পঞ্জাৱৰ অমৃতসৰত শনিবাৰে অবৈধ ভাৰতীয় বাসিন্দাৰ সৈতে অৱতৰণ কৰিব দ্বিতীয়খন আমেৰিকাৰ বিমানে (US Illegal Migrants)। আমেৰিকাই এই বিমানত ১১৯ জন অবৈধ অনুপ্ৰৱেশকাৰীক ঘূৰাই পঠিয়াইছে।

প্ৰথম পৰ্যায়ত দেশখনে ১০৪ জন লোকক ঘূৰাই পঠিয়াইছিল। কিন্তু পঞ্জাৱৰ মুখ্যমন্ত্ৰী ভাগৱত মানে দেশৰ ৰাজধানী দিল্লীত অৱতৰণৰ পৰিৱৰ্তে পঞ্জাৱত কিয় অবৈধ বাসিন্দাৰ বিমান অৱতৰণ কৰা হৈছে বুলি প্ৰশ্ন উত্থাপন কৰে।
তেওঁ অভিযোগ কৰে যে সমগ্ৰ দেশৰ সন্মুখত পঞ্জাবক তুচ্ছ-তাচ্ছিল্য কৰাৰ উদ্দেশ্যৰে অমৃতসৰত আমেৰিকাৰ বিমান অৱতৰণ কৰা হৈছে। এই ক্ষেত্ৰত তেওঁ কেন্দ্ৰীয় চৰকাৰক লক্ষ্য কৰি লয়। কিন্তু একে সময়তে তেওঁ কয় যে তেওঁৰ প্ৰশাসনে আমেৰিকাৰ পৰা ঘূৰি অহা অবৈধ বাসিন্দাসকলক যিমান পাৰি সহায় কৰিব।
শনিবাৰে নিশা প্ৰায় ১০ বজাত অমৃতসৰ বিমানবন্দৰত অৱতৰণ কৰাৰ কথা আছে আমেৰিকান বিমানখন। তাত থকা ১১৯ জন অবৈধ বাসিন্দাৰ ভিতৰত ৬৭ জন পঞ্জাৱৰ বাসিন্দা।
আহাতে, ৩৩ জন হাৰিয়ানাৰ, গুজৰাটৰ ৮ জন, উত্তৰ প্ৰদেশৰ ৩ জন, গোৱা, মহাৰাষ্ট্ৰ আৰু ৰাজস্থানৰ ২ জনকৈ, হিমাচল প্ৰদেশ আৰু জম্মু-কাশ্মীৰৰ এজনকৈ লোকক উভতাই পঠিয়াইছে। তৃতীয় পৰ্যায়ৰ অবৈধ বাসিন্দা থকা আন এখন বিমান এই সপ্তাহতে ভাৰতত উপস্থিত হোৱাৰ কথা। অৱশ্যে তৃতীয় পৰ্যায়ৰ বিমানখনৰ অৱতৰণৰ তাৰিখ বা বিমানখনত কিমানজন লোক আছে সেই বিষয়ে আমেৰিকাই এতিয়াও ঘোষণা কৰা নাই।
ইফালে পঞ্জাৱৰ মুখ্যমন্ত্ৰী মানে কয়, “অবৈধ লোকক অনা আমেৰিকাৰ পৰা অহা বিমানখন কিয় কেৱল পঞ্জাৱত অৱতৰণ কৰা হয়? দেশৰ ৰাজধানী দিল্লীলৈ কিয় যোৱা নাই আমেৰিকাৰ বিমানখন? আচলতে ই এক ষড়যন্ত্ৰ। সমগ্ৰ দেশৰ সন্মুখত পঞ্জাব আৰু পাঞ্জাবীক তুচ্ছ-তাচ্ছিল্য কৰাৰ এক ষড়যন্ত্ৰ। কেৱল পঞ্জাৱৰ মানুহেই অবৈধভাৱে আমেৰিকালৈ যায়, এইটো বুজাব বিচাৰিছে।”
মানে কয় যে অবৈধ বাসিন্দাক দিল্লী বা আহমেদাবাদলৈ প্ৰেৰণ কৰিব লাগে। তাৰ পৰাই পঞ্জাৱ চৰকাৰে পঞ্জাৱীসকলক সন্মানেৰে ৰাজ্যলৈ আনিব। তেওঁ কয়, “অবৈধ অনুপ্ৰৱেশ কেৱল পঞ্জাৱৰ সমস্যা নহয়, এই সমস্যা সমগ্ৰ দেশৰ।”