জম্মু-কাশ্মীৰত সন্ত্ৰাসবাদী (JK Terrorist) অনুপ্ৰৱেশৰ চেষ্টা ব্যৰ্থ কৰিলে সেনাই। অৱশ্যে সেনাৰ সূত্ৰ অনুসৰি, নিশাৰ ভাগত হোৱা গুলীচালনাত এজন জোৱান আহত হয়। সোমবাৰে নিশা সেনাই গোপন সূত্ৰৰ পৰা তথ্য লাভ কৰে যে পুঞ্চত সন্ত্ৰাসবাদীৰ এটা দলে অনুপ্ৰৱেশৰ চেষ্টা চলাইছে। তথ্য লাভ কৰাৰ লগে লগে জম্মু-কাশ্মীৰ আৰক্ষী আৰু সেনাৰ যৌথ বাহিনী সষ্টম হয়।

সেনাৰ সূত্ৰ অনুসৰি, পুঞ্চত সন্ত্ৰাসবাদীয়ে যৌথ বাহিনীৰ ওপৰত গুলীচালনা আৰম্ভ কৰে। সেনায়ো প্ৰত্যুত্তৰ দিয়ে। ওৰেনিশা দুয়োপক্ষৰ মাজত গুলীচালনা চলি থাকে। এই সংঘৰ্ষত আহত হয় এজন জোৱান। ইফালে যৌথ বাহিনীৰ প্ৰত্যুত্তৰত সন্ত্ৰাসবাদীৰ দলটোৱে অঞ্চলটোৰ পৰা পলায়ন কৰে।
অৱশ্যে দলটোত কিমান সন্ত্ৰাসবাদী আছিল সেয়া স্পষ্ট হোৱা নাই। আনহাতে, সন্ত্ৰাসবাদীয়ে ওচৰৰ হাবিত আশ্ৰয় লৈ থকাৰ সন্দেহ প্ৰকাশ কৰিছে নিৰাপত্তা বাহিনীয়ে। সেনাই অঞ্চলটো ঘেৰাও কৰি সন্ত্ৰাসবাদীৰ সন্ধান আৰম্ভ কৰে।
অতিৰিক্ত বাহিনীও উক্ত স্থানত উপস্থিত হৈ অনুসন্ধান অভিযানত অংশগ্ৰহণ কৰে। সেনাৰ সূত্ৰ অনুসৰি, সন্ত্ৰাসবাদীক পলায়ন কৰিবলৈ বাধা দিবলৈ চাৰিওফালৰ পৰা ঘেৰাও কৰা হৈছে। উল্লেখ্য যে তিনিদিন পূৰ্বে জম্মু-কাশ্মীৰৰ আখনূৰ ছেক্টৰৰ ৰাজৌৰীত নিয়ন্ত্ৰণ ৰেখাৰ কাষত পাকিস্তানে গুলীচালনাৰ অভিযোগ উত্থাপন হৈছিল। সেই সুযোগতে সন্ত্ৰাসবাদীয়ে অনুপ্ৰৱেশ কৰিবলৈ চেষ্টা কৰে।
কিন্তু সেনাৰ উচিত প্ৰত্যুত্তৰৰ বাবে সেই প্ৰচেষ্টা বিফল হ’ল। অৱশ্যে সন্ত্ৰাসবাদীৰ হাতত সেনা বিষয়াসহ দুজন লোক নিহত হয়। আনহাতে, কিস্তৱাৰাতো সেনা আৰু সন্ত্ৰাসবাদীৰ মাজত সংঘৰ্ষত জৈছ সন্ত্ৰাসবাদী সংগঠনৰ তিনি কেদাৰ নিহত হয়।