একেলেঠাৰিয়ে অবিৰত ধৰ্ষণ আৰু ভাবুকি। জীৱন ৰক্ষাৰ বাবে সন্তানক লৈ অন্য ঠাইলৈ গ’লেও ৰেহাই নাপালে। ৩২ বছৰীয়া এগৰাকী মহিলাৰ এই অভিযোগ পোহৰলৈ অহাৰ পিছত সকলোকে আচৰিত কৰি তুলিছে। ১৮ মাহ ধৰি ১৮ জন লোকে অবিৰতভাৱে ধৰ্ষণ (Gang Rape) কৰাৰ অভিযোগ মহিলাগৰাকীৰ। কিন্তু নৃশংস নিৰ্যাতন সহ্য কৰিও ভাবুকিৰ সন্মুখীন হৈ পৰিয়ালৰ সুৰক্ষাৰ বাবে তেওঁ একো ক’ব পৰা নাছিল।

ডেৰ বছৰতকৈও অধিক পূৰ্বে জ্ঞান সিং নামৰ এজন চুবুৰীয়াৰ ঘৰলৈ নিমন্ত্ৰণ কৰা হৈছিল মহিলাগৰাকীক। এই কথা তেওঁ আৰক্ষীক জানিবলৈ দিয়ে। নিমন্ত্ৰণ গ্ৰহণ কৰি তেওঁৰ ঘৰলৈ যায় মহিলাগৰাকী। সেইদিনা ঘৰত প্ৰৱেশ কৰাৰ পিছত জ্ঞান সিঙে দুৱাৰ মাৰি ধৰ্ষণ কৰে বুলি মহিলাগৰাকীয়ে অভিযোগত উল্লেখ কৰিছে।
আনহাতে, বাহিৰত কাৰোবাক এই কথা ক’লে পৰিয়ালৰ ক্ষতি হ’ব বুলিও ভাবুকি দিয়া হয়। ইয়াৰ উপৰি জ্ঞান সিঙে ভাবুকি দি আন ঠাইলৈ লৈ গৈছিল। তাত তেওঁক একাধিক লোকে দলবদ্ধ ধৰ্ষণ কৰে আৰু সেই ভিডিঅ’ টেপ কৰা হয়। তেতিয়াৰে পৰাই সেই ভিডিঅ’ দেখুৱাই মহিলাগৰাকীক বাৰে বাৰে ব্লেকমেইল কৰা হৈছিল।
আৰক্ষীয়ে জনোৱা মতে অভিযুক্তকেইজন হৈছে জ্ঞান সিং, ভাল সিং, কান সিং, নাথু সিং, ভনোৱাৰ সিং, লক্ষ্মণ সিং, ৰামাৱতাৰ, মুকেশ, মহেন্দ্ৰ, ৰামদয়াল, ৰঘুবীৰ, ধনে সিং, প্ৰেম সিং, পৱন, ৰাকেশ, ৰঞ্জিত সিং, ৰূপ সিং আৰু মহেন্দ্ৰ সিং।
ইফালে মহিলাগৰাকীয়ে জীৱন বচাবলৈ আন ঠাইলৈ গুচি গ’লেও বিপদ তাতো শেষ হোৱা নাছিল। তেওঁক বাৰে বাৰে ফোনত ঘূৰি আহিবলৈ ভাবুকি দিয়া হৈছিল। অৱশেষত মহিলাগৰাকীয়ে স্বামীক সকলো কথা বিৱৰি কয়। লগে লগে তেওঁ আৰক্ষীৰ ওচৰত এজাহাৰ দাখিল কৰে।