কৰ্ণাটকত নিগৃহীত বিদেশী পৰ্যটক। এগৰাকী ইজৰাইলী যুৱতীক দলবদ্ধ ধৰ্ষণৰ (Foreigner Rape) অভিযোগ। তেওঁৰ সৈতে স্থানীয় এগৰাকী যুৱতীকো দলবদ্ধ ধৰ্ষণ কৰা হয়। তেওঁলোকৰ এজন সংগীৰ মৃত্যুও হয়। সমগ্ৰ ঘটনাত তিনিজন যুৱকৰ বিৰুদ্ধে আৰক্ষীৰ ওচৰত এজাহাৰ দাখিল কৰা হৈছে।

এতিয়ালৈকে অৱশ্যে কোনো লোকক গ্ৰেপ্তাৰ কৰা হোৱা নাই। আৰক্ষীয়ে অভিযুক্তক চিনাক্ত কৰাৰ চেষ্টা চলাইছে। আনহাতে, চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে নিৰ্যাতিতা। অভিযোগ অনুসৰি, দুগৰাকী যুৱতীৰ সৈতে আন তিনিজন যুৱক আছিল। তেওঁলোকক ঠেলি খালৰ পানীত পেলাই দিয়ে। শনিবাৰে পুৱা তাৰ পৰা এজনৰ মৃতদেহ উদ্ধাৰ কৰা হয়।
কৰ্ণাটকৰ কোপ্পালত সংঘটিত হৈছে এই ঘটনা। চহৰখন বাংগালুৰুৰ পৰা ৩৫০ কিলোমিটাৰ দূৰত্বত। ইজৰাইলী যুৱতীগৰাকী তাত ভ্ৰমণ কৰিবলৈ গৈছিল। তেওঁৰ লগত আছিল এজন আমেৰিকান যুৱক। ইয়াৰ উপৰি মহাৰাষ্ট্ৰ আৰু ওড়িশাৰ আন দুজন যুৱকো আছিল। তেওঁলোক একেটা হোম ষ্টেত আছিল।
বৃহস্পতিবাৰে নিশা হোম ষ্টেৰ মালিকনীয়ে তেওঁলোকক টুংগভদ্ৰা নদীৰ টানেল চাবলৈ লৈ যায়। অভিযোগ অনুসৰি, সেই সময়তে তেওঁলোকক আক্ৰমণ কৰা হৈছিল। প্ৰথমে তিনিজন পৰ্যটকক প্ৰহাৰ কৰি খালত ঠেলি দিয়া হয়। ইয়াৰ পিছত অভিযুক্তই হোম ষ্টেৰ মালিকনী আৰু বিদেশী ছোৱালীজনীক ধৰ্ষণ কৰে।
আমেৰিকাৰ যুৱকজন আৰু মহাৰাষ্ট্ৰৰ পৰা অহা পৰ্যটকজনে পানীৰ পৰা কোনোৰকম উঠি আহিবলৈ সক্ষম হ’লে ওড়িশাৰ যুৱকজনে উঠিব নোৱাৰিলে। শনিবাৰে পুৱা তেওঁৰ মৃতদেহ উদ্ধাৰ কৰা হয়।
আৰক্ষীৰ সূত্ৰ অনুসৰি, নিশা প্ৰায় ১১.৩০ বজাত পৰ্যটকসকলে খালটোৰ কাষত থিয় হৈ আকাশৰ তৰাবোৰ চাই আছিল। সেই সময়ত পেট্ৰ’ল পাম্প বিচাৰি বাইকত তিনিজন যুৱকে আহে। ইয়াৰ পিছত তেওঁলোকে পৰ্যটকৰ পৰা ১০০ টকাকৈ দাবী কৰে।
ধন দিবলৈ অস্বীকাৰ কৰাত মাৰপিট কৰা হয়। ইয়াৰ পিছতে তিনিওজন অভিযুক্তই যুৱতী দুগৰাকীক ধৰ্ষণ কৰে। ভুক্তভোগীৰ অভিযোগৰ ভিত্তিত আৰক্ষীয়ে এফআইআৰ দাখিল কৰে। অভিযুক্তৰ সন্ধানত বিশেষ দল গঠন কৰা হৈছে। মহিলা দুগৰাকীৰ স্বাস্থ্য পৰীক্ষা কৰা হয়।