দেওবাৰে নিশা ধুবুৰীৰ কঁচুৱাৰ খাস অঞ্চলত এক শোকাৱহ ঘটনা (Dhubri Accident) সংঘটিত হয়। এখন তীব্ৰবেগী মটৰ চাইকেলৰ খুন্দাত এগৰাকী মহিলা আৰু এটি কণমানি শিশুৰ থিতাতে মৃত্যু হোৱাৰ খবৰ লাভ কৰা গৈছে, যাৰ ফলত সমগ্ৰ অঞ্চলটো শোকাকুল হৈ পৰিছে।

প্ৰাপ্ত তথ্য অনুসৰি, দেওবাৰে সন্ধিয়া আদাবাৰীৰ বিশিষ্ট সমাজসেৱী আজগৰ আলীৰ পত্নী তথা ধুবুৰী জিলা পৰিষদৰ অন্তৰ্গত আদাবাৰী জিলা পৰিষদৰ কংগ্ৰেছ দলৰ প্ৰাক্তন সদস্যা ছিদ্দিকা বেগম (৫০), তেখেতৰ নাতিনী মুচকান পাৰবিন (৩) আৰু আলীৰ ভগ্নী ছেলিমা বেগম (৪০) খোজ কাঢ়িবলৈ ওলাইছিল।
ঠিক সেই সময়তে কঁচুৱাৰ খাস অঞ্চলত নিৰ্মাণাধীন ধুবুৰী-ফুলবাৰী দলং সংযোগী ১২৭ বি নং ৰাষ্ট্ৰীয় ঘাইপথত এখন তীব্ৰবেগী মটৰ চাইকেল আকস্মিকভাৱে খুন্দা মাৰে। ফলত, ছিদ্দিকা বেগম আৰু তেখেতৰ নাতিনী মুচকান পাৰবিনৰ থিতাতে মৃত্যু ঘটে। আনহাতে, ছেলিমা বেগম গুৰুতৰভাৱে আহত হয় আৰু তৎক্ষণাত ধুবুৰী চিকিৎসা মহাবিদ্যালয় হাস্পাতালত ভৰ্তি কৰা হয়।
ইপিনে, মটৰ চাইকেলখনৰ চালক, ধুবুৰী জিলাৰ গৌৰীপুৰৰ কাঠালেৰতলীৰ বাসিন্দা মেহবুব আলীও গুৰুতৰভাৱে আহত হয় আৰু বৰ্তমান ডিএমচিএইচত চিকিৎসাধীন হৈ আছে। স্থানীয় কিছু লোকৰ মতে, উক্ত মটৰ চাইকেলখনত চালকসহ মুঠ তিনিগৰাকী আৰোহী আছিল।
এই শোকাৱহ ঘটনাই সমগ্ৰ অঞ্চলটোত গভীৰ শোকৰ ছাঁ পেলাইছে।