জম্মু-কাশ্মীৰৰ চাম্বা ছেক্টৰত আন্তঃৰাষ্ট্ৰীয় সীমান্তৰে ভাৰতত প্ৰৱেশৰ চেষ্টা চলাইছিল পাকিস্তানী সন্ত্ৰাসবাদীয়ে (Terrorist killed) । ভাৰতীয় সীমান্ত সুৰক্ষা বাহিনীয়ে বৃহস্পতিবাৰে নিশা সেই প্ৰচেষ্টা বিফল কৰে। আনহাতে, কমেও ৭ সন্ত্ৰাসবাদী নিহত হয়। পাকিস্তানৰ এটা সীমান্তৰক্ষী ঘাটিও ধ্বংস কৰা হয়।

শুকুৰবাৰে সংবাদ সংস্থা পিটিআয়ে এই খবৰ প্ৰকাশ কৰে। বিএছএফেও তাৰ এটা ভিডিঅ’ মুকলি কৰিছে। বিএছএফে প্ৰকাশ কৰা ভিডিঅ’টোত দেখা গৈছে ঘন জংঘলৰ ছবি। নিস্তব্ধতাত ইটোৰ পিছত সিটোকৈ গুলী ফুটিছে। এই ভিডিঅ’টো প্ৰকাশ কৰিছে সংবাদ সংস্থা এ এন আয়ে।
বিএছএফৰ তথ্য অনুসৰি, বৃহস্পতিবাৰে মাজনিশা এটা বৃহৎ সন্ত্ৰাসবাদী দলে ছেক্টৰৰ মাজেৰে অনুপ্ৰৱেশৰ চেষ্টা চলায়। নিৰাপত্তাৰক্ষীৰ নিৰীক্ষণত সেয়া ধৰা পৰে। বিএছএফৰ এগৰাকী মুখপাত্ৰই পিটিআইক জনোৱা মতে, পাকিস্তানী ৰেঞ্জাৰ্ছৰ ঘাটিৰ পৰা অনুপ্ৰৱেশৰ চেষ্টা সহজ কৰি তোলা হৈছে।
তাৰ পৰাই অবিৰত গুলীচালনা চলি আছিল, যাতে সন্ত্ৰাসবাদীয়ে বিপৰীত দিশৰ পৰা কোনো ধৰণৰ বাধাৰ সন্মুখীন নহয়। দাবী কৰা হৈছে যে বিএছএফৰ প্ৰত্যুত্তৰত পাকিস্তানী ৰেঞ্জাৰ্ছৰ ধনধৰ পোষ্টটো ধ্বংস হয়। ইয়াৰ পিছতে আন্তঃৰাষ্ট্ৰীয় সীমান্তত জাৰি কৰা হৈছে হাই এলাৰ্ট। বিএছএফ, ভাৰতীয় সেনা আৰু স্থানীয় আৰক্ষীক সষ্টম কৰা হৈছে।