নুমলীগড় আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত আয়োজিত বিহু নাচ আৰু ঢোলবাদন কৰ্মশালাৰ ১২ এপ্ৰিলত অন্ত পৰে। সামৰণি অনুষ্ঠানত সভাপতিত্ব কৰে আঞ্চলিকৰ সভাপতি হৰ্ষজ্যোতি ভূঞাই।

অনুষ্ঠানত অতিথি হিচাবে উপস্থিত আছিল সদৌ গোলাঘাট জিলা ছাত্ৰ সন্থাৰ সভাপতি মিন্টু গগৈ, সাধাৰণ সম্পাদক চিৰঞ্জীৱ বৰা , প্ৰচাৰ সম্পাদক লক্ষজ্যোতি নাথ, বোকাখাত মহকুমা ছাত্ৰ সন্থাৰ সভাপতি মনোজ শইকীয়া।
আঞ্চলিক ছাত্ৰ সন্থাৰ ভাৰপ্ৰাপ্ত সাধাৰণ সম্পাদক অবিনাশ বৰাই আঁত ধৰা অনুষ্ঠানত বিশিষ্ট অতিথি হিচাবে উপস্থিত থাকি প্ৰাক্তন আছুৰ বিষয়ববীয়া, বোকাখাত মহকুমা সাংবাদিক সংস্থাৰ সভাপতি বুবুল দত্তই ছাত্ৰ সন্থাই লোৱা এনে প্ৰচেষ্টা জাতিৰ বাবে জৰুৰী বুলি উল্লেখ কৰে।এই অনুষ্ঠানতে নুমলীগড় আঞ্চলিক ছাত্ৰ সন্থাই প্ৰকাশ কৰা নৱ-বৰ্ষৰ কেলেণ্ডাৰ উন্মোচন কৰে বিশিষ্ট সাংস্কৃতিক কৰ্মী, মৰঙী কলেজৰ অধ্যাপক ৰত্নেশ্বৰ মৰাঙে।
মৰাঙে এটি গীতো পৰিৱেশ কৰে। উল্লেখযোগ্য যে আঞ্চলিক ছাত্ৰ সন্থাৰ দ্বাৰা কেলেণ্ডাৰ প্ৰকাশ এয়াই প্ৰথম বুলি চৰ্চিত হৈছে। অনুষ্ঠানত প্ৰশিক্ষক তথা শিল্পী বঁটা প্ৰাপক বিপুল বৰা আৰু গীতিমণি দত্তক বিশেষভাৱে সম্বৰ্ধনা জ্ঞাপন কৰে।