শেহতীয়াভাৱে সাংসদ গৌৰৱ গগৈ (MP Gaurav Gogoi) আৰু তেওঁৰ পত্নী এলিজাবেথ ক’লবাৰ্ণ (Wife Elizabeth Colburn)ৰ আই এছ আইৰ লগত সংযোগ (Connection to ISI) থকা সন্দৰ্ভত এক অভিযোগ উত্থাপিত হৈছে। এই অভিযোগ উত্থাপন কৰিছে খোদ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা আৰু বিজেপিৰ নেতা- কৰ্মীসকলে। ইয়াকে লৈ আজি তিনিদিন ধৰি সামাজিক মাধ্যমত অভিযোগ-প্ৰতি অভিযোগ আৰু ক্ৰিয়া-প্ৰতিক্ৰিয়া চলি আছে।

তাৰ মাজতে শুকুৰবাৰে গৌৰৱ গগৈয়ে কয় যে বিজেপিয়ে তেওঁক আৰু তেওঁৰ পৰিয়ালক বদনাম কৰিবলৈ চৰম পদক্ষেপ লৈছে। সেয়ে তেওঁ আইনী ব্যৱস্থা গ্ৰহণৰ সিদ্ধান্ত (Decision to take legal action) গ্ৰহণ কৰিছে।
ইফালে গৌৰৱ গগৈৰ এই মন্তব্য প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। পোন প্ৰথমবাৰৰ বাবে সংবাদ মাধ্যমৰ আগত মুখ্যমন্ত্ৰীয়ে কয় যে গোচৰ দিয়া-নিদিয়াটো বেলেগ কথা। কিন্তু আমি কেইটামান কথা স্পষ্টভাৱে জানিব লাগে। তেওঁ কয় যে সাংসদগৰাকীৰ পত্নীয়ে পাকিস্তানত কাম কৰাটো সঁচা নে মিছা। তেওঁ ভাৰতীয় নাগৰিকত্ব লৈছে নে নাই। সাংসদগৰাকীয়ে পাকিস্তান ভ্ৰমণ কৰিছিল নেকি। পাকিস্তানৰ ৰাষ্ট্ৰদূতক সাক্ষাৎ কৰোতে ভাৰতৰ বৈদেশিক পৰিক্ৰমা বিভাগৰ অনুমতি লৈছিল নে নাই আদি কেইবাটাও কথা উল্লেখ কৰে।