শুকুৰবাৰে হাৰিয়ানাৰ পঞ্চকুলাত ভাৰতীয় বায়ুসেনাৰ এখন যুদ্ধবিমান দুৰ্ঘটনাগ্ৰস্ত (Airforce Aircraft Accident) হয়। দৈনিক প্ৰশিক্ষণ চলি থকাৰ সময়তে দুৰ্ঘটনাটো সংঘটিত হয়। অৱশ্যে নিৰাপদে যুঁজাৰু বিমানখনৰ পৰা পাইলটজন নামিবলৈ সক্ষম হয়।

বায়ুসেনাৰ তথ্য অনুসৰি, বিমানখনত কাৰিকৰী সমস্যাৰ সৃষ্টি হৈছিল। কিন্তু চালকজনে স্থানীয় এলেকাৰ পৰা আঁতৰাই লৈ যায়। ফলত কোনো লোকে প্ৰাণ হেৰুৱাবলগীয়া হোৱা নাই। ঘটনা সন্দৰ্ভত তদন্তৰ নিৰ্দেশ দিছে বায়ুসেনাই।
সংবাদ মাধ্যমৰ সূত্ৰ অনুসৰি, শুকুৰবাৰে হাৰিয়ানাৰ আম্বালাৰ পৰা উৰা মাৰিছিল যুদ্ধ বিমানখন। কিন্তু হঠাৎ সমস্যাৰ সৃষ্টি হয়। বায়ুসেনাৰ তথ্য অনুসৰি, চালকজনক চিকিৎসালয়লৈ লৈ যোৱা হৈছে।
উল্লেখ্য যে যোৱা মাহত মধ্যপ্ৰদেশৰ শিৱপুৰীত দুৰ্ঘটনাগ্ৰস্ত হৈছিল দুখন আসনৰ মিৰাজ ২০০০ যুদ্ধ বিমান। অৱশ্যে দুয়োজন পাইলটেই বিমানখনৰ পৰা নামিবলৈ সক্ষম হয়। ২০২৪ চনৰ নৱেম্বৰ মাহত উত্তৰ প্ৰদেশৰ আগ্ৰাৰ সমীপত মিগ-২৯ বিমান দুৰ্ঘটনাগ্ৰস্ত হৈছিল। সেইবাৰো প্ৰাণৰক্ষা পৰে চালকৰ।