আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱস (International Women’s Day)ৰ দিনা এক আশ্চৰ্যজনক তথ্য পোহৰলৈ আহিছে। গ্ৰেট লেকছ ইনষ্টিটিউট অৱ মেনেজমেণ্ট, চেন্নাইৰ তৰফৰ পৰা এই তথ্য সকলোৰে আগত দাঙি ধৰা হৈছে। উক্ত তথ্যত এতিয়া সকলোৱে স্তম্ভিত হৈ পৰিছে। ভাৰতৰ শ্ৰম বজাৰত মহিলা শ্ৰমিকৰ সংখ্যা (Number of women workers) ১০ শতাংশ বৃদ্ধি (10 percent increase) পাইছে। এই খবৰটো সকলোৰে বাবে যথেষ্ট উৎসাহজনক। ফলত চাকৰিৰ বজাৰত মহিলা যে বহু আগবাঢ়ি আছে সেয়া প্ৰমাণিত হৈছে। কিন্তু চিন্তাৰ বিষয় যে বিভিন্ন কাৰ্যালয়ত কৰ্মৰত প্ৰায় ৮ কোটি ৯০ লাখ মহিলা চৰকাৰে প্ৰদান কৰা (provided by the Government) সুবিধাৰ পৰা বঞ্চিত (deprived of facilities) হৈছে। যিবোৰ ব্যক্তিগত প্ৰতিষ্ঠানত তেওঁলোকে কাম কৰে, সেইবোৰে তেওঁলোকক এই সুযোগৰ পৰা বঞ্চিত কৰিছে। ভাৰতীয় চাকৰিৰ বজাৰত এতিয়া পুৰুষতকৈ বহু আগবাঢ়ি আছে মহিলা। বহু সময়ত দেখা গৈছে যে কামৰ ক্ষেত্ৰত তেওঁলোক পুৰুষতকৈ অধিক কাৰ্যক্ষম। কিন্তু তেওঁলোকে যি সুবিধা পাব লাগে তাৰ পৰা একো পোৱা নাই।

এই সমীক্ষাত দেখা গৈছে যে যোৱা ১০ বছৰত শ্ৰম বজাৰত মহিলা শ্ৰমিকৰ সংখ্যা যথেষ্ট বৃদ্ধি পাইছে। প্ৰায়ে তাত থকা পুৰুষ শ্ৰমিকসকলক প্ৰত্যাহ্বান জনাইছে। কিন্তু এই সকলোবোৰৰ মাজতো দেখা গ’ল যে বহু চৰকাৰী সুযোগৰ পৰা তেওঁলোক বঞ্চিত হৈ আছে।
ভাৰতীয় চাকৰিৰ বজাৰত ২০ৰ পৰা ২৪ বছৰৰ ভিতৰৰ মহিলাৰ সংখ্যা প্ৰতি বছৰে বৃদ্ধি পাইছে। তাত ১০ শতাংশৰ ভিতৰত ৭.৫ শতাংশ মহিলাই অতি উচ্চ দক্ষতা প্ৰদৰ্শন কৰিছে। বহু সময়ত দেখা গৈছে যে স্বামী-স্ত্ৰী দুয়োজনেই ঘৰত উপাৰ্জন কৰে যদিও পত্নীৰ উপাৰ্জন স্বামীতকৈ বহু বেছি। কেৱল কামৰ ক্ষেত্ৰতে নহয়, শিক্ষাগত অৰ্হতাৰ ক্ষেত্ৰতো পত্নীয়ে স্বামীৰ তুলনাত বহু আগবাঢ়িছে।
দেখা গৈছে যে কেৱল বাহিৰৰ কাম বা অফিচৰ কামতেই নহয়, ঘৰুৱা কামতো মহিলাসকলে পুৰুষক সম্পূৰ্ণৰূপে পিছুৱাই গৈছে। কাৰ্যালয়ৰ পৰা উভতি অহাৰ পিছত ঘৰৰ কাম-কাজতো সমান দক্ষতা প্ৰদৰ্শন কৰে। কিন্তু ইমানখিনি কৰাৰ পিছতো তেওঁলোকে পোৱা উচিত চৰকাৰী সা-সুবিধাবোৰৰ কোনো এটাও পোৱা নাই। ভৱিষ্যতে এই পৰিস্থিতি কিমান সলনি হ’ব সেয়াই হৈছে আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱসৰ আটাইতকৈ ডাঙৰ প্ৰশ্ন।