গুজৰাটত বিমান দুৰ্ঘটনা (Gujarat Airplane crashed) । প্ৰশিক্ষণৰ সময়ত দুৰ্ঘটনাগ্ৰস্ত হয় এখন বিমান। দুৰ্ঘটনাটোত এজন পাইলটৰ মৃত্যু হয়। আৰক্ষীৰ সূত্ৰ অনুসৰি, প্ৰশিক্ষণ বিমানখন ব্যক্তিগত এটা কোম্পানীৰ আছিল।

জানিব পৰা মতে, মঙলবাৰে দিনৰ প্ৰায় ১২.৩০ বজাত গুজৰাটৰ আমৰেলি চহৰৰ গিৰিয়া ৰোড এলেকাৰ সমীপত সংঘটিত হয় এই দুৰ্ঘটনা। স্থানীয় আৰক্ষী অধীক্ষক সঞ্জয় খৰাটে জনোৱা মতে, মঙলবাৰে আমৰেলি বিমানবন্দৰৰ পৰা বিমানখনে উৰা মাৰিছিল।
এটা ব্যক্তিগত বিমান সংস্থাৰ দ্বাৰা পৰিচালিত বিমানখন কিছু সময়ৰ পিছতে দুৰ্ঘটনাগ্ৰস্ত হয়। শাস্ত্ৰী নগৰ অঞ্চলৰ সমীপৰ মুকলি পথাৰত বিমানখন দুৰ্ঘটনাগ্ৰস্ত হয়। গছ এজোপাত খুন্দা মাৰি ভূপতিত হোৱাৰ লগে লগে বিমানখনত জুই লাগে।
এই দুৰ্ঘটনা কেনেকৈ সংঘটিত হ’ল সেয়া অৱশ্যে স্পষ্ট হোৱা নাই। ইয়াৰ আঁৰত বতৰ সম্পৰ্কীয় কাৰক থাকিব পাৰে। যান্ত্ৰিক বিকলতা বা পাইলটৰ ভুলৰ বাবেও এই দুৰ্যোগৰ সৃষ্টি হ’ব পাৰে। দুৰ্ঘটনাৰ কাৰণ জানিবলৈ তদন্ত আৰম্ভ কৰা হৈছে। অৱশ্যে পাইলটৰ বাহিৰে আন কোনো লোক হতাহতিৰ খবৰ এতিয়ালৈকে পোৱা নাই।