লণ্ডনৰ হিথ্ৰ’ বিমানবন্দৰ (Heathrow Airport Fire) একেৰাহে ১৮ ঘণ্টা ধৰি বন্ধ হৈ থকাৰ পিছত অৱশেষত শুকুৰবাৰে নিশা কেইখনমান বিমান উৰা মাৰে। শুকুৰবাৰে নিশা এই সেৱা স্বাভাৱিক কৰা হৈছে বুলি বিমানবন্দৰ কৰ্তৃপক্ষই জানিবলৈ দিয়ে।শনিবাৰে পুৱাৰে পৰা পূৰ্ণগতিত বিমান সেৱা আৰম্ভ হ’ব বুলিও নিশাৰ ভাগত আশা প্ৰকাশ কৰা হয়।

লণ্ডনৰ অগ্নিনিৰ্বাপক বাহিনীয়ে জনোৱা মতে, ওচৰৰ বৈদ্যুতিক চাবষ্টেচনৰ পৰা হিথ্ৰ’লৈ জুই বিয়পি পৰে।কেন্দ্ৰটোত ২৫ হাজাৰ লিটাৰ তেল মজুত আছিল, যিবোৰ দাউদাউকৈ জ্বলি উঠে।
কেৱল ব্ৰিটেইনেই নহয়, হিথ্ৰ’ ইউৰোপৰ আটাইতকৈ ব্যস্ত বিমানবন্দৰ। অগ্নিকাণ্ডৰ দুৰ্যোগৰ বাবে বহু যাত্ৰী সমস্যাৰ সন্মুখীন হৈছে। কাৰণ তাত ১৮ ঘণ্টাৰ বাবে বিমান সেৱা বন্ধ কৰি ৰখা হৈছিল।
লণ্ডনত আবদ্ধ হৈ আছে হাজাৰ হাজাৰ লোক। বহু বিমান বাতিল কৰা হৈছে। বহু বিমানৰ সময় সলনি কৰা হৈছে। যাত্ৰীসকলৰ অসুবিধাৰ বাবে হিথ্ৰ’ কৰ্তৃপক্ষই ক্ষমা বিচাৰে।শুকুৰবাৰে লণ্ডনৰ অগ্নিনিৰ্বাপক বাহিনীয়ে জনোৱা মতে, অগ্নিকাণ্ড সংঘটিত হোৱা বিদ্যুৎ কেন্দ্ৰটোত বৃহৎ পৰিমাণৰ তেল (শীতল তেল) মজুত আছে।
এই ধৰণৰ তেল বিমানৰ ইঞ্জিন বা আন যিকোনো যন্ত্ৰ অতি উত্তাপ হ’লে ঠাণ্ডা কৰিবলৈ ব্যৱহাৰ কৰা হয়। শুকুৰবাৰে সন্ধিয়া হিথ্ৰ’ৰ পৰা দুখনমান বিমান উৰা মাৰিবলৈ আৰম্ভ কৰাৰ সময়লৈ অগ্নিনিৰ্বাপক বাহিনীয়ে পাঁচ শতাংশ জুই নিয়ন্ত্ৰণ কৰিছে। অৱশ্যে বৰ্তমান পৰিস্থিতি সম্পূৰ্ণৰূপে নিয়ন্ত্ৰণত আছে।
হিথ্ৰ’ বিমানবন্দৰৰ মেনেজাৰ থমাছ অল্ডবাই কয়, “আশাকৰোঁ আমি শনিবাৰে পুৱাৰে পৰা পুনৰ সম্পূৰ্ণ সেৱা আৰম্ভ কৰিবলৈ সক্ষম হ’ম। আৰু পাঁচ দিনৰ পাছত বিমান সেৱা ১০০ শতাংশ স্বাভাৱিক হৈ পৰিব। বহু লোকৰ যাত্ৰা ব্যাহত হৈছে।আমি তাৰ বাবে বহুত দুখী।”
উল্লেখযোগ্য যে বৃহস্পতিবাৰে স্থানীয় সময় অনুসৰি নিশা প্ৰায় ১১.২৩ বজাত (ভাৰতীয় সময়মতে শুকুৰবাৰে ৪.৫৩ বজাত) হিথ্ৰ’ বিমানবন্দৰত অগ্নিকাণ্ড সংঘটিত হয়। সেই নিশা ২ বজাত (ভাৰতীয় সময়মতে শুকুৰবাৰে ৭.৩০ বজাত) বিমানবন্দৰটো বন্ধ কৰি দিয়া হয়। অগ্নিকাণ্ডৰ বাবে বিমানবন্দৰটো বিদ্যুৎবিহীন হৈ পৰে।কৰ্তৃপক্ষই কয় যে সেৱাসমূহ স্বাভাৱিক অৱস্থালৈ ঘূৰি আহিবলৈ কমেও ২৪ ঘণ্টা সময় লাগিব।
কিন্তু কৰ্মচাৰীসকলে যৎপৰোনাস্তি চেষ্টা কৰে। অৱশেষত ১৮ ঘণ্টাৰ পাছত হিথ্ৰ’ স্বাভাৱিক অৱস্থালৈ ঘূৰি আহিল।অৱশ্যে বিদ্যুৎ কেন্দ্ৰটোত কেনেকৈ জুই লাগিল সেয়া এতিয়াও স্পষ্ট হোৱা নাই। তদন্ত অব্যাহত আছে।