কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ৰ (Union Ministry of Health and Family Welfare) শেহতীয়া এক সমীক্ষাত (In a survey) এক আচৰিত ধৰণৰ পৰিসংখ্যা প্ৰকাশ পাইছে। সমীক্ষাত প্ৰকাশিত পৰিসংখ্যা অনুসৰি, অসমৰ মহিলাই (Women of Assam) সৰ্বাধিক সুৰাপান কৰে (Drinks most alcohol)। ভাৰতত ১৫-৪৯ বছৰ বয়সৰ মহিলাৰ ৰাষ্ট্ৰীয় গড় মদ্যপানৰ হাৰ ১.২ শতাংশ। আহাতে, অসমৰ ক্ষেত্ৰত মহিলাৰ সুৰাপানৰ হাৰ ১৬.৫ শতাংশ (Rate is 16.5 per cent)। ইয়াৰ পিছতে থকা মেঘালয়ৰ ১৫-৪৯ বছৰ বয়সৰ মহিলাৰ মাজত সুৰাপানৰ হাৰ ৮.৭ শতাংশ। অৱশ্যে অসমতকৈ কম হ’লেও এই সংখ্যা ৰাষ্ট্ৰীয় গড়তকৈ যথেষ্ট বেছি। এই তালিকাত তৃতীয় স্থানত আছে অৰুণাচল প্ৰদেশ। কিন্তু বিগত বছৰৰ তুলনাত ৰাজ্যখনৰ মহিলাসকলৰ মাজত সুৰাপান হ্ৰাস পাইছে। অৰুণাচল প্ৰদেশত ১৫-৪৯ বছৰ বয়সৰ ৩.৩ শতাংশ মহিলাই সুৰাপান কৰে।

আনহাতে, অৰুণাচল প্ৰদেশৰ পুৰুষসকলৰ সুৰাপানৰ হাৰ দেশৰ ভিতৰতে সৰ্বাধিক। উত্তৰ-পূব ভাৰতৰ এই সৰু ৰাজ্যখনত ১৫-৪৯ বছৰ বয়সৰ পুৰুষৰ মাজত সুৰাপানৰ হাৰ ৫৯ শতাংশ। মহিলা সুৰাপানৰ ক্ষেত্ৰত অৰুণাচল প্ৰদেশৰ পিছত ছিকিম আৰু ছত্তীশগড়ৰ স্থান ক্ৰমে চতুৰ্থ আৰু পঞ্চমত। ছিকিমত ১৫-৪৯ বছৰ বয়সৰ মহিলাৰ মাজত সুৰাপানৰ হাৰ ০.৩ শতাংশৰ বিপৰীতে ছত্তীশগড়ত একে বয়সৰ ০.২ শতাংশ মহিলাই সুৰাপান কৰে। ঝাৰখণ্ড আৰু ত্ৰিপুৰাত ইয়াৰ পূৰ্বে ক্ৰমে ৯.৯ শতাংশ আৰু ৯.৬ শতাংশ মহিলাই সুৰাপান কৰিছিল, যিটো যথেষ্ট হ্ৰাস পাইছে। বৰ্তমানৰ পৰিসংখ্যা অনুসৰি ঝাৰখণ্ডত ০.৩ শতাংশ মহিলা আৰু ত্ৰিপুৰাত ০.৮ শতাংশ মহিলাই সুৰাপান কৰে।
আশ্চৰ্যজনকভাৱে দিল্লী, মহাৰাষ্ট্ৰ, কৰ্ণাটকৰ দৰে মেট্ৰ’ভিত্তিক ৰাজ্যসমূহ বৃহৎ কৰ্প’ৰেট বিনিয়োগৰ বাবে পৰিচিত যদিও সমীক্ষাত প্ৰকাশিত তালিকাত ৰাজ্যকেইখনৰ এখনেও স্থান পোৱা নাই।