মুম্বাই আক্ৰমণৰ পূৰ্বে দিল্লীৰ নেচনেল ডিফেন্স কলেজত আক্ৰমণৰ পৰিকল্পনা কৰিছিল মুম্বাই আক্ৰমণৰ মাষ্টাৰমাইণ্ড ডেভিদ হেডলী আৰু তাহাউৰ ৰাণাই (Tahawwur Rana)। সূত্ৰৰ পৰা জানিব পৰা মতে, মুম্বাই আক্ৰমণৰ চক্ৰান্তকাৰী ৰামাক জেৰাৰ সময়ত তদন্তকাৰীয়ে এনে তথ্য লাভ কৰে।

কেৱল সেয়াই নহয়, পাকিস্তান সেনাৰ দুজন মেজৰ আব্দুল ৰহমান পাছা আৰু ইকবালে দিল্লীৰ নেচনেল ডিফেন্স কলেজত আক্ৰমণৰ ষড়যন্ত্ৰ চলাইছিল।
সূত্ৰই দাবী কৰা মতে, এই আক্ৰমণৰ মূল লক্ষ্য আছিল ভাৰতীয় সেনাৰ কেইবাজনো ব্ৰিগেডিয়াৰ আৰু জেনেৰেলক একেলগে হত্যা কৰা। ইয়াৰ বাবে মেজৰ ইকবালে ডেভিদ হেডলীক ২৫ হাজাৰ ডলাৰো দিছিল। লক্ষ্য আছিল মুম্বাইৰ তাজ হোটেলকে ধৰি ভাৰতৰ কেইবাটাও স্থানত চোৰাংচোৱাগিৰি কৰা।
উক্ত তালিকাত কেইবাটাও গৱেষণা সংস্থাও আছিল আৰু ৰাণাই সমগ্ৰ পৰিকল্পনাৰ কথা জানিছিল।
সূত্ৰ অনুসৰি, ২০০৬ চনৰ ছেপ্টেম্বৰ মাহত হেডলী মুম্বাইলৈ আহিছিল।পাকিস্তানী মেজৰ জেনেৰেল ইকবালে তেওঁক ভাৰতৰ কেইবাটাও স্থানৰ মানচিত্ৰ আৰু ডিজাইন দিছিল। তদন্তকাৰীয়ে জানিব পাৰে যে দিল্লীৰ ডিফেন্স নেচনেল কলেজো উক্ত তালিকাত আছে।
সূত্ৰ অনুসৰি, ভাৰতত ক’ত আক্ৰমণ কৰিব তাৰ চূড়ান্ত ব্লুপ্ৰিণ্ট ৰচনা কৰা বৈঠকত পাকিস্তান সেনাৰ দুজন মেজৰ আৰু লস্কৰ আৰু জৈছ সন্ত্ৰাসবাদী গোটৰ শীৰ্ষ নেতৃত্বই অংশগ্ৰহণ কৰে। নিয়াৰ সূত্ৰ অনুসৰি, ৰাণাক জেৰা কৰি এই তথ্যৰ প্ৰমাণ সংগ্ৰহৰ প্ৰচেষ্টা চলোৱা হৈছে।