অযোধ্যাত অতিথিশালা (Guesthouse in Ayodhya)ত স্নান কৰা মহিলাৰ ফটো আৰু ভিডিঅ’ (Photos and videos of a bathing woman) তোলাৰ অভিযোগ উত্থাপন হৈছে অতিথিশালাটোৰে এজন কৰ্মচাৰীৰ বিৰুদ্ধে। আৰক্ষীয়ে তেওঁক গ্ৰেপ্তাৰ কৰে। আৰক্ষীৰ সূত্ৰ অনুসৰি, ধৃত ব্যক্তিজনৰ নাম সৌৰভ। তেওঁ বাহৰেইচৰ বাসিন্দা। অযোধ্যাৰ এটা অতিথিশালাত তেওঁ কাম কৰিছিল। অযোধ্যালৈ যোৱা বহু তীৰ্থযাত্ৰী অতিথিশালাটোত থাকে। ফলত বছৰটোৰ ভিতৰত অতিথিশালালৈ তীৰ্থযাত্ৰীৰ অহা-যোৱা থাকেই। শুকুৰবাৰে পোহৰলৈ আহে এই ঘটনা। এগৰাকী মহিলা ভক্তই গা ধুবলৈ গৈ ছাঁ দেখা যেন পায়। সন্দেহ হৈ তেওঁ ওপৰলৈ চোৱাত এজন ব্যক্তিয়ে ফটো উঠাই থকা প্ৰত্যক্ষ কৰে। অভিযোগ অনুসৰি, বাথৰুমৰ টিনৰ শ্বেল্ফৰ ফাঁকেৰে ফটো তুলি আছিল ব্যক্তিজনে।

হঠাৎ এই দৃশ্য দেখি ভক্তগৰাকীয়ে চিঞৰিবলৈ ধৰে। তেওঁৰ চিঞৰত বাকী মানুহবোৰ ওলাই আহে। ইফালে মহিলাগৰাকীয়ে বাথৰুমৰ পৰা ওলাই আহি সমগ্ৰ ঘটনাটো বিৱৰি কয়। ইয়াৰ পিছতে অতিথিশালাটোৰ আন আন ভক্তসকলে অভিযুক্তক ধৰি ৰামজন্মভূমি থানাৰ আৰক্ষীক গতাই দিয়ে। আৰক্ষীৰ সূত্ৰ অনুসৰি, অভিযুক্তক গ্ৰেপ্তাৰ কৰা হৈছে। তেওঁৰ মোবাইলৰ পৰা উদ্ধাৰ হৈছে মহিলাসকলে গা ধুই থকা ১০টা ভিডিঅ’। ইয়াৰ উপৰি বহু অশ্লীল ছবি আৰু ভিডিঅ’ও উদ্ধাৰ হৈছে। ৰাম মন্দিৰৰ ৩ নং গে’টৰ পৰা ৫০ মিটাৰ দূৰত্বত অতিথিশালাটো। অভিযোগকাৰী বাৰাণসীৰ পৰা অযোধ্যালৈ আহিছিল। তেওঁৰ লগত আন চাৰিজন লোকো আছিল। বৃহস্পতিবাৰে আটাইকেইজন উক্ত অতিথিশালালৈ গৈছিল।