ালৰ চকুলো নুটুকিব, কৰ্ণেল ছ’ফিয়াৰ বিষয়ে মন্তব্য কৰা মন্ত্ৰীক পুনৰ ধমক উচ্চতম ন্যায়ালয়ৰ

নিউজ ডেস্কঃ

Staff Reporter by Staff Reporter
May 19, 2025
Reading Time: 1 min read
A A
0
Sofia Qureshi । ঘৰিয়ালৰ চকুলো নুটুকিব, কৰ্ণেল ছ’ফিয়াৰ বিষয়ে মন্তব্য কৰা মন্ত্ৰীক পুনৰ ধমক উচ্চতম ন্যায়ালয়ৰ

Oplus_131072

New Logo Smal 1 | ASSAM TIMES POST

RELATED POSTS

India Pak tensions I ভাৰতৰ ওপৰত হেঁচা বৃদ্ধিৰ বাবে পাকিস্তান-বাংলাদেশৰ সৈতে চীনৰ ত্ৰিপাক্ষিক বৈঠক

Siachen Glacier I বিশ্বৰ আটাইতকৈ বিপজ্জনক সামৰিক ঘাটিত হাতৰ মুঠিত জীউ লৈ থাকে ভাৰতীয় সেনা

Donald Trump । ট্ৰাম্পক শান্তিৰ নোবেল বঁটা প্ৰদানৰ পৰামৰ্শ পাকিস্তানৰ

ভাৰতীয় সেনা বিষয়া কৰ্ণেল ছ’ফিয়া কুৰেশ্বীক (Sofia Qureshi) উদ্দেশ্যি কৰা মন্তব্যৰ বাবে মধ্যপ্ৰদেশৰ মন্ত্ৰী বিজয় শ্বাহক পুনৰ উচ্চতম ন্যায়ালয়ত প্ৰত্যাহ্বান জনোৱা হৈছে। আদালতে তেওঁক কয়, “ঘৰিয়ালৰ চকুলো নুটুকিব।”

Sofia Qureshi ।
কৰ্ণেল ছ’ফিয়াৰ বিষয়ে মন্তব্য কৰা মন্ত্ৰীক পুনৰ ধমক উচ্চতম ন্যায়ালয়ৰ:

এই মন্তব্যৰ পিছতে ক্ষমা বিচাৰে মন্ত্ৰীগৰাকীয়ে। অৱশ্যে আদালতে সেয়া গ্ৰহণ কৰা নাই। ন্যায়াধীশ সূৰ্য কান্তে কয় যে আইনৰ পৰা হাত সাৰিবলৈ বহুতে ‘ঘৰিয়ালৰ চকুলো’ টোকে। এই ক্ষেত্ৰত মন্ত্ৰীগৰাকীয়ে যিধৰণেৰে ক্ষমা খুজিছে সেয়া ‘আন্তৰিক’ যেন লগা নাই।

বৰঞ্চ আদালতৰ নিৰ্দেশ মানিহে ক্ষমা বিচৰা যেন লাগে। উল্লেখ্য যে বিজয়ে ছ’ফিয়াক ‘সন্ত্ৰাসবাদীৰ ভগ্নী’ বুলি অভিহিত কৰিছিল। এই সন্দৰ্ভত বহু বিতৰ্কৰ সৃষ্টি হয়, আনকি অভিযুক্তই ক্ষমাও বিচাৰে। সোমবাৰে উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ সূৰ্য কান্ত আৰু ন্যায়াধীশ এন কোটিশ্বৰ সিঙৰ বিচাৰপীঠে ইয়াৰ শুনানি গ্ৰহণ কৰে।

ন্যায়াধীশে মন্ত্ৰীগৰাকীক কয়, “আপুনি কেনেধৰণৰ ক্ষমা বিচাৰিছে? ক্ষমা বিচৰাৰ উপায় আছে। কেতিয়াবা আইনী প্ৰক্ৰিয়াৰ পৰা হাত সাৰিবলৈ মানুহে ভদ্ৰ ভাষা ব্যৱহাৰ কৰে। ঘৰিয়ালৰ চকুলো টোকে। আপুনি কেনেধৰণৰ ক্ষমা খুজিছে? আপুনি দেখুৱাবলৈ চেষ্টা কৰিছে যে আদালতে আপোনাক ক্ষমা খুজিবলৈ কৈছে। আপুনি আপোনাৰ মন্তব্যৰ বাবে কিয় আন্তৰিকতাৰে ক্ষমা খুজিব পৰা নাই?”

আনহাতে, ছ’ফিয়াক উদ্দেশ্যি কৰা মন্তব্যৰ বাবে মন্ত্ৰীগৰাকীৰ বিৰুদ্ধে কি ব্যৱস্থা গ্ৰহণ কৰা হৈছে সেই কথা জনাবলৈ মধ্যপ্ৰদেশ চৰকাৰক আদালতে অনুৰোধ জনাইছে। আৰক্ষীক তদন্তৰ অৱস্থাৰ বিষয়েও সোধা-পোছা কৰা হৈছে। আৰক্ষীক অহা ২০ মাৰ্চৰ ভিতৰত বিশেষ তদন্তকাৰী দল গঠন কৰিবলৈ কোৱা হৈছে। এই দলটোত এগৰাকী মহিলা বিষয়াকে ধৰি তিনিজন আই পি এছ ৰেংকৰ আৰক্ষী বিষয়া থাকিব।

২৮ মে’ৰ ভিতৰত এছ আই টিয়ে তদন্তৰ প্ৰতিবেদন দাখিল কৰিব লাগিব।
উল্লেখ্য যে ৩৫ বছৰীয়া ছ’ফিয়া ভাৰতীয় সেনাৰ সামৰিক যোগাযোগ আৰু ইলেক্ট্ৰনিকছ অপাৰেচন সহায়ক শাখা ছিগনেল ক’ৰ্পছৰ শীৰ্ষ বিষয়া।

ভাৰত-পাকিস্তানৰ সংঘাতৰ মাজতে ভাৰতীয় সেনা আৰু বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে একেৰাহে কেইবাদিনো যৌথ সংবাদমেল অনুষ্ঠিত কৰে। প্ৰতিখন বৈঠকতে বৈদেশিক সচিব বিক্ৰম মিশ্ৰীৰ সৈতে কৰ্ণেল ছ’ফিয়া আৰু বায়ুসেনাৰ উইং কমাণ্ডাৰ ভৌমিকা সিং উপস্থিত আছিল। সংবাদমেলত ভাৰতীয় সেনাক তেওঁলোকে প্ৰতিনিধিত্ব কৰে।

সীমান্ত সংঘাতৰ সময়ত এই দুয়োগৰাকীয়ে যিকোনো এটা দিনত কি ঘটি আছে, ভাৰতে কি পদক্ষেপ লৈছে, পাকিস্তানে কেনেকৈ আক্ৰমণ কৰিবলৈ চেষ্টা কৰিছে তাৰ বিশদ বিৱৰণ দিয়ে। ছ’ফিয়াই প্ৰথমে হিন্দীত ক’ব, তাৰ পিছত ভৌমিকাই ইংৰাজীতো একেখিনি কথা ক’ব। পিছত বৈদেশিক সচিবে নিজৰ বক্তব্য দিব।

এই যৌথ সংবাদমেলসমূহে সমগ্ৰ দেশতে আলোড়নৰ সৃষ্টি কৰিছিল। কিন্তু ছ’ফিয়াক উদ্দেশ্যি কৰা মন্তব্যৰ পিছতে মধ্যপ্ৰদেশ উচ্চ ন্যায়ালয়ে মন্ত্ৰীগৰাকীৰ বিৰুদ্ধে এফ আই আৰ দাখিলৰ নিৰ্দেশ দিয়ে। ইয়াৰ পূৰ্বেও উচ্চতম ন্যায়ালয়ে মন্ত্ৰীগৰাকীক ধমক দিছিল।

মুখ্য ন্যায়াধীশ বি আৰ গভায়ে বিজয়ক ধমক দি কয়, “আপুনি কেনেধৰণৰ মন্তব্য কৰিছে? অলপ হ’লেও সংবেদনশীলতা দেখুৱাব লাগে। যাওক, হাইকোৰ্টলৈ গৈ ক্ষমা খোজক।” ইয়াৰ পিছত বিজয়ে ক্ষমা খোজে। কিন্তু উচ্চতম ন্যায়ালয়ে তেওঁক পুনৰ ধমক দিয়ে।

Share this:

  • Click to share on Facebook (Opens in new window) Facebook
  • Click to share on WhatsApp (Opens in new window) WhatsApp
  • Click to share on LinkedIn (Opens in new window) LinkedIn
  • Click to share on X (Opens in new window) X

Like this:

Like Loading...

Related

Tags: কৰ্ণেল ছ'ফিয়াৰ বিষয়ে মন্তব্য কৰা মন্ত্ৰীক পুনৰঘৰিয়ালৰ চকুলো নুটুকিবধমক উচ্চতম ন্যায়ালয়ৰ
Share4Tweet3Send

Related Posts

পাকিস্তানৰ সৈতে পুনৰ আলোচনাৰ উদ্যোগ ভাৰতৰ
National-International

India Pak tensions I ভাৰতৰ ওপৰত হেঁচা বৃদ্ধিৰ বাবে পাকিস্তান-বাংলাদেশৰ সৈতে চীনৰ ত্ৰিপাক্ষিক বৈঠক

by Staff Reporter
June 21, 2025
50
Siachen Glacier I বিশ্বৰ আটাইতকৈ বিপজ্জনক সামৰিক ঘাটিত হাতৰ মুঠিত জীউ লৈ থাকে ভাৰতীয় সেনা
National-International

Siachen Glacier I বিশ্বৰ আটাইতকৈ বিপজ্জনক সামৰিক ঘাটিত হাতৰ মুঠিত জীউ লৈ থাকে ভাৰতীয় সেনা

by Staff Reporter
June 21, 2025
50
Donald Trump । ট্ৰাম্পক শান্তিৰ নোবেল বঁটা প্ৰদানৰ পৰামৰ্শ পাকিস্তানৰ
National-International

Donald Trump । ট্ৰাম্পক শান্তিৰ নোবেল বঁটা প্ৰদানৰ পৰামৰ্শ পাকিস্তানৰ

by Staff Reporter
June 21, 2025
50
International Day of Yoga I অন্ধ্ৰপ্ৰদেশৰ পৰা আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ নেতৃত্ব প্ৰদান প্ৰধানমন্ত্ৰী মোদীৰ
National-International

International Day of Yoga I অন্ধ্ৰপ্ৰদেশৰ পৰা আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ নেতৃত্ব প্ৰদান প্ৰধানমন্ত্ৰী মোদীৰ

by Staff Reporter
June 21, 2025
50
হয় বিনিয়োগ, নহ’লে তলাবন্ধ! এয়াৰ ইণ্ডিয়া সন্দৰ্ভত সিদ্ধান্ত কেন্দ্রৰ
National-International

Air India I এইবাৰ এয়াৰ ইণ্ডিয়াৰ বিমানত চৰাইৰ খুন্দা, ১০০ যাত্ৰীক লৈ নিৰাপদে অৱতৰণ

by Staff Reporter
June 20, 2025
53
PM Modi Bihar visit I নিৰ্বাচনৰ পূৰ্বে বিহাৰত পৰিয়ালতন্ত্ৰৰ বিৰুদ্ধে সৰৱ প্ৰধানমন্ত্ৰী মোদী
National-International

PM Modi Bihar visit I নিৰ্বাচনৰ পূৰ্বে বিহাৰত পৰিয়ালতন্ত্ৰৰ বিৰুদ্ধে সৰৱ প্ৰধানমন্ত্ৰী মোদী

by Staff Reporter
June 20, 2025
53
ADVERTISEMENT
পাকিস্তানৰ সৈতে পুনৰ আলোচনাৰ উদ্যোগ ভাৰতৰ
National-International

India Pak tensions I ভাৰতৰ ওপৰত হেঁচা বৃদ্ধিৰ বাবে পাকিস্তান-বাংলাদেশৰ সৈতে চীনৰ ত্ৰিপাক্ষিক বৈঠক

June 21, 2025
50
Siachen Glacier I বিশ্বৰ আটাইতকৈ বিপজ্জনক সামৰিক ঘাটিত হাতৰ মুঠিত জীউ লৈ থাকে ভাৰতীয় সেনা
National-International

Siachen Glacier I বিশ্বৰ আটাইতকৈ বিপজ্জনক সামৰিক ঘাটিত হাতৰ মুঠিত জীউ লৈ থাকে ভাৰতীয় সেনা

June 21, 2025
50
ডিফুত ১১ সংখ্যক আন্তৰ্জাতিক যোগ দিৱস উদযাপন, কাকৰ চিইএম ড: তুলিৰাম ৰংহাঙৰ যোগাভ্যাস
KARBI ANGLONG

ডিফুত ১১ সংখ্যক আন্তৰ্জাতিক যোগ দিৱস উদযাপন, কাকৰ চিইএম ড: তুলিৰাম ৰংহাঙৰ যোগাভ্যাস

June 21, 2025
50
Escalating Tensions: Renewed Violence in Manipur as Kuki and Meitei Clashes Intensify
NORTHEAST

Manipur violence I মণিপুৰত পুনৰ উত্তেজনা, কুকি গাঁৱৰ মুৰব্বীৰ পত্নীক গুলীয়াই হত্যা

June 21, 2025
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

পাকিস্তানৰ সৈতে পুনৰ আলোচনাৰ উদ্যোগ ভাৰতৰ

India Pak tensions I ভাৰতৰ ওপৰত হেঁচা বৃদ্ধিৰ বাবে পাকিস্তান-বাংলাদেশৰ সৈতে চীনৰ ত্ৰিপাক্ষিক বৈঠক

June 21, 2025
Siachen Glacier I বিশ্বৰ আটাইতকৈ বিপজ্জনক সামৰিক ঘাটিত হাতৰ মুঠিত জীউ লৈ থাকে ভাৰতীয় সেনা

Siachen Glacier I বিশ্বৰ আটাইতকৈ বিপজ্জনক সামৰিক ঘাটিত হাতৰ মুঠিত জীউ লৈ থাকে ভাৰতীয় সেনা

June 21, 2025
ডিফুত ১১ সংখ্যক আন্তৰ্জাতিক যোগ দিৱস উদযাপন, কাকৰ চিইএম ড: তুলিৰাম ৰংহাঙৰ যোগাভ্যাস

ডিফুত ১১ সংখ্যক আন্তৰ্জাতিক যোগ দিৱস উদযাপন, কাকৰ চিইএম ড: তুলিৰাম ৰংহাঙৰ যোগাভ্যাস

June 21, 2025

Categories

ALL NEWS (17393) Artificial Intelligence (1) Assam (13691) BREAKING NEWS (6483) Business (34) crime (20) cultural (5) Digital Transformation (2) DIPHU (1) Earthquake (1) Economy (98) Editorial (16) EDUCATION AND TECHNOLOGY (102) election (4) Entertainment (767) Entertrainment (419) EXCLUSIVE (124) Fashion (9) Featured (22) Features (30) FLIM (3) Guwahati (2042) Health & Fitness (630) Jobs & Career (7) KARBI ANGLONG (3399) Lifestyle (24) literature (16) National-International (10151) NORTHEAST (856) Novels (3) Photo (5) Poems (9) Political (138) Recipes (6) Science (1) Social Media (1) Sports News (496) Stories (16) Tech (14) Technology (1) Tourism (1) Travel (6) Uncategorized (15) Video News (90)

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx

%d