ৰাজ্যবাসীলৈ অসম চৰকাৰৰ ব’হাগ বিহুৰ উপহাৰ। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই (Himanta Biswa Sarma) ব’হাগৰ প্ৰথম দিনটোত চৰকাৰৰ এই উপহাৰ ঘোষণা কৰে। মুখ্যমন্ত্ৰীয়ে কৰা ঘোষণা অনুসৰি ১ ব’হাগ অৰ্থাৎ ১৫ এপ্ৰিলৰ পৰা ৰাজ্য চৰকাৰৰ সকলো জাননী অসমীয়া ভাষাত প্ৰকাশ পাব।

ৰাজ্য চৰকাৰৰ ৰাজনৈতিক বিভাগে জাৰি কৰা অধিসূচনা অনুসৰি, এতিয়াৰে পৰা ৰাজ্য চৰকাৰৰ সকলো নীতি-নিৰ্দেশনা, অধিসূচনা তথা জাননী অসমীয়া ভাষাত প্ৰকাশ পাব। আনহাতে, সকলো চৰকাৰী কাম-কাজো অসমীয়া ভাষাত চলিব। অৱশ্যে বি টি আৰ আৰু বৰাক উপত্যকাত বড়ো আৰু বাংলা ভাষা প্ৰযোজ্য হ’ব।
অসম চৰকাৰী ভাষা আইন, ১৯৬০ (১৯৬০ চনৰ অসম আইন নং XXXIII)ৰ ধাৰা ৭ আৰু ধাৰা ৩ অনুসৰি বৰাক উপত্যকা, ষষ্ঠ অনুসূচীৰ অন্তৰ্গত পাৰ্বত্য জিলা আৰু বি টি আৰ অঞ্চলত স্থানীয় ভাষা ব্যৱহাৰৰ লগতে সমগ্ৰ ৰাজ্যতে অসমীয়া ভাষা ব্যৱহাৰৰ বাবে কেতবোৰ নিৰ্দেশনা প্ৰস্তুত কৰা হৈছে।
উক্ত নিৰ্দেশনা অনুসৰি- চৰকাৰী কাম-কাজত অসমীয়া ভাষাৰ ব্যৱহাৰ বাধ্যতামূলক হ’ব। ৰাজ্য চৰকাৰৰ সকলো বিধেয়ক, আইন, নিয়ম, বিধি, আদেশ, অধিসূচনা, প্রশাসনিক আৰু কাৰ্যবাহী নিৰ্দেশনা, বদলি আৰু নিযুক্তিৰ আদেশ তথা চৰকাৰী ৰাজপত্ৰ ইংৰাজীৰ লগতে অসমীয়া ভাষাতো জাৰি কৰা হ’ব।
– বৰাক উপত্যকাৰ জিলাসমূহত ইংৰাজীৰ উপৰি বাংলা ভাষা ব্যৱহাৰ হ’ব।
– বি টি আৰত ইংৰাজীৰ উপৰি বড়ো ভাষা ব্যৱহাৰ হ’ব৷
– কেন্দ্ৰীয় চৰকাৰৰ সকলো অধিসূচনা, আদেশ, আইন, নিয়ময়াৱলী আৰু নিৰ্দেশনা সংশ্লিষ্ট বিভাগে লাভ কৰাৰ ৩০ দিনৰ ভিতৰত অসমীয়া ভাষা বা প্রয়োজন সাপেক্ষে বড়ো আৰু বাংলালৈ অনুবাদ কৰি প্ৰকাশ কৰিব লাগিব।
– পুৰণি আইন, নীতি, নথিপত্ৰ, বিধি, অধিসূচনা আদিও পর্যায়ক্রমে দুবছৰৰ ভিতৰত অসমীয়া বা প্রয়োজন সাপেক্ষে বড়ো আৰু বাংলালৈ অনুবাদ কৰিব লাগিব৷
–