সৰ্বভাৰতীয় পৰ্য্যায়ত পুনৰ জিলিকিছে আন এগৰাকী বোকাখাতৰ জীয়ৰী।
কলকতাস্থিত ব্ৰেইনৱেৰ বিশ্ববিদ্যালয়ৰ কম্পিউটাৰ ইঞ্জিনিয়াৰিং বিভাগৰ ষষ্ঠ ষাণ্মাসিকৰ ছাত্ৰী বোকাখাতৰ ৰজাবাৰীৰ ঈপ্সিতা তনয়া ফুকন আৰু তেওঁৰ দলৰ সহযোগী হীৰক গাংগুলীয়ে যোৱা ১৩-১৪ ফেব্ৰুৱাৰীত ৰায়পুৰস্থিত কলিঙ্গ বিশ্ববিদ্যালয়ত অনুষ্ঠিত কে ইউ হ্যাকাথন প্ৰতিযোগিতা ২০২৫ ত শীৰ্ষ স্থান লাভেৰে বিজয়ী হৈ বোকাখাতলৈ গৌৰৱ কঢ়িয়াই আনিছে।

এই প্ৰতিযোগিতাত ভাৰতৰ ১৯খন ৰাজ্যৰ ৪১টা দলে অংশগ্ৰহণ কৰিছিল।তেওঁলোকৰ প্ৰজেক্ট ‘ইকো ফ্ৰেছ হাব: স্মাৰ্ট ছেন্সৰৰ সহায়ত ফল-মূল আৰু শাক-পাচলিৰ সজীৱ পুনৰ্বিতৰণ আৰু ব্যৱহাৰ নিশ্চিতকৰণ’ (Topic-Eco Fresh Hub: Enabling Sustainable Redistribution and Utilization of Fruits and Vegetables Using Smart sensors) শীৰ্ষক বিষয়ত আধাৰিত আছিল।
ইপ্সিতা বোকাখাতৰ ৰজাবাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত কৰ্মৰত অনুপ ফুকন আৰু বোকাখাতৰ লখৌজানস্থিত নুমলীগড় চিনিয়ৰ চেকেণ্ডেৰী স্কুলৰ অসমীয়া বিভাগৰ বিষয় শিক্ষয়িত্ৰী তথা বিশিষ্ট কবি-লেখিকা ঊষাজোন ফুকনৰ প্ৰথম সন্তান তথা একমাত্ৰ জীয়ৰী।
ইপ্সিতাৰ সফলতাৰ বাবে বোকাখাত অঞ্চলৰ বিভিন্ন দল-সংগঠন, ব্যক্তিয়ে ইপ্সিতালৈ অভিনন্দন আৰু শুভকামনা জ্ঞাপন কৰিছে।