তিনিদিনৰ ভিতৰত দ্বিতীয়টো প্ৰবল ভূমিকম্পই জোকাৰি গ’ল আফগানিস্তান (Afganistan Earthquake) । দিল্লী-এনচিআৰ আৰু জম্মু-কাশ্মীৰতো কম্পন অনুভৱ কৰা হয়। ৰিখটাৰ স্কেলত এই ভূমিকম্পৰ প্ৰাবল্য ৫.৮।

ৰাষ্ট্ৰীয় ভূমিকম্প বিজ্ঞান কেন্দ্ৰৰ তথ্য অনুসৰি, শনিবাৰে দিনৰ ১২.১৭ বজাত আফগানিস্তানত ভূমিকম্প অনুভূত হয়। ৰিখটাৰ স্কেলত এই ভূমিকম্পৰ প্ৰাবল্য আছিল ৫.৮। ভূমিকম্পৰ উৎপত্তি ভূপৃষ্ঠৰ পৰা ১৩০ কিলোমিটাৰ গভীৰত। এই পৰ্যন্ত কোনো লোক হতাহতি বা ক্ষয়-ক্ষতিৰ খবৰ পোৱা নাই।
আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ সূত্ৰ অনুসৰি, ভূমিকম্পৰ উৎস আফগানিস্তান আৰু তাজিকিস্তানৰ সীমান্তৱৰ্তী অঞ্চলত আছিল। শ্ৰীনগৰৰ পৰা উত্তৰ-পশ্চিমে ৩৯৬ কিলোমিটাৰ দূৰত্বত আছিল ইয়াৰ অভিকেন্দ্ৰ। যাৰ বাবে ভাৰত আৰু পাকিস্তানত কম্পন অনুভৱ কৰা হয়।
দিল্লী আৰু কাষৰীয়া অঞ্চলবোৰো জোকাৰি যায়। জম্মু-কাশ্মীৰতো কিছু সময়ৰ বাবে কঁপনি অনুভৱ কৰা হয়। ক্ষয়-ক্ষতিৰ পৰিসৰ অৱশ্যে এতিয়াও জানিব পৰা হোৱা নাই। কিন্তু কিছুদিনৰ ভিতৰতে এই প্ৰবল ভূমিকম্পৰ ফলত স্থানীয় ৰাইজৰ মাজত আতংক বিয়পি পৰিছে।
উল্লেখযোগ্য যে ১৬ এপ্ৰিল বুধবাৰে আফগানিস্তানত ভূমিকম্প অনুভূত হৈছিল।কম্পনৰ প্ৰাবল্য আছিল ৫.৬ ৰিখটাৰ স্কেল। দিল্লী, জম্মু-কাশ্মীৰকে ধৰি উত্তৰ ভাৰতৰ বিস্তীৰ্ণ অঞ্চলতো কম্পন অনুভৱ কৰা হৈছিল।