ৰাজ্যিক নিৰ্বাচন আয়োগে কৰা ঘোষণা অনুসৰি বোকাখা (Bokakhat)ত সমজিলাত ২০২৫ ৰ পঞ্চায়ত নিৰ্বাচন (Panchayat elections) প্ৰথম পৰ্যায়ত অনুষ্ঠিত হ’ব অহা ২ মে’ত আৰু মনোনয়ন পত্ৰ দাখিল (Filing of nomination papers)ৰ দিন ধাৰ্য কৰা হৈছিল ০৩ এপ্ৰিলৰ পৰা ১১ এপ্ৰিললৈ। মনোনয়ন পত্ৰ দাখিলৰ অন্তিমদিন অৰ্থাৎ ১১ এপ্ৰিলত বোকাখাত সমজিলাৰ অন্তৰ্গত ৪ টা জিলা পৰিষদ সদস্যৰ বাবে মুঠ ১১ গৰাকী প্ৰাৰ্থীয়ে মনোনয়ন পত্ৰ দাখিল কৰে।

আজি দাখিলকৃত মনোনয়ন পত্ৰসমূহ পৰীক্ষণৰ অন্তত বৈধভাৱে মনোনীত প্ৰাৰ্থীৰ চূড়ান্ত তালিকা প্ৰকাশ কৰা হয়। ০১ নং কাজিৰঙা জিলা পৰিষদত কংগ্ৰেছৰ মামনী দলে আৰু ভাৰতীয় জনতা পাৰ্টীৰ সীতা পানিকা, ০২ নং বোকাখাত জিলা পৰিষদত কংগ্ৰেছৰ ৰশ্মি কাকতী, অসম গণ পৰিষদৰ মামনী গাজলু আৰু অসম জাতীয় পৰিষদ বৰ্ণালী নেওঁগ দত্ত, ০৩ নং মহুৰা জিলা পৰিষদত কংগ্ৰেছৰ অভিজিত কছাৰী, অসম গণ পৰিষদ নৰেন বড়ি আৰু ৰাইজৰ দলৰ নৃপেন মৰাং, ০৪ নং ৰঙামাটি জিলা পৰিষদত কংগ্ৰেছৰ কুঞ্জমনি দাস, ভাৰতীয় জনতা পাৰ্টিৰ পূৰ্ণিমা দাস আৰু অসম জাতীয় পৰিষদৰ পূজা ৰবিদাসৰ মনোনয়ন চূড়ান্ত তালিকাত প্ৰকাশ পাইছে।