ইলেক্ট্ৰনিক নিৰ্বাচন ব্যৱস্থাক লৈ আমেৰিকাৰ উদ্বিগ্নতাৰ মাজতে এইবাৰ মুখ খুলিলে ভাৰতৰ মুখ্য নিৰ্বাচন আয়ুক্ত (Chief Election Commissioner) জ্ঞানেশ কুমাৰে (Gyanesh Kumar)। শনিবাৰে তেওঁ কয় যে ভাৰতত ই ভি এম (EVMs in India) সম্পূৰ্ণৰূপে সুৰক্ষিত। তেওঁ দাবী কৰে যে ইয়াত খেলিমেলি কৰাৰ কোনো সুযোগ নাই। শেহতীয়াকৈ আমেৰিকাৰ চোৰাংচোৱা বিভাগৰ মুৰব্বী টালচি গাবাৰ্ডে ইলেক্ট্ৰনিক ভোটিং ব্যৱস্থাক লৈ উদ্বেগ প্ৰকাশ কৰিছে। গাবাৰ্ডে কয় যে তেওঁৰ কাৰ্যালয়ত ভোটৰ ৰিগিং কৰিবলৈ ইলেক্ট্ৰনিক ভোটিং ব্যৱস্থা ‘হেক’ কৰিব পৰাৰ প্ৰমাণ আছে।
ইলেক্ট্ৰনিক ভোটিং ব্যৱস্থা প্ৰচলিত দেশৰ ভিতৰত ভাৰত হৈছে অন্যতম। আমেৰিকাৰ চোৰাংচোৱা মুৰব্বীগৰাকীৰ এই মন্তব্যৰ পিছতে শুকুৰবাৰে নিশা ৰাষ্ট্ৰীয় নিৰ্বাচন আয়োগৰ সূত্ৰই কয় যে ভাৰতত এনে চিন্তাৰ কোনো কাৰণ নাই। এইবাৰ মুখ্য নিৰ্বাচন আয়ুক্তই এই কথা পুনৰ স্পষ্ট কৰি দিয়ে। জ্ঞানেশ কুমাৰৰ মতে বিভিন্ন গণতান্ত্ৰিক দেশত নিৰ্বাচনী প্ৰক্ৰিয়া বেলেগ বেলেগ। কিছুমান দেশত ইলেক্ট্ৰনিক ভোটিং ব্যৱস্থা আছে।

ভাৰতত ব্যৱহৃত ই ভি এমসমূহত ব্লুটুথ সংযোগ নাই। ফলত তাৰ লগত কোনো ধৰণৰ খেলিমেলি কৰাটো সম্ভৱ নহয়। ভাৰতত ব্যৱহৃত ই ভি এমৰ কথা উল্লেখ কৰি তেওঁ দাবী কৰে যে ভোটদানৰ সময়ত ভিভিপেটৰ শ্লিপো গণনা কৰা হয়। জ্ঞানেশে দাবী কৰে যে এই ক্ষেত্ৰত ক’তো অন্যায়ৰ অভিযোগ নাই।
শেহতীয়াকৈ আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ উপস্থিতিত কেবিনেট বৈঠকত গাবাৰ্ডে ইলেক্ট্ৰনিক ভোটিং ব্যৱস্থাক লৈ উদ্বেগ প্ৰকাশ কৰে। ইলেক্ট্ৰনিক ভোটিং ব্যৱস্থাটোত দীৰ্ঘদিন ধৰি ‘হেক’ হোৱাৰ আশংকা আছে বুলি তেওঁৰ হাতত প্ৰমাণ আছে বুলিও তেওঁ কয়। তেওঁৰ মতে এই বিপদৰ পৰা হাত সাৰিবলৈ ‘পেপাৰ বেলট’ সঠিক বিকল্প হ’ব পাৰে। আমেৰিকাৰ চোৰাংচোৱা মুৰব্বীৰ মন্তব্যৰ পিছতে ভাৰতত বিতৰ্ক আৰম্ভ হয়। কংগ্ৰেছ নেতা ৰণদীপ সিং সুৰজেৱালাই প্ৰশ্ন উত্থাপন কৰে যে গাবাৰ্ডৰ মন্তব্যৰ পিছত কেন্দ্ৰীয় চৰকাৰ বা নিৰ্বাচন আয়োগে কিয় মাত মাতিব পৰা নাই। উক্ত বিতৰ্কৰ পৰিপ্ৰেক্ষিতত মুখ্য নিৰ্বাচন আয়ুক্তই এইবাৰ ৰাষ্ট্ৰীয় নিৰ্বাচন আয়োগৰ স্থিতি উল্লেখ কৰে।