বিজেপি বিধায়কসকলৰ তীব্ৰ আপত্তিৰ মাজতে কৰ্ণাটক বিধানসভাত সংখ্যালঘু সুৰক্ষা বিধেয়কখন (Karnataka muslim quota bill) গৃহীত হয়। যদিহে ৰাজ্যপালে বিধেয়কখনত সন্মতি দিয়ে তেন্তে কৰ্ণাটকৰ সংখ্যালঘুসকলে যিকোনো চৰকাৰী চুক্তিত ৪ শতাংশ সংৰক্ষণ লাভ কৰিব।

অৱশ্যে বিধেয়কখন গ্ৰহণৰ সময়ত অসংসদীয় আচৰণৰ বাবে বিজেপিৰ ১৮ গৰাকী বিধায়কক ছমাহৰ বাবে অধ্যক্ষই নিলম্বন কৰে।উল্লেখযোগ্য যে যোৱা সপ্তাহত বাজেট দাখিলৰ সময়ত কৰ্ণাটকৰ মুখ্যমন্ত্ৰী সিদ্দাৰমাইয়াই কৈছিল যে ৰাজ্যখনৰ সকলো চৰকাৰী নিবিদাত মুছলমানসকলৰ বাবে ৪ শতাংশ সংৰক্ষণ প্ৰৱৰ্তন কৰা হ’ব।
শুকুৰবাৰে পূৰ্বৰ ঘোষণা অনুসৰি সংশ্লিষ্ট বিধেয়কখন বিধানসভাত দাখিল কৰা হয়। কিন্তু বিধেয়কখনৰ প্ৰতিলিপি ফালি-চিৰি অধ্যক্ষৰ ওচৰলৈ দলিয়াই দিয়া হয়। বিধেয়কখন অসাংবিধানিক বুলি দাবী কৰি বিজেপিৰ বিধায়কসকলে ওৱেলছত প্ৰতিবাদ সাব্যস্ত কৰিবলৈ আৰম্ভ কৰে। দুই এজন প্ৰতিবাদকাৰী বিধায়কক মাৰ্শ্বালৰ দ্বাৰা বিধানসভাৰ বাহিৰ কৰি দিয়া হয়।
উল্লেখযোগ্য যে কৰ্ণাটকত বিজেপিৰ শাসনত মুছলমানৰ বাবে থকা সকলো সংৰক্ষণ আঁতৰাই দিয়া হৈছিল। ২০২৩ চনত বিধানসভা নিৰ্বাচনত জয়ী হোৱাৰ পিছত সংখ্যালঘুৰ বাবে সংৰক্ষণ অনাৰ প্ৰয়াসত কৰ্ণাটকত কংগ্ৰেছ ক্ষমতালৈ আহিছিল। ইতিমধ্যে কৰ্ণাটকৰ মুখ্যমন্ত্ৰীয়ে সংখ্যালঘুৰ উন্নয়নৰ বাবে ১০০০ কোটি টকা আবণ্টন দিয়াৰ কথা ঘোষণা কৰিছে।
মুছলমান সমাজৰ দাবী অনুসৰি, চৰকাৰী নিবিদাত ৪ শতাংশ সংৰক্ষণৰ ঘোষণা কৰা হৈছে। এই বিধেয়ক অনুসৰি চৰকাৰী বিলত ৪ শতাংশ সংৰক্ষণ লাভ কৰিব মুছলমান ঠিকাদাৰে। সংশোধিত বিধেয়কখনত মুছলমান ঠিকাদাৰে দুই কোটি টকাৰ নিৰ্মাণ কামৰ বাবে সংৰক্ষণ লাভ কৰিব। আন পিছপৰা শ্ৰেণীয়ে এক কোটি টকা পৰ্যন্ত সংৰক্ষণ লাভ কৰিব।
সংশোধিত বিধেয়কখনৰ মতে কৰ্ণাটকৰ যিকোনো চৰকাৰী নিৰ্মাণ কামত অনুসূচিত জাতি আৰু জনজাতীয় লোকৰ প্ৰতিনিধিয়ে লাভ কৰিব ২৪ শতাংশ সংৰক্ষণ। অন্যান্য পিছপৰা শ্ৰেণীয়ে একৰ পৰা চাৰি শতাংশ আৰু অন্যান্য পিছপৰা শ্ৰেণীয়ে (IIA) ১৫ শতাংশ সংৰক্ষণ লাভ কৰিব।