দ্বিতীয়বাৰৰ বাবে আমেৰিকাৰ ৰাষ্ট্ৰপতি হোৱাৰ পাছত ড’নাল্ড ট্ৰাম্পে (Donald Trump) বিশ্বৰ বিভিন্ন দেশলৈ বিত্তীয় অনুদান স্থগিত ৰাখিছে। এই সন্দৰ্ভত ৰাষ্ট্ৰসংঘই আশংকা প্ৰকাশ কৰিছে যে ট্ৰাম্পৰ সিদ্ধান্তৰ ফলত লাখ লাখ লোক এইডছত আক্ৰান্ত হৈ মৃত্যুবৰণ কৰিব পাৰে।

‘আন্তৰ্জাতিক উন্নয়নৰ বাবে আন্তৰ্জাতিক ৰাষ্ট্ৰ সংস্থা’ৰ জৰিয়তে আমেৰিকাই বিশ্বৰ বিভিন্ন দেশত স্বাস্থ্য ব্যৱস্থা উন্নত কৰাৰ বাবে বিত্তীয় অনুদান প্ৰদান কৰে। এই খণ্ডত ধন খৰচ কৰাৰ ক্ষেত্ৰত আমেৰিকা বিশ্বৰ উন্নত দেশসমূহৰ শীৰ্ষত আছে। কিন্তু দ্বিতীয়বাৰৰ বাবে ৰাষ্ট্ৰপতি হোৱাৰ পিছত ট্ৰাম্পে এই অনুদান তিনি মাহৰ বাবে স্থগিত ৰখাৰ কথা ঘোষণা কৰে।
ট্ৰাম্প প্ৰশাসনৰ সিদ্ধান্তৰ কথা উল্লেখ কৰি ৰাষ্ট্ৰসংঘৰ ৰোগ প্ৰতিৰোধ অভিযানৰ মুৰব্বীয়ে দেওবাৰে কয় যে যদি অনুদান বন্ধ কৰা হয় তেন্তে বিশ্বৰ লাখ লাখ লোক এইডছত আক্ৰান্ত হৈ মৃত্যুবৰণ কৰিব পাৰে। আমেৰিকাৰ সংস্থাটোও বিষয়টো সম্পৰ্কে অৱগত। সংস্থাটোৰ মুৰব্বী উইনি বানিমাই এএফপিক কয়, “অনুদান অবিহনে মানুহৰ মৃত্যু হ’ব পাৰে।”
আনহাতে, সমগ্ৰ বিশ্বতে এইডছ নিৰাময়ৰ বাবে কাম কৰা এটা সংগঠনে কৈছে যে প্ৰায় ২০ নিযুত এইডছ ৰোগী আমেৰিকাৰ অনুদানৰ পৰা লাভান্বিত হৈছে।
দুই নিযুত লোকক সহায় কৰা হৈছে। যদি দান বন্ধ হয় তেন্তে পৰৱৰ্তী পাঁচ বছৰত ৬ মিলিয়নতকৈও অধিক লোক এইডছত আক্ৰান্ত হৈ মৃত্যুবৰণ কৰিব বুলি আশংকা কৰা হৈছে। অৱশ্যে ট্ৰাম্প প্ৰশাসনে কৈছে যে তেওঁলোকে কিছুমান জীৱনদায়িনী ঔষধ দান কৰাটো বন্ধ কৰা নাই। অৱশ্যে আফ্ৰিকাৰ স্বাস্থ্য কৰ্মীসকলে দাবী কৰে যে তেওঁলোক ইতিমধ্যে বিভিন্ন লাভালাভৰ পৰা বঞ্চিত হৈছে।