পুনৰ বিঘিনি ‘ইউনিফাইড পেমেণ্টছ ইণ্টাৰফেচ’ চমুকৈ ইউ পি আই সেৱা (UPI Service)। এমাহৰ ভিতৰত তৃতীয়বাৰৰ বাবে ইউ পি আই সেৱা বিঘ্নিত (UPI service disrupted) হয়। শনিবাৰে বিয়লি দেশৰ বিভিন্ন প্ৰান্তৰ ব্যৱহাৰকাৰীয়ে অনলাইন লেনদেনত সমস্যাৰ অভিযোগ উত্থাপন কৰিবলৈ আৰম্ভ কৰে। কোনোবাই অনলাইনত টকা পঠিয়াব পৰা নাই, আন কোনোৱে অভিযোগ কৰে যে সাধাৰণতকৈ বেছি সময় লাগে।
ইউ পি আই সেৱা নিৰীক্ষণ কৰা প্লেটফৰ্ম ডাউন ডিটেক্টৰৰ মতে, শনিবাৰে পুৱা ১১.৩০ বজাৰ কিছু সময়ৰ আগতেই এই সমস্যাটো দেখা দিবলৈ আৰম্ভ কৰে। পুৱা ১১.৪০ বজালৈকে বহু অভিযোগ লক্ষ্য কৰা হয়। সেই সময়ছোৱাত অনলাইন লেনদেনত ‘পেমেণ্ট ফেইল’ৰ ২২২টাতকৈও অধিক অভিযোগৰ ৰিপ’ৰ্ট পোৱা গৈছে।

ইউ পি আই সেৱাৰ এই সমস্যা ইতিমধ্যে ভাৰতীয় ৰাষ্ট্ৰীয় পেমেণ্ট নিগমে লক্ষ্য কৰিছে। তেওঁলোকে কয় যে কিছু কাৰিকৰী সমস্যাৰ সৃষ্টি হৈছে। সেইবাবেই কিছুমান ক্ষেত্ৰত ইউ পি আইৰ জৰিয়তে লেনদেন বিফল হৈছে। লগতে সমস্যাটো ক্ষিপ্ৰতাৰে সমাধানৰ বাবে প্ৰচেষ্টা চলোৱা হৈছে বুলিও উল্লেখ কৰে।
ইয়াৰ পূৰ্বে ২৬ মাৰ্চত ইউ পি আই সেৱা বিঘ্নিত হোৱাৰ অভিযোগ উত্থাপন হৈছিল। তাৰ পিছত ২ এপ্ৰিলত সমগ্ৰ দেশৰ বহু ব্যৱহাৰকাৰীয়ে ইউ পি আইৰ জৰিয়তে লেনদেনত সমস্যাৰ কথা জনাইছিল। উক্ত ঘটনাৰ পিছত শনিবাৰে ইউ পি আইৰ লেনদেনত পুনৰ এই সমস্যা হয়। ‘ডাউন ডিটেক্টৰ’ৰ মতে, দেশৰ বিভিন্ন আগশাৰীৰ ইউ পি আই সেৱাৰ এপত এই বিষয়টো প্ৰকাশ পাইছে। ‘গুগল পে’, ‘পেটিএম’কে ধৰি কেইবাটাও প্লেটফৰ্মৰ ব্যৱহাৰকাৰীসকলে বিত্তীয় লেনদেনত সমস্যাৰ সন্মুখীন হোৱা বুলি অভিযোগ উঠিছে।