বন্ধ ঘৰৰ কোঠাৰ পৰা উদ্ধাৰ (Rescued from house room) এজন ব্যৱসায়ী (A businessman)কে ধৰি একেটা পৰিয়ালৰ চাৰিজন সদস্য (Four family members)ৰ নিথৰ দেহ (dead body)। সোমবাৰে পুৱা কৰ্ণাটকৰ মহীশূৰ (Mysore in Karnataka)ত সংঘটিত হয় এই ঘটনা। এই ঘটনাই অঞ্চলটোত উত্তেজনাৰ সৃষ্টি কৰিছে। আনহাতে, একেটা পৰিয়ালৰ চাৰিজন সদস্যৰ ৰহস্যজনক মৃত্যুৰ তদন্ত আৰক্ষীয়ে অব্যাহত ৰাখিছে।
সোমবাৰে পুৱা মহীশূৰৰ বিশ্বেশ্বৰ নগৰৰ এটা ঘৰৰ কোঠাৰ পৰা চাৰিটা মৃতদেহ উদ্ধাৰ কৰা হয়। আৰক্ষীৰ সূত্ৰ অনুসৰি, উদ্ধাৰ হোৱা মৃতদেহকেইটা হৈছে ব্যৱসায়ী তথা অভিযন্তা চেতন (৪৫), পত্নী ৰূপালী (৪৩), মাতৃ প্ৰিয়ম্বদা (৬৫) আৰু পুত্ৰ কুশলৰ (১৫)। কোঠাটোৰ চিলিঙত চিপ লোৱা অৱস্থাত উদ্ধাৰ হয় চেতনৰ মৃতদেহ। তেওঁৰ মূৰটো পলিথিনৰ বেগ এটাৰে মেৰিয়াই থোৱা আছিল।

আনহাতে, কুশলৰ মৃতদেহটো হাত-ভৰি বন্ধা অৱস্থাত কোঠাটোৰ মজিয়াত পৰি আছিল। ইফালে প্ৰিয়ম্বদা আৰু ৰূপালীৰ মৃতদেহো একেদৰেই উদ্ধাৰ হয়। প্ৰাথমিক তদন্ত অনুসৰি চেতনৰ বাহিৰে পৰিয়ালৰ বাকী সদস্যসকলক ডিঙি চেপি হত্যা কৰা হয়। চেতনে হয়তো নিজে পৰিয়ালৰ লোককেইজনক হত্যা কৰি আত্মহত্যা কৰে। অৱশ্যে একাংশ সূত্ৰই দাবী কৰিছে যে চেতনে আত্মহত্যাৰ পূৰ্বে পৰিয়ালৰ বাকী সদস্যসকলক বিষাক্ত দ্ৰব্যও সেৱন কৰাইছিল। মৃতকৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হৈছে। মৃত্যুৰ প্ৰকৃত কাৰণ মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদনৰ পিছতহে জানিব পৰা যাব।
কিন্তু একেটা পৰিয়ালৰ চাৰিজন সদস্যই কিয় হঠাতে এনে সিদ্ধান্ত ল’লে সেয়া এতিয়াও ৰহস্যৰ আৱৰ্তত আছে। আৰক্ষীৰ তথ্য অনুসৰি, শেহতীয়াকৈ পৰিয়ালটো আৰ্থিক সংকটত ভুগিছিল। তাৰ বাবেই হয়তো তেওঁলোকে আত্মহত্যাৰ সিদ্ধান্ত লয়। আনহাতে, সোমবাৰে পুৱাৰ ঘটনাই অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি কৰে। স্থানীয় সূত্ৰ অনুসৰি, চেতনে আত্মহত্যাৰ পূৰ্বে পুৱা প্ৰায় ৪ বজাত আমেৰিকাৰ বাসিন্দা ভাতৃ ভাৰতক ফোন কৰে। ভাৰতে দাবী কৰে যে চেতনে তেওঁক ফোনযোগে কৈছিল, “আমি আত্মহত্যা কৰি মৰিম।” আতংকিত হৈ ভাৰতে খৰধৰকৈ চেতনৰ শহুৰেকক খবৰ দিয়ে। কিন্তু চেতনৰ শহুৰেক আহি তেওঁলোকৰ ঘৰ পোৱাৰ পূৰ্বেই সকলো শেষ হৈ যায়। ইফালে তথ্য লাভ কৰাৰ পাছতে বিভিন্ন আৰক্ষীৰ দল ঘটনাস্থলীত উপস্থিত হয়৷ আৰক্ষী আয়ুক্ত সীমা লাটকাৰ, উপ-আৰক্ষী আয়ুক্ত (অপৰাধ আৰু যান-বাহন) এছ জাহ্নৱী আৰু বিদ্যান্যপুৰমৰ পৰিদৰ্শক মোহিতৰ লগতে জ্যেষ্ঠ বিষয়াসকলে ঘটনাস্থলী পৰিদৰ্শন কৰে। বিদ্যান্যপুৰম আৰক্ষী থানাত এই সন্দৰ্ভত এটা গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ হৈছে।