প্ৰায় ৪০০ হিন্দু আৰু শিখৰ চিতাভস্ম লৈ প্ৰয়াগৰাজৰ মহাকুম্ভলৈ আহিল পাকিস্তানী নাগৰিক ৰামনাথ মিশ্ৰ (Ramnath Mishra) । চলিত মাহৰ শেষত প্ৰায় ৯ বছৰৰ মূৰত হৰিদ্বাৰৰ সতীঘাটত তেওঁৰ উদ্যোগত চিতাভস্ম বিসৰ্জন দিয়া হ’ব।

সংবাদ মাধ্যমৰ সূত্ৰ অনুসৰি, ৰামনাথ মিশ্ৰ পাকিস্তানৰ কৰাচীৰ বাসিন্দা। বিগত ১৫০০ বছৰে বংশানুক্ৰমিক তেওঁলোকৰ পৰিয়ালটোৱে কৰাচীৰ পঞ্চমুখী হনুমান মন্দিৰ আৰু শ্মশানত পুৰোহিত হিচাপে কাৰ্যনিৰ্বাহ কৰি আহিছে।
ৰামনাথ নিজেও ইয়াৰ ব্যতিক্ৰম নহয়। বৰ্তমান তেওঁ নিজৰ পৰিয়ালৰ সৈতে মহাকুম্ভ মেলাৰ ২৪ নং ছেক্টৰত আছে। তাতে পুৰোহিতগৰাকীয়ে স্বামী অধ্যাক্ষজনন্দক ন বছৰীয়া পুত্ৰৰ উপনয়নো কৰিছিল। সংবাদ মাধ্যমৰ আগত ৰামনাথে কয় যে তেওঁ পাকিস্তানৰ পৰা ভাৰতলৈ প্ৰায় ৪০০ কলহ চিতাভস্ম আনিছে।
এই সকলোবোৰ হিন্দু আৰু শিখৰ। অহা ২১ ফেব্ৰুৱাৰীত তেওঁ ত্ৰিবেণী সংগমৰ পবিত্ৰ জল লৈ দিল্লীলৈ ৰাওনা হ’ব। তাত থকা নিগম ঘাটত চিতাভস্মৰ কলহ পূজাৰ অন্তত ২২ ফেব্ৰুৱাৰীত শোভাযাত্ৰা কৰি হৰিদ্বাৰলৈ লৈ যোৱা হ’ব। হৰিদ্বাৰৰ পবিত্ৰ সতীঘাটত বিসৰ্জন দিয়া হ’ব এই ভস্ম।
উল্লেখযোগ্য যে পত্নী, পুত্ৰ, দুগৰাকী কন্যা আৰু ভতিজাকক লৈ ৰামনাথ ভাৰতলৈ আহিছে। তেওঁলোকে কয় যে কৰাচীৰ পঞ্চমুখী হনুমান মন্দিৰ ১৫০০ বছৰতকৈও অধিক পুৰণি। সেই সময়ৰ পৰাই ৰামনাথৰ পূৰ্বপুৰুষসকলে বংশগতভাৱে মন্দিৰৰ প্ৰধান পুৰোহিতৰ পদত অধিষ্ঠিত হৈ আহিছে। এই মন্দিৰটো পূৰ্বতে এসময়ত দখল কৰা হৈছিল। পিছত বহু চেষ্টাৰ অন্তত ৰামনাথৰ পৰিয়ালটোৱে পুনৰ লাভ কৰে।
কিন্তু পুৰোহিতৰ পদ ত্যাগ কৰা নাছিল। কেইবছৰমানৰ আগতে মন্দিৰৰ লগতে শ্মশানখনো সংস্কাৰ কৰা হৈছিল। মৃতকৰ ভস্ম সংগ্ৰহৰ বাবেও এটা ঘৰ নিৰ্মাণ কৰা হৈছে। ৰামনাথে প্ৰায় ন বছৰ ধৰি তাতেই ৰাখিছিল ভস্মৰ কলহ। আনহাতে, ভাৰতলৈ আহিবলৈ ভিছা পোৱাৰ লগে লগে হৰিদ্বাৰৰ গংগাত ভস্ম বিসৰ্জনৰ সিদ্ধান্ত লয়।