পবিত্ৰ স্নানৰ বাবে মহাকুম্ভলৈ যোৱাৰ পথত পুনৰ এখন গাড়ী দুৰ্ঘটনাগ্ৰস্ত (Mahakumbh Accident) হৈছে। এখন চাৰিচকীয়া বাহনৰ সৈতে বাছৰ সংঘৰ্ষত ১০ জন লোকৰ মৃত্যু হয়। এই আটাইকেইজন লোক চাৰিচকীয়া বাহনখনত আছিল।

আনহাতে, দুৰ্ঘটনাটোত আহত হয় আন ১৯জন লোক। ইতিমধ্যে উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে ঘটনাস্থলীলৈ বিষয়াৰ এটা দলক প্ৰেৰণ কৰিছে। তেওঁ আহতসকলৰ শীঘ্ৰে চিকিৎসাৰো নিৰ্দেশ দিয়ে।
শুকুৰবাৰে মাজনিশা সংঘটিত হয় এই দুৰ্ঘটনা। চাৰিচকীয়া বাহনখন হৈছে বলেৰো আৰু তাত থকা লোককেইজন ছত্তীশগড়ৰ বাসিন্দা বুলি জানিব পৰা গৈছে।
উত্তৰ প্ৰদেশৰ ত্ৰিবেণী সংগমত পবিত্ৰ স্নান কৰিবলৈ বাহনখন মহাকুম্ভলৈ ৰাওনা হৈছিল। আনহাতে, বাছখনতো তীৰ্থযাত্ৰী আছিল। পৱিত্ৰ স্নানৰ অন্তত বাছখন কুম্ভৰ পৰা অহা তীৰ্থযাত্ৰীৰ সৈতে মধ্যপ্ৰদেশৰ ৰাজগড়লৈ গৈ আছিল। বাছখনত থকা যাত্ৰীসকলো আহত হয়। ১৯ জন লোকক ৰামনগৰ চিকিৎসালয়ত ভৰ্তি কৰা হৈছে।
মিৰ্জাপুৰ-প্ৰয়াগৰাজ ৰাষ্ট্ৰীয় ঘাইপথ অতিক্ৰম কৰাৰ সময়তে বাছখনৰ সৈতে বলেৰোখনৰ মুখামুখি সংঘৰ্ষ হয়। স্থানীয় লোকে দুৰ্ঘটনাস্থলীলৈ গৈ উদ্ধাৰৰ কাম আৰম্ভ কৰে। পিছত আৰক্ষী আৰু দুৰ্যোগ সঁহাৰি বাহিনীও উপস্থিত হয়। এই দুৰ্ঘটনা কেনেকৈ সংঘটিত হ’ল সেয়া এতিয়াও স্পষ্ট হোৱা নাই।
আনহাতে, এই দুৰ্ঘটনাত মৃত্যু হোৱা লোকসকলৰ পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰে মুখ্যমন্ত্ৰী আদিত্যনাথে। আহতসকলৰ আশু আৰোগ্য কামনা কৰে। লগতে আহতসকলৰ চিকিৎসাত যাতে কোনো ত্ৰুটি নাথাকে তাৰ প্ৰতি লক্ষ্য ৰাখি সংশ্লিষ্ট বিষয়াসকলক নিৰ্দেশ দিয়ে।