প্ৰয়াগৰাজত চলি থকা মহাকুম্ভত অগণন ভক্তৰ ভিৰ। প্ৰতিদিনে বৃদ্ধি পাইছে পবিত্ৰ স্নানৰ সংখ্যা। ইতিমধ্যে ৪২ কোটি ভক্তই প্ৰয়াগৰাজৰ মহাকুম্ভত (Mahakumbh) পবিত্ৰ স্নান কৰে।এই সংখ্যা আৰু বৃদ্ধি পাব বুলি কৰ্তৃপক্ষই অনুমান কৰিছে। ফলত এই মহাকুম্ভই বিশ্বত এক নতুন অভিলেখ সৃষ্টি কৰিবলৈ ওলাইছে।

ত্ৰিবেণী সংগমত প্ৰতিদিনে লাখ লাখ ভক্তই পবিত্ৰ স্নান কৰিছে। ইফালে গংগা, যমুনা, সৰস্বতীৰ সংগমস্থলীত উপস্থিত জনসমাগম দেখি প্ৰশাসনৰ বিষয়াসকলো আচৰিত হৈ পৰিছে। এক বিবৃতি অনুসৰি, মহাকুম্ভত ভিৰ কৰা ভক্তৰ সংখ্যা আমেৰিকা আৰু কানাডাৰ মুঠ জনসংখ্যাৰ সমান।
আনহাতে, মহাকুম্ভলৈ আৰু কেইটামানদিন বাকী আছে।ফলত এই সংখ্যাই ৫০ কোটি অতিক্ৰম কৰিব বুলি আশা কৰা হৈছে। উল্লেখযোগ্য যে প্ৰতি ১২ বছৰৰ মূৰে মূৰে মহাকুম্ভৰ আয়োজন কৰা হয়। দূৰ দূৰণিৰ পৰা ভক্তসকল আহি মহাকুম্ভত পবিত্ৰ স্নান কৰে।
ইয়াত জাতি-ধৰ্মৰো কোনো কথা নাথাকে। কুম্ভমেলাই যিদৰে সকলোকে আঁকোৱালি লৈছে, তাত প্ৰশাসনৰ কাম-কাজৰ শলাগ নোলোৱাকৈও থাকিব নোৱাৰি। বিশ্বৰ সকলো বিখ্যাত মেলাৰ ভিতৰত মহাকুম্ভই এক বিশেষ স্থান লাভ কৰিছে। কিন্তু এইবাৰ মহাকুম্ভ মেলাই সৃষ্টি কৰা অভিলেখে আন সকলো অভিলেখক অতিক্ৰম কৰিব।
উল্লেখযোগ্য যে ইৰাকত আৰবা নামৰ এখন মেলা অনুষ্ঠিত হয়। তাত বহু মানুহ গোট খায়। প্ৰতি ২০ বছৰৰ মূৰে মূৰে ইয়াৰ আয়োজন কৰা হয়। এই অভিলেখকো প্ৰত্যাহ্বান জনাইছে মহাকুম্ভ মেলাই। ২০১৫ চনত পোপ ফ্ৰান্সিছে ফিলিপাইনছত এখন মেলাৰ আয়োজন কৰিছিল।
তাত ৬ মিলিয়ন লোক উপস্থিত হৈছিল।অৱশ্যে এই মেলাখনকো অতিক্ৰম কৰিছে মহাকুম্ভ মেলাই। আনহাতে, প্ৰতি বছৰে মক্কাত হজ অনুষ্ঠিত হয়। অৱশ্যে এইবাৰৰ মহাকুম্ভ মেলাই তাতকৈয়ো নতুন অভিলেখ সৃষ্টি কৰিছে। সেয়ে এইবাৰৰ মহাকুম্ভই সমগ্ৰ বিশ্বতে বিশেষ দৃষ্টি আকৰ্ষণ কৰিছে।