যোৱা শুকুৰবাৰে বিয়লি প্ৰায় ৪ বজাত গুজৰাটৰ আহমেদাবাদৰ খোকৰাত থকা পৰিষ্কাৰ-১ এপাৰ্টমেণ্টৰ চতুৰ্থ মহলাত ব্যাপক অগ্নিকাণ্ড (Ahmedabad Fire) সংঘটিত হয়। কমেও ৭খন অগ্নিনিৰ্বাপক বাহিনীৰ গাড়ী ঘটনাস্থলীত উপস্থিত হৈ জুই নিয়ন্ত্ৰণ কৰে।

ঘটনাৰ সময়ত কেমেৰাত বন্দী হয় এটা দৃশ্য। চিৰিৰ ওপৰত থিয় হৈ থকা দুগৰাকী মহিলা, এগৰাকী ছোৱালী আৰু এটি শিশুক দেখা গৈছে। এহাতেৰে বেলকনিৰ ৰেলিঙত ধৰি ওলমি থকা এটা শিশু আৰু আনখন হাত ধৰি এগৰাকী মহিলাও উদ্ধাৰৰ বাবে অপেক্ষা কৰি থকা দেখা গৈছে।
অৱশ্যে তৃতীয় মহলাৰ পৰা দুজন ব্যক্তিয়ে শিশুটিক উদ্ধাৰ কৰি নিৰাপদে নমাই আনে। একেদৰে পিছত ছোৱালীজনীকো উদ্ধাৰ কৰা হয়।
ঘটনাৰ সময়ত প্ৰায় ১৮ জন বাসিন্দা অট্টালিকাটোৰ ভিতৰত আবদ্ধ হৈ আছিল।
তেওঁলোকক অগ্নিনিৰ্বাপক বাহিনীৰ লোকে সময়মতে উদ্ধাৰ কৰে। সৌভাগ্যক্ৰমে এই দুৰ্ঘটনাত কোনো লোক হতাহতিৰ খবৰ পোৱা হোৱা নাই। স্থানীয় প্ৰশাসন আৰু অগ্নিনিৰ্বাপক বাহিনীয়ে পৰিস্থিতি সম্পূৰ্ণ নিয়ন্ত্ৰণলৈ আনি ঘটনাৰ কাৰণ জানিবলৈ তদন্ত আৰম্ভ কৰিছে।