কোম্পানীয়ে দৰমহা বৃদ্ধি নকৰাৰ ক্ষোভত এজন চালকে তেওঁ চলোৱা কোম্পানীটোৰ বাছখনত জুই লগাই (Driver set fire in bus) দিয়ে। ফলত কোম্পানীটোৰ চাৰিজন কৰ্মচাৰীৰ অগ্নিদগ্ধ হৈ মৃত্যু হয়। আনহাতে, গুৰুতৰভাৱে আহত হয় ৬ জন। বাছৰ খিৰিকী ভাঙি জপিয়াই আন চাৰিজনে কেনেবাকৈ জীৱন বচায়। বুধবাৰে পুনেৰ হিঞ্জেৱাডীত সংঘটিত হয় এই ঘটনা।

আৰক্ষীৰ সূত্ৰ অনুসৰি, প্ৰথমে বাছখনত শ্বৰ্ট চাৰ্কিটৰ বাবে জুই লাগিছিল বুলি অনুমান কৰা হৈছিল। কিন্তু চালকজনক আটক কৰি জেৰা কৰাত প্ৰকৃত ঘটনা পোহৰলৈ আহে।
অভিযুক্ত চালকজনৰ নাম জনাৰ্দন। জনাৰ্দনে হিঞ্জেৱাডীৰ এটা গ্রাফিক কোম্পানীত বাছ চলাইছিল৷ সকলোৰে দৰমহা বৃদ্ধি হ’লেও তেওঁৰ দৰমহা বৃদ্ধি হোৱা নাই বুলি অভিযোগ কৰে। কেৱল সেয়াই নহয়, কামৰ হেঁচাত তেওঁলোকক উপযুক্তভাৱে খোৱাৰ সুযোগ দিয়া নহয় বুলিও অভিযোগ। চালক জনাৰ্দনে এই বিষয়ত খুব ক্ষোভিত হৈছিল।
বুধবাৰে জনাৰ্দনে বাছেৰে কোম্পানীটোলৈ শকৰ্মচাৰীসকলক লৈ গৈছিল। তেতিয়াই বাছখনৰ মাজতে হঠাৎ জুই লাগে। প্ৰথমে বাছখনৰ এচি অন হৈ থকাৰ বাবে শ্বৰ্ট চাৰ্কিটৰ বাবেই এই অগ্নিকাণ্ড সংঘটিত হোৱা বুলি ধাৰণা কৰা হৈছিল। বাছখনত ভয়ংকৰ অগ্নিকাণ্ড সংঘটিত হয়। সেই সময়ত বাছখনৰ ভিতৰত ১৪ জন কৰ্মচাৰী আছিল।
অগ্নিকাণ্ডত চাৰিজন কৰ্মচাৰী জ্বলি ছাই হৈ যায়। আন ছয়জন গুৰুতৰভাৱে অগ্নিদগ্ধ হয়। বাকী চাৰিজনে বাছৰ খিৰিকীৰ গ্লাছ ভাঙি কেনেবাকৈ ওলাই যায়। তদন্তত আৰক্ষীয়ে গম পায় যে চালক জনাৰ্দনে বাছখনৰ ভিতৰত বেনজিম ছলিউচন নামৰ ৰাসায়নিক পদাৰ্থ এৰি দিয়াৰ পূৰ্ব পৰিকল্পনা কৰিছিল।
কৰ্মচাৰীক আনিবলৈ যোৱাৰ পূৰ্বে দোকানৰ পৰা মেচ কিনিছিল। ইয়াৰ পিছত কাপোৰ এটুকুৰা ৰাসায়নিক দ্ৰব্যৰে তিয়াই লয়। ঘৰৰ পৰা কৰ্মচাৰীক উঠাই কোম্পানীলৈ আনিবলৈ বাটত ৰাসায়নিক তিয়াই থোৱা কাপোৰত জুই লগাই বাছৰ ভিতৰলৈ দলিয়াই দিয়ে। ক্ষন্তেকতে বাছখন জুইৰ লেলিহান শিখাই আগুৰি ধৰে।